Type Here to Get Search Results !

অগ্নিৰ অন্য এক অধ্যায়--উপন্যাসিকা

 মাইনী চমুৱা

সহকাৰী অধ্যাপিকা
বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়,ধেমাজি
ফোন ৯৩৬৫৪৩৭১৩৬


                      ( এক)

    ‌         বাহিৰত ঘোপ পৰা আন্ধাৰ।চৌদিশে গৰুৰ‌ হেম্বেলনি। ভেকুলীৰ টোৰ টোৰণি ।কুকুৰে ভুকিছে।শিয়ালে হোৱা দিছে।ডাঠ গেজেপনি মৰা হাবিখনৰ পৰাই হোৱা দিয়া শব্দটো ভাঁহি আহিছে।
          ৰাস্তাইদি মানুহবোৰে অহৰহ অহা-যোৱা কৰিয়ে আছে।নদীৰ পানী বাঢ়িছে।মথাউৰিটোৰ দুই এঠাইত উহ দিছে।বস্তাত মাটি ভৰাই মানুহবোৰে মজুত কৰি ৰাখিছে।আজি কেইবা ঠাইটো উহ দিছে। সেয়েহে পাল পাতি সকলোৱে কালিৰেপৰা পহৰা দিছে।
        অগ্নিহঁতৰ সোণাগাছিৰ পৰা নদীলৈ দূৰত্ব দুই কিলোমিটাৰ। অঞ্চলটোৰ মানুহৰ ভেঁটিটোৰ বাদে খেতি মাটি বুলিবলৈ নাই। সেয়েহে তেওঁলোকে মথাউৰি ভাঙি পানী সোমালেহে যেন ভাল পায়।পহৰা দিবলৈ  দূৰৈৰপৰা অহা মানুহবোৰক সিঁহতে ইতিকিং কৰে।কোনোৱে আকৌ মথাউৰি ভাঙি দিয়াৰ ভাবুকি দিয়ে।
      অগ্নিয়ে কিন্তু তেনেকৈ নাভাৱে। মথাউৰি ভাঙিলে ছাবিশ,সাতাইশখন গাঁও  ডুবিব।শ শ বিঘা পথাৰ,জীৱজন্তুৰ হানি হ'ব।লাগিলে আনৰে হওঁক তথাপিও তাই এনেকুৱা চিন্তা মনলৈ আনিব নোৱাৰে।তাতে গাঁও বোৰত পানী সোমালে ওলাবলৈ ৰাস্তা নাই।কিবা চৰিয়াৰ পানীখিনিৰ দৰে বন্দী হৈ ৰয়।তাই সৰুহৈ থাকোঁতে দুবাৰ পানী সোমাইছিল। শুকাওঁতে এমাহমান লাগিল।

                      (দুই)

        দুদিনতে নৈখন পানীৰে উপচি পৰিছে। এইবাৰ জীয়াঢল আৰু ব্ৰহ্মপুত্ৰৰ পানী লগ লাগিছে।নৈ দুখনৰ মিলনক লৈ তাহানি দিনৰে গুজব বহুত আছে।
      সোণালী চাদৰখন পাৰত থৈ জীয়াঢলে গা ধুই আছিল। ব্ৰহ্মপুত্ৰই সৰকাই অনা চাদৰখন নিবলৈকে যেন বাৰে বাৰে সিহঁতৰ মিলন।
:পিতাই অ' তই ব্ৰক্ষ্মপুত্ৰৰ পানীখিনি চিনি পাইছ মানিছো, কিন্তু জীয়াঢলৰ পানীখিনি কেনেকৈ চিনিছ?
       অগ্নিৰ মাতত দেউতাকে তলৰ মূৰ ওপৰ কৰিলে
:এহ্ আকৰীজনী ।সঙ্গম স্থলীত দেখা নাই জীয়াঢলৰ পানী কিমান নিজনি ।
      যোৱা তিনিদিন ধৰি কলহৰ কাণে ঢলাদি বৰষুণ দিছে।খৰালি নৈৰ বুকুখন কোনোবা দুখিনী মাতৃৰ তৰাং বুকুখনৰ দৰেই হৈ পৰে।জীয়াঢল পাহাৰৰ পৰা বোৱাই অনা বগা বগা সৰু শিলবোৰে ইয়াৰ বুকুখন বাম কৰি পেলায়।বাৰিষা অহাৰ লগে লগে নৈৰ শান্ত বুকুখন ফেনে-ফুটুকাৰে উপচি পৰে।ওপচাই পেলায় দুয়োপাৰৰ ধাননি পথাৰ,ঘৰ-দুৱাৰ, জীৱ-জন্তু। এদিনতে নৈখন হৈ পৰে গাভৰু ছোৱালী। ইমান ছলনাময়ী!
:নৈৰ পানী বাঢ়িয়ে আছে নে দেউতা?
: পাহাৰত বৰষুণ দি থাকিলে নোফোন্দাকৈ থাকেনে।
:অ'তো
:ঘৰত চাউল-পাত কিবা আছেনে?
:নাই।থকা কেইটা মই পুৱা ৰান্ধি খালো।
          কোৱাৰ্টাৰ বটলটো দাঙি দেউতাকক উদ্দেশ্যি
:এইটো সুকুৰ আহিলে দি তাৰে চাউল আনিবি।তই‌ খাই ফিটিং নহ'বি কিন্তু।
: হ'ব দে।মিহি মাতেৰে মাতষাৰ দিলে ৰুদ্ৰই।
      
              অগ্নিৰ আচল নাম শান্তি। পিছে এইটো নামেৰে তাইক কোনেও নামাতে।অগ্নিৰ দেউতাক ৰুদ্ৰ। ৰুদ্ৰই আগতে চুলাইৰ কাৰবাৰ কৰিছিল।সিহঁতৰ সোণাগাছি অঞ্চলৰ প্ৰায়ভাগ মানুহেই দুখীয়া।কোনোৱে দিন হাজিৰা কৰি,কোনোৱে চুলাই বনায় কোনোমতে পেটে ভাতে খাই আছে।অগ্নিয়ে চুলাই বনোৱা কামত সৰুৰেপৰা দেউতাকক সহায় কৰি আহিছে। দেউতাকে বহুত দূৰলৈকে চুলাইৰ চালান দিছিল।  এতিয়া তেওঁ নোৱাৰা হৈছে।তাতে ধৰা পৰি এমাহৰ জেলৰ ভাতো খাই আহিছে।অগ্নি এইটো ব্যৱসায়ক লৈ মুঠেও সুখী নহয়। দেউতাকৰ বয়স হৈ অহাৰ লগে লগে,সমুখত নানা সংকটে দেখা দিয়ে। সেয়েহে তাই উপায়হীন হৈ পিতৃপ্ৰদত্ত বৃত্তিত হাত দিছে।
          লঞ্চু জিলাৰ কিছু দূৰত সোণাগাছি অৱস্থিত। তাতেই চুলাই বেপাৰী ৰুদ্ৰৰ ঘৰ।চুলাইৰ কাৰবাৰ কৰা ইমান সহজ নহয়।  আবকাৰী বিভাগৰ চকুত ধূলি দি পাকৈত অগ্নিয়ে ব্যৱসায়টো চলাই নিছে। আনহাতে হাই-কাজিয়া , মাৰপিট এইবোৰতো তাই সিদ্ধহস্ত। অঞ্চলটোৰ সকলোৱে তাইলৈ সমীহ কৰে।অগ্নিয়ে চুলাই সংগ্ৰহ কৰি তাই ওপৰৰ  সৌমিত্ৰ আৰু অভেদ্যক যোগান দিয়ে। সিহঁতৰ তলত কেইবাজনেও কাম কৰে।অভেদ্যই সেইখিনি বহুত দূৰ-দূৰণিলৈ চালান দিয়াৰ ক্ষেত্ৰত ৰটিফ আৰু শাম্বক দায়িত্ব দিয়ে ।মাজে মাজে  অগ্নিকো সিহঁতৰ লগত পঠায় । অগ্নিৰ যোৱাৰ দিনা সকলো সময়তে অভেদ্য আৰু সৌমিত্ৰই চিন্তামুক্ত হৈ থাকিব পাৰে।
      

                       ( তিনি)

: দেউতা, কঠীয়া দুফৰা ৰুই আহো। মই নহালৈ তই ঘৰতে থাকিবি
      কলঠৰুৱাৰ ঢাৰিখন দুৱাৰ মুখতে পাৰি দীঘল দি পৰি  থকা ৰুদ্ৰই ভোৰভোৰালে
:যিমানহে পানী বাঢ়িছে মথাউৰি ভাঙিলে কি লাভ হ'ব।অগ্নি জাঙুৰ খাই উঠিল

: লাভ-লোকচানৰ কথা মোক শিকাব নালাগে। ইমান দিনে কি কৰিছ দেখি আহিছো।
        উপায়হীন অগ্নি।চুলাই বিক্ৰী কৰি পোৱা কেইটকাই চাউল কিনিবলৈকে নাটে। সেয়েহে সনাতনৰ পৰা মাটি দুবিঘা আধিলৈ লৈছে।ভেলেউক কৈ সমা মৌয়াই ইতিমধ্যে ডেৰ বিঘা ৰুলেই।বাকী আগলৈ থকা কঠীয়া দুফৰা ৰুই নেপেলালে দীঘল গজালি মাৰিব।গজালি মৰা কঠীয়া সোনকালে সঁজাল ধৰিলেও  বোলাবলৈ বৰ বেয়া। পাৰিলে বাকী থকা ডোখৰো আজিয়েই দলমেটেকা আৰু এৰালী গুচাব ।
                       সিহঁতৰ ওচৰৰ গাঁওবোৰ গোলাবালি,বগলীজান,চিনাই,বাপৰচাং। তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দা। অগ্নিহঁতৰ সোণাগাছি অঞ্চলৰ মানুহবোৰহে অ'ৰত'ৰ পৰা অহা। তেওঁলোকৰ মাটিতে কামিলা কেইবাটাই খেতি কৰি পেটে ভাতে খাই আছে। মথাউৰি নাভাঙিলে ভাল খেতি হয়। কিন্তু তাকে নকৰি সৰহ সংখ্যকে বে- আইনীভাৱে চুলাইৰ বেপাৰ কৰে। পুলিচৰ ভয়ত চুলাই ব্যৱসায়ীয়ে দিন-ৰাতি অনিশ্চয়তাৰ মাজত জংঘলতে কটাব লাগে।
         যোৱা বছৰ বহুতৰ মাটি ৰুবলৈ  ঠিকা হিচাপত লৈছিল।নিৰ্মলা,লোপা,সোণী,থোটি আৰু তাই দিনে ডেৰবিঘাকৈ ৰুইছিল।প্ৰতি বিঘাত চাৰিশ পাইছিল। পিছে শেষত ৰোৱা মৌজাদাৰৰ সাত বিঘা মাটিখিনিতহে কেনা লাগিল।কমপ্লেনেই, কমপ্লেন।বৰ সেৰেঙাকৈ ৰুলা, কেতিয়াবা বৰ ঘন কৰি পেলালা, কেতিয়াবা বেকাকৈ ৰুলা।মানে এশ এটা অজুহাত।
:এইবাৰ ধান ভাল নহ'বই ।বিঘাই তিনিশ লোৱা।
:নাই ।যিটো ৰেট চলি আছে সেইটোৱেই ল'ম। বিঘাই প্ৰতি চাৰিশ লৈছো।
         চাৰিশ  টকা  আগবঢ়াই মৌজাদাৰে মিহিকৈ ক'লে
:এইটো ল' বাকী অহা মাহত ল'বি
মৌজাদাৰৰ সমুখতে এশকৈ চাৰিজনীক দি
: হ'ব অহা মাহত আহি আছো বুলি কোবাকুবিকৈ আটাইকেইজনী ওলাই গ'ল।
     ৰঙচুৱা ধানবোৰ ক্ৰমান্বয়ে সেউজীয়া হৈ পৰিছে।পাৱনিটো নিবলৈ সিহঁতে তাঁত- বাটি কৰিয়ে আছে। কোনোবা দিনা অগ্নিৰ লগত মৌজাদাৰৰ ওখনা-ওখনিও হৈছে।
           আজি দিম কালি দিম কৈ মৌজাদাৰে দিন পিছুৱাই আছে। উপায়হীন হৈ অগ্নিয়ে ৰুদ্ৰমূৰ্তি ধৰি সেউজীয়া পথাৰ খনত গৰু মেলি দিলে।
             অভেদ্যক চুলাইখিনি দি সন্ধিয়া তাই ঘৰমুৱা হ'ল। অঞ্চলটোত গোটেই হাই-উৰুমি ,হুলস্থূল।নিৰ্মলা,থোটি,লোপা,সোণীক পুলিচে ধৰি নিছে।অগ্নি সিহঁতৰ লীডাৰ সেয়েহে তাইক বিচাৰি ফুৰিছে।কথাটো শুনিয়েই তাই আধা বাটৰ পৰাই থানালৈ গৈছে।
:ধান যে ৰুইছিলি প্ৰমাণ ক'ত?অ'চি জনে তাইলৈ পেন্দুৱাকৈ চাই কৈছে। মৌজাদাৰে ফিচিঙাকৈ হাঁহি লে
:আৰে্ কিহৰ প্ৰমাণ লাগে। গাঁৱৰ মানুহ সকলোৱে দেখিছে
: দেখিলে নহ'ব।তোৰ কথা বিশ্বাস নাই।তই ৰুদ্ৰৰহে বেটি। বাপেৰে এতিয়া আমাৰ চকুত ধূলি মাৰিব নোৱাৰা হ'ল। এইবাৰ তই  মাৰিব আহিছ?
     এইবাৰ আৰু তাই ৰৈ থাকিব নোৱাৰিলে। মৌজাদাৰলৈ চোঁচা ল'লে। পুলিচ জনে মাজত সোমাই তাইক বাধা দিলে।অ'চিজনৰ ফালে আঙুলিয়াই , মৌজাদাৰক উদ্দেশ্যি
: আপুনি এওঁক ঘোচ দিয়া পইচা কেইটা আমাক দিয়া হ'লেই লেঠা মৰে।তাকে নকৰি.....
অ'চি জনলৈ আঙুলি টোৱাই
:আপুনি কেইটামান টকাৰ মোহত এই পোছাক যোৰত আৰু দাগ নলগাব।

