Type Here to Get Search Results !

অহঙ্কাৰে বিপদ মাতে

 অৰুণ দুৱৰা

     ধৈৰ্য্যৰ এটা সীমা থাকে।কিন্তু সিদিনা নিৰঞ্জন গাঁও বুঢ়াৰ ধৈৰ্য্যৰ বান্ধ ছিগি গ'ল।তেওঁৰ তিনিটা সন্তানৰ সৰুটো অৰ্থাৎ মধুসূদন বৰ মেজাজী আৰু উচ্ছৃঙ্খল আছিল ।সকলোৰে অবাধ্য সি দেউতাকৰ মূৰ-কামোৰণি আছিল ।দেউতাক সহায় কৰা বাদেই কথাই প্ৰতি ব্যতিব্যস্ত কৰি ঘৰৰ অশান্তিৰ কাৰণ হৈছিল ।খঙতে দেউতাকে সিদিনা ঘৰৰ পৰা বাহিৰ কৰি দিয়াত মধুসূদন এদিন ৰেলত উঠি সূদূৰ কেৰেলা পাইছিল।দুদিনমান তাৰ গাঁৱৰ বন্ধুৰ লগত থাকি ত্ৰিবান্দ্ৰমৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছিল ।ভাগ্য ভাল আছিল সি যেনে তেনে মেট্ৰিকৰ ডেওনা পাৰ হৈ আছিল ।সেই সুবিধাতে বন্ধুৰ সহযোগত সি এটা ফেক্টৰীত সৰু চাকৰি এটা পাইছিল ।দৰমহা ভাল নহলেও বৰ বেয়াও নাছিল বাবে চলা ফুৰা কৰাত অসুবিধা হোৱা নাছিল ।উপাৰ্জনৰ কিছু পইছা সাঁচিব পাৰিছিল ।ঘৰৰ পৰাও পৰিয়ালে তাৰ খবৰ লোৱাৰ প্ৰয়োজন নাছিল ।তাতে ত্যজ্য সি।সেয়ে খঙতে সি বহু দিন ঘৰৰ খবৰ লোৱা নাছিল বা ঘৰলৈ অহা নাছিল ।সময়বোৰ এদিন দুদিনকৈ কেইবাটাও বছৰ পাৰ হোৱাৰ পিছত তাৰ গাঁৱৰ ঘৰ খনলৈ আহিবলৈ মন বৰ ব্যগ্ৰ হৈ পৰিল ।আগতে দেউতাকে তাৰ স্বভাৱৰ বাবে কথাই কথাই ঠেক দিছিল আৰু দেউতাকৰ পকেটৰ পইচা ফাঁক মৰাৰ বাদে তাৰ পকেট সদায় খালি হৈ ৰৈছিল ।কিন্তু কেইবাটাও বছৰ সঞ্চয় কৰা ধনত তাৰ পকেট এতিয়া গৰম ।গাঁৱত গলে দুদিনমান আনন্দ উল্লাসত বন্ধু বৰ্গৰ লগত সময় পাৰ কৰিব পাৰিব।কথাবোৰ ভাবি তাৰ মন পুলকত নাচি উঠিল ।
    সুদীৰ্ঘ ছয় বছৰৰ পিছত সি ৰেলৰে ঘৰলৈ আহিল ।ষ্টেছনৰ পৰা ঘৰলৈ প্ৰায়ে এক মাইল বাট।খোজৰে যাওঁতে ৰুক্ষ বগা চুলিয়া ,খোজৰ থৰ নথকা,মলিয়ন গেঞ্জী আৰু মুখৰে চুৰটৰ ধোঁৱা উলিয়াই যোৱা মানুহ এজন আহি থকা দেখা পালে।বিস্ময় ভৰা এটা হাঁহি মাৰি মানুহজনে কিবা এটা কোৱাৰ আগতে মধুসূদনে মনত ভাবিলে- বাহ! মোক দেখি সি হয়তো আচৰিত হৈছে ।মই এতিয়া গাৱঁলীয়া মধুসূদন নহয়, মই বাহিৰত মানে ত্ৰিবান্দ্ৰমত চাকৰি কৰা মৰ্য্যদা সম্পৰ্ণ ব্যক্তিত্বৰ মানুহ ।সেয়ে সি হতবাক হৈ মোক অভিবাদন জনাবলৈ ৰৈছে।
