পল্লৱ বৰুৱা দেওমৰণৈ,দৰং
কোৱা হয় মৃত্যু এক শিল্প
কিন্তু কোনে বুজিব
মৃত্যুৰ সেই নিদাৰুণ আঘাত
আপোনজনক হেৰুৱাই
যিয়ে কলিজাত বহুৱাই লয়
বিষাদৰ পাষাণ
সোণোৱালী ভৱিষ্যতৰ সপোন দেখুৱাই
অকালতে গুছি যোৱাজনৰ
বুকুত জানো চাব পাৰি
শিল্পকলাৰ সেই নিৰ্মম জয়গান..!
মৃত্যু
জীৱনৰ কঠিন শিলত খোদিত ভাস্কৰ্য
কিন্তু সাহস আছে কাৰ
সেই ভাস্কৰ্যৰ সুধা কৰিব'লে পান
যিয়ে কোঁচত নৱজাতকক অমৃত পিয়াই
নিজেই গায় মৃত্যুৰ হিমচেঁচাঁ গান....
মানি ল'লো হয়
মৃত্যুত শিল্পৰ চমৎকাৰীত্ব
যদিহে বৃদ্ধ পিতৃ মাতৃৰ চকুৰ আগতেই
গুছি যোৱা সন্তানৰ শোকে
দহি শেষ কৰিলেহেঁতেন
জন্মদাতাৰ হৃদয়ৰ একাকীকত্ব
মৃত্যু
তোমাক শিল্প বুলি কৈ
লভিব নোৱাৰোঁ যে
আমি সান্ত্বনাৰ ছায়াচিত্ৰ
তুলিকাৰে আকি লৈ
তোমাক কৰিবও নোৱাৰোঁ
কোনোকালে বিভূষিত
কাৰণ ...
মায়াৰ পৃথিৱীত
আমি সকলোৱেই
চেনেহৰ জৰীৰে আবৃত.!
মানি লৈছোঁ
জ্ঞান বুদ্ধিৰ পৃথিৱীত
আমি হয়তো সিদ্ধহস্ত
কিন্তু....
মৃত্যুক শিল্পৰ শোভাৰে
অলংকৃত কৰিবলৈ
আমি যে কোনোদিনেই হৈ নুঠিম
স্থিতপ্ৰজ্ঞ স্থিতপ্ৰজ্ঞ.....!!
(সকলো মৃত্যুকে দেখোন শিল্পৰ দৃষ্টিৰে চাবলৈ সাহসেই গোটাব নোৱাৰিলোঁ জীৱনত৷প্ৰিয় কবি হীৰুদালৈ ক্ষমা প্ৰাৰ্থনাৰে......)