        অ'চিজনে সেমেনা-সেমেনি কৰি বাকী পুলিচবোৰলৈ চালে। সকলোৱে তলমূৰ কৰি‌ আছে।গোঁ-গোঁৱাই অগ্নি ওলাই গ'ল। পিছে পিছে সিহঁতকেইজনীও।

          
                    ( চাৰি)
      নৈৰ পাৰত ইতিমধ্যে বহুত মানুহ গোট খাইছে। একেবাৰে ল'ৰাৰ পৰা বুঢ়ালৈকে।সকলোৰে দৃষ্টি ভৰা নৈখনৰ ওপৰত।তাই ধনী তাৱৈৰ ওচৰতে ৰ'লগৈ।নামটোহে ধনী,অৱস্থাতো একেবাৰে লাওলোৱা।ধনীৰ পৰিয়াল ডাঙৰ।ডাঙৰ ছোৱালী সোণী অকণমান বুজন। বাকীকেইটা পেনপেনীয়া কেঁচুৱা।তাৱৈয়ে আগতে মাছ মাৰিছিল। আজিকালি নাও চলায়। আহোম ৰাজত্ব কালত মানুহবোৰে চাৰিকড়ীয়াৰে ইপাৰ-সিপাৰ হওঁতে চাৰিটা কড়ি দিব লাগে। সেয়েহে চাৰিকড়ীয়া।      ৰংপুৰৰ পৰা ব্ৰক্ষ্মপুত্ৰইদি উজাই‌ আহি চাৰিকড়ীয়া নৈৰে ভটিয়াই আহোম ৰাজবিষয়া সকলে ঢকুৱাখনাত উপস্থিত হৈ বিস্তৃত অঞ্চলত কৰ-কাটল তুলিছিল।
          ছোৱালী বুলিবলৈ তাইহে।গজগজীয়া গাভৰু ছোৱালীজনী গোটেই মতা মানুহ গালৰ মাজত সোমাই নদীলৈ চাই আছে।নৈয়ে কঢ়িয়াই অনা খৰি দুডালমান ধৰিব পাৰিলেহে আজি তাইৰ চৌকাত জুই জ্বলিব।
     ডুবিব ধৰা বেলিৰ ৰঙচুৱা ৰংবোৰ পানীত পৰি লাহে লাহে কজলা বৰণীয়া হৈ পৰিছে।
:ঐ আহিল ,আহিল।
       ডাঙৰ কাঠ এটুকুৰা পানীত ওপঙি আহিছে।কাঠডালৰ ওপৰত পানী কাউৰী এজনী বহি কিবাকিবি খুঁটি খাইছে।সকলোৰে চকু কাঠডোখৰৰ ওপৰতে।ক্ৰমান্বয়ে ওচৰ চাপি অহা কাঠডোখৰ ধৰিবলৈ হেতা -ওপৰা লগালে।কুকিলৰ হাতৰ পৰা পিচলি যোৱা কাঠডাল তাই গবা মাৰি ধৰিলে।ছোৱালী  বুলিয়েই হয়তো কুকিলেও তাইৰপৰা আজুৰি নলৈ পাৰলৈ আনি দিয়াত সহায় কৰিলে।কুঠাখনেৰে  অগ্নিয়ে পাৰতে  দুচেও কৰি ল'লে।
         কোবাকুবিকৈ তাই খনিনৰ দোকানলৈ খোজ দিলে।আগৰ পোন্ধৰ টকাটো ধাৰ মাৰিহে আজি যি পায় তাই ঘৰলৈ নিব।
                সন্ধিয়া ঘৰ সোমাওঁতে ৰুদ্ৰ ঘৰত নাই।দুৱাৰখনো ধোবাং বাং কৈ মেলা।খুপি খুপি চাকিটোত তেল অকণ ভৰালে। জুইকুৰা জ্বলাই চাহৰ কেটলিতো উঠাই দিলে।নাল ভগা কাপটো দুহাতেৰে ধৰি ফিকা চাহত দীঘলকৈ সোহা এটা মাৰিছিলহে মাত্ৰ । তেনেতে ফোঁপাই -ফোঁপাই লোপা সোমাই আহিল।
:কি হ'ল অ' ইমান উধাতু খাই আহিছ?
:তো...তোক বিচাৰি পুলিচ আহিছে।এবাৰ ঘৰলৈ বিচাৰি আহিছিল। এতিয়া নৈৰ পাৰলৈ গৈছে।
            কঁকালত ছুৰীখন সোমোৱাই ,ঠোঙাটোত চাউলকেইটা লৈ আঠুৱনীয়া বোকাত তাই ঘন হাবিডৰালৈ খোজ দিলে।তাই ঘৰটো ছাগে বগলীজানৰ পুলিচটোৱে দেখাই দিছে।ইচ্ছা কৰিলে তাৰ ডিঙিটো তাই মুচৰি পেলাব পাৰে। কিন্তু সিহঁতৰ পোচাকযোৰৰ এটা বৰ বেলেগ জোৰ আছে।তাতে তাই ছোৱালী।মুখৰ ভিতৰতে ভোৰভোৰাই তাই নিৰ্দিষ্ট ঠাইডোখৰ পালেগৈ।ভেলেউৱে জুইকুৰা জ্বলাই মদৰ গিলানবোৰ ঠিক কৰি আছে।অকণো পলম নকৰি তাই চৰুটো জুইত বহাই দিলে।এই হাবিলৈ আহিবলৈ কাৰো সাধ্য নাই। হাবিত সোমোৱাৰ বাদেই ওচৰেদি যাবলৈও মানুহে ভয় কৰে।ওচৰৰ গাঁৱৰ মানুহৰ কিমান যে সপোন হাবিখনক লৈ।আজি বহুদিনৰ পৰা তাইৰো কাণত পৰিছে।এই হাবিত কেতিয়াবা কেতিয়াবা ধন জুই ওলায়।ৰাতি সৰুপানী চুবলৈ অহা বাপুকণে হাবিৰ মাজত জুই দেখি বেহুচ হৈ তিনিদিন হাস্পতালত আছিল।দুয়ো আলু ফালত  নিমখ জলকীয়া  অকণ সানি ধোঁৱা বৈ থকা তপত ভাতকেইটা খাই আছে।
:ঘৰত চাউল থৈ আহিছ ছাগে ?
:অ'
:বাপেৰে ফিটিং হৈ বৰগছ জোপাৰ তলত পৰি আছে
:নিচা ফাটিলে বনাই খাবগৈ।নাখালেও নাই ,নমৰে।      অগ্নিয়ে গেঙেৰি মাৰি  ক'লে।ভাত খাই  ভেলেউ গ'ল গৈ ।অগ্নিয়ে তাক পুলিচৰ আলেখ লেখ চাবলৈ অৰ্ডাৰ দিছে।অলপ পৰ জুইত গাটো সেকি তাই জখলাৰে বগাই গৈ চাংখনত উঠিলগৈ।
             টকৌপাতৰ চালিখনত টোপ টোপকৈ বৰষুণৰ টোপালবোৰ পৰিছে। তাইৰ বাগৰত চাংখন কেৰকেৰাই গৈছে। বাহিৰত এখন উত্তাল পৃথিৱী।তাইহে অন্ধকাৰত বন্দী।যি কি নহওঁক কেতিয়াবা কেতিয়াবা কোলাহলৰ পৰাও নিজকে আঁতৰাই ৰাখিব লাগে।নিৰ্জনতাই মানুহক  লৈ যায় এখন অনন্য আজৱ পৃথিৱীলৈ য'ত মানুহৰ বুকুৰ ভাষা আৰু মৌনতা এক হৈ পৰে।
                পুৱতি নিশাতে উঠি তাই নদীৰ পাৰলৈ খোজ দিলে। কুঁৱলীয়ে বগা আচলেৰে যেন নদীখন সাৱটি আছে।ইপাৰ -সিপাৰ একো মনিব নোৱাৰি।মদৰুৱা ধূতীখনৰ ওপৰত ফটা বনিয়নটো পিন্ধি দেউতাক তাইৰ ওচৰ পালেগৈ
: হু , এইখিনি খাই ল'!এইকেইদিন ঘৰলৈ যাব নালাগে
       লেতেৰা বাটিটোত কলপাতেৰে মেৰাই থোৱা ভাতকেইটা লৈ তাই তাৰপৰা আঁতৰি গ'ল। বহু দূৰ গৈ কেকুঁৰিৰ ভাঁজটো পাই এবাৰ ঘুৰি চালে।বাপেকে তেতিয়াও শিলৰ মূৰ্ত্তিটোৰ দৰে থৰ হৈ তাইলৈকে চাই আছে।

            (পাঁচ)

:এইটো ব্যৱসায় এৰিব লাগিব । জুইকুৰাত খৰি এডোখৰ ভৰাই ভেলেউৱে তাইলৈ চালে
: কিয়?
:গুৰ পাবলৈ নাই।গুৰ বিক্ৰী কৰাটো নিষিদ্ধ কৰিছে।
: এৰা, দীঘলকৈ হামিয়ালে তাই।
        উঠি গৈ ভেলেউৱে ঠহৰ্ ঠহৰ্ কৈ কাঠচটাত হাতুৰী মাৰিলে।মিনিটতে পীৰাখন  বনাই তাইলৈ‌ হেঁচুকি দিলে
: তই ভাইকেইটা ৰান্ধ। মই কলমৌ এমুঠি বুটলি আনো।বুলি কৈ তাই বহাৰ পৰা উঠিল।
........ খাওঁ খাওঁকৈ মূৰৰ ওপৰত সূৰ্য্ই হাত ফুৰাইছে। দূৰৈৰ ক'ৰবাত মালবাহী ৰেলে  দীঘলীয়া হৰ্ণ মাৰিছে।শাওণৰ উৰুঙা আকাশলৈ কুণ্ডলী পকাই  ক'ৰবাত ৰাস্তা মেৰামতি কৰা আলকতৰা গলোৱাৰ ধোঁৱা উৰি গৈছে। এক বুজাব নোৱাৰা ভাল লগা সুগন্ধ যেন বতাহত উটি-ভাঁহি ফুৰিছে।
            চিকমিক সন্ধিয়া। বাপেকে কি কৰিছে এপাক চাবলৈকে তাই ঘৰলৈ বাট বুলিছে।ৰাস্তাটোৰ এডোখৰ নিৰ্জন । ৰাতি বিয়লি অকলে আহিবলৈ তাইয়ো কেতিয়াবা ভয় লাগে। এনেতে নিৰ্জনত ভৰি পেলাইছিলহে মাত্ৰ। তেনেতে ক'লামতীয়া ছায়ামূৰ্তিটো আগত থিয় হ'ল।
:অগ্নি , এইটো ৰাস্তাত অকলে অকলে। ব'ল মোৰ চাইকেলতে উঠ।
    চকুৱে মণিব নোৱাৰিলেও মাতষাৰত তাই চিনিব পাৰিলে ।সেইটো মৌজাদাৰৰ পুতেক দীপক।
: ব'লক ।তাৰ সুৰতে সুৰ মিলাই তাইয়ো ক'লে ।
      চাইকেলৰ আগৰ ধামত বহি দুয়ো গৈ আছে।অগ্নিয়ে টৰ্চটো জ্বলাই বাটটো পোহৰাই দিছে
:তোক মই ঘৰত থৈ আহিমগৈ।
: নাই ,আধাতে এৰিলেও হ'ব। মই যাব পাৰিম।
:এহ্ লাজ কৰিব নালাগে।মৰমতেহে কৈছো।তাৰ উশাহটো যেন তাইৰ কাণেৰে গৈ বুকুত সোমালগৈ।অগ্নিৰ গাটো  সিৰসিৰাই গ'ল।আন  বুজি নাপালেও পুৰুষৰ চকুৰ ভাষা,দেহ ,স্পৰ্শৰ ভাষা তাই বুজি পায়।তাইয়ো তেজ -মঙহেৰে গঢ়া মানুহহে।মাথো পৰিস্থিতিয়ে তাইক কঠোৰ হ'বলৈ বাধ্য কৰিছে।
: মোক নমাই দিয়কছোন
:কিয়?বুলি কৈ দীপকে এখন হাতেৰে হেণ্ডেল পোনাই আনৰখনৰে তাইৰ মুখত মৰমেৰে হাত বুলালে। আপুনি ৰখাই দিয়ক , অকণমান ৰখাই দিয়কচোন কৈ এপাকত  যত্নেৰে তাই চাইকেলৰ পৰা নামিলে ।দীপকৰ চকুলৈ চালে ।আন্ধাৰতো তাইৰ চকুত পৰিছে তাৰ চকুৰ চিকাৰী সিংহৰ লোলুপ দৃষ্টি।এই যেন তাইক এতিয়াই গো-গ্ৰাসে গিলি পেলাব!
      
        দীপকে সোঁহাতখনেৰে তাইৰ বুকুৰ  মাজত কিবা এটা বিচাৰিছে। এবাৰত কৈছে
:তোক কাইলৈ নতুন শাৰী এখন আনি দিম।
: হ'ব! অগ্নি অকণমান পিছ হূহূকি গ'ল
:  তোক ৰঙা শাৰী পিন্ধিলে বৰ ধুনীয়া জনী লাগে অ'।
: হয়...হয় নেকি?অগ্নিৰ মাতটোত যেন অকণমান ক*পনি।মৰমেৰে তাৰ বাওঁ হাতেৰে দুয়োখন হাতত ধৰিলে তাই।এইযেন তাৰ দুয়োখন হাত তাইৰ বুকুৰ মাজত সোমোৱাই ল'ব। এনেকৈয়ে বহুপৰ গ'ল। তাইৰ মৰম অকণ পাই দীপক যেন ব্যাকুল হৈ পৰিল।য'তে সুবিধা পাইছে ত'তেই তাইক চুম্বন কৰিছে। সমগ্ৰ শৰীৰেই সিৰসিৰাই গ'ল তাইৰ। এবাৰত তাই সোঁহাতেৰে কঁকালৰ খোচোনাৰ পৰা ছুৰীখন উলিয়াই দীপকৰ পেটত খোচ মাৰি দিলে ।ঢপঢপাই মাটিত বাগৰি পৰি যোৱা তাৰ পেটৰ পৰা হেঁচুকি ছুৰীখন উলিয়াই তাই দৌৰিলে । দৌৰি দৌৰি গৈ পথাৰৰ আলি এটাতে লেবেজান হৈ বহি পৰিল।উশাহটো ঘনাই ল'লে।আৰু তাই দৌৰ নামাৰে।তাইতো কোনো অপৰাধ কৰা নাই।জোনৰ পোহৰত  হাত দুখন মেলি চালে।কেচেমা-কেচেম গোন্ধ এটা তাইৰ নাকত লাগিল। জীৱনত প্ৰথম নাকত লগা তেজৰ গোন্ধ এইয়া।দীপকৰ বকবকাই উতলি থকা যৌৱনৰ তেজৰ গোন্ধ। নিজকে সুধি চালে ....সতীত্ব বচোৱাৰ এইয়া কি মোৰ অপৰাধ?
         বহাৰ পৰা উঠি পুনৰ দৌৰিলে তাই। এবাৰ ছুৰীখন দলিয়াই দিয়াৰ কথা ভাবিলে।যদি ছুৰীখনৰ কাৰণেই তাই ধৰা পৰে।নাই এইখন তাই পেলাব নোৱাৰে।এইখনত তাই আজি পুনৰ ধাৰ দিব। যিহেতু সময়ত প্ৰয়োজন হ'ব......

              ‌ (ছয়)

          বৰষুণ‌ এজাক চিপচিপীয়াকৈ দি আছে। নৈৰ পাৰখন লেপলেপীয়া বোকা হৈ পৰিছে।মাজে মাজে চপৰা চপৰে মাটিবোৰ নৈৰ পাৰত খহি পৰিছে।
      ডাঙৰ কাঠ এডোখৰ উটি আহি আছে।লোভ সামৰিব নোৱাৰি দেউতাক পানীত জঁপিয়াই পৰিছে। হঠাৎ পানীৰ পকনীয়া এটাই দেউতাকক পানীৰ মাজলৈ লৈ গ'ল।
   ..... দেউতা,দেউতা বুলি চিঞৰ এটা মাৰি তাই পানীত জাপ দিলে। অগ্নিৰ বুকুভঙা চিঞৰে যেন চাৰিকড়ীয়াৰ দুয়োপাৰ কঁপাই তুলিলে । দেউতাকৰ চুলিত থাপ মাৰি ধৰি সাঁতুৰি সাঁতুৰি তাই পাৰ পালেহি।পাৰৰ টঙিটোৰ তলত আনি দেউতাকক