Type Here to Get Search Results !

অনুভৱ সন্ধিয়াৰ বৰষুণজাক লৈ.....!!

  মৃদুল মজিন্দাৰ বৰুৱা 


শ্চিমৰ আকাশখন গধুৰ হৈ আহোঁতে সাঁজ লাগিছিল.....!
ওৰ পৰিব লোৱা বহাগৰ সন্ধিয়াটোত..
ক'ৰপৰা জানো আহি ফাগুনী পছোৱাজাকে ধুলি সিঁচি থৈ গ'ল.....!!

বতাহজাকৰ লগে লগে একে চেৱত্ বাজি উঠিছিল মাদল.....!
সেয়া হয়টো শুকানপুখুৰী বাগানৰ বুধিয়াৰ দুহাতৰ চাব্.....!
চম্পাহঁতে ছাগে ঝুমুৰত ধৰিছে.....!!
লাল পাৰী বগা ছাৰীত বন্দী লচ্মী মোহিনীহঁতৰ যৌৱন.....!
ঘামত পাৰ্ ভাঙি শেষ নোহোৱা দিনটোত জুৰুলা সুনীল বিজয়েও সিহঁতলৈ ৰ' লাগি চায়.....!!
চম্পা ঐ..
বননিত কিন্তু বেছি ঘূৰি নানাচিবি.....!
তামবৰণীয়া পুৰঠ কলাফুলত জোকে বগালে কিন্তু ভয় নকৰিবি.....!!
ভয় কৰ জানো তহঁতি.....??
হাঁহি হাঁহি নকবি আক'..
জোকৰ লগত তহঁতৰ আজন্ম সহবাস.....!!

বৰষুণ বাঢ়ি আহিব লৈছিল আৰু বুধিয়াৰ মাদলৰ মাতটো নুশুনা হৈ পৰিল.....!!
সিও হয়টো লৰালৰিকৈ গৈ মিঠা কলহৰ কাষ পালে.....!!

শেষত..
বৰষুণজাকে ধুমুহাৰ নাম ল'লে.....!!

আহিল ধুমুহাজাক আহি গুছিও গ'ল.....!!
এতিয়া চৌপাশ নিৰৱ নিস্তব্ধ.....!!
খিৰিকীখন খুলি দিলো.....!
মলয়াজাক লাহেকৈ এতিয়াও বৈ আছে.....!!
নাৰিকল গছৰ পাতৰ ফাঁকেৰে স্ট্ৰীট লাইটত জিলিকি আছে সদ্যস্নাতা ৰাস্তাটো.....!!
মলয়াজাকে মোকো চুই গ'ল.....!!
এটা দীঘলীয়া নিশ্বাসত ওলাই যোৱা চিগাৰেটটোৰ অনুভৱখিনি কুণ্ডলী পকাই..
মিলি গ'ল আন্ধাৰৰ লগত.....!!
দুচকু জপাই মন খুলি বহাগৰ সেমেকা মলয়াজাক আঁকোৱালি ল'লো.....!!
দূৰৈৰ ক'ৰবাৰ পৰা এতিয়াও কোনোবা দৰদীৰ চিফুঙেদি..
এফাঁকি ঐনিতমৰ সুৰ ভাঁহি আহিল.....!