     ৰজনী দোকানীৰ দোকানৰ সমুখত ঘটনাটো ঘটিছিল ।ৰজনীয়ে মধুসূদনক দেখি চিনি পাই কলে - মধুসূদন ভাই,আতৰি দে।সি মানসিক ৰোগী ।তোৰ লগৰীয়া, কিন্তু সি এতিয়া কাকো ভালদৰে চিনি নাপায় ।হঠাতে সি এতিয়া যাকে তাকে আক্ৰমণ কৰে,তোমাক সি বেয়া ব্যবহাৰ কৰিব ।
     মধুসূদনে ৰজনীৰ কথালৈ কৰ্ণপাত নকৰি মাথো মনতে ভাবিলে-এই থৰ কাছুটি নথকা জধলাটোৱে মোক কি অপকাৰ কৰিব পাৰে?মধুসূদন মানসিক ভাৱে অশান্ত জধলা মানুহ জনৰ মুখামুখি হ'ল।তাৰ সমুখত ঠিয় হৈ মুখৰ ভিতৰত ভোৰভোৰালে-জধলা হলেও ইহঁতে মানুহ দেখিলে মানুহক চিনি পায় ।মোৰ গণ্য মান্য চেহেৰা দেখি কিবা এটা পোৱাৰ আশাত ভালৰি লগাব।কথাটো ভাবি নৌ হওঁতেই তাৰ কান্ধত ওলমি থকা ভি আই পি বেগটো টানি আঁজোৰি লৈ দৌৰ মাৰিল।তাক দেখি ৰজনী দোকানীয়ে সহায় কৰিবলৈ দৌৰি আহি কলে-মই তোমাক কোৱা নাছিলো সি মানসিক ভাৰসাম্যহীন মানুহ ।দৌৰি আহা মোৰ লগত, যেনে তেনে বেগটো উদ্ধাৰ কৰিব লাগে ।
    মধুসূদন তাৰ পিছে পিছে, সি আগে আগে ।দৌৰি যোৱা জধলাটোৱে কি কথা ভাবি এটা সময়ত ৰৈ দিলে আৰু বি- বি- বা- বাকৈ হাঁহিব লাগিল ।ৰজনীয়ে দৌৰি আগবাঢ়ি আহি তাক আগচি ধৰিলত সি ভেঙুচালিৰে বেগটো আঁজোৰি আঁজোৰি ফালি নৰ্দমাৰ গেলা বোকা পানীত পেলাই দিলে ।
     আক্ৰমণাত্মক হোৱাত মধুসূদনে ধৰিও তাক এৰিব লগীয়া পৰিস্থিতি হ'ল।সুবিধা পাই কামটো কৰি সি খৰ খোজৰে তাৰ পৰা আতৰি গ'ল।
    ৰজনীয়ে হাঁকুটী লগাই নৰ্দমাৰ পৰা ফটা বেগটো উদ্ধাৰ কৰি কাষলৈ আনিল ।মধুসূদনে ব্যগ্ৰৰে বেগটোৰ বস্তুবোৰ চাই দেখিলে যে সকলোবোৰ বস্তু বোকা পানীত নষ্ট হ'ল।দুখত ভাগি পৰি সি হুমুনিয়াহ মাৰি কলে-দাইতি তুমি ঠিকেই কৈছিলা ।মই তোমাৰ কথা নুশুনি ভুল কৰিলোঁ ।ভাবিছিলো সি মোৰ বন্ধু বাবে মোৰ কুশল বাৰ্তা সুধি প্ৰশংসা কৰিব ।মই ত্ৰিবান্দ্ৰমত পৰা চাকৰি কৰি আহিছোঁ বুলি মইবৰ ভাব অহঙ্কাৰ এটাই মনত ক্ৰিয়া কৰি আছিল ।সেই অহঙ্কাৰে অজানিতে এতিয়া মোক এটা শিক্ষা দিলে ।মইবৰ ভাবটোৱে তোমাৰ কথাটোকে মই অবজ্ঞা কৰাৰ ফল পালো।
    হব দিয়া, এতিয়া ঘৰলৈ যোৱা ।মনত ৰাখিবা-মইবৰ ভাব আৰু অহংকাৰে সততে বিপদ মাতে।কথাটো কৈ ৰজনী নিজৰ দোকানলৈ খোজ ললে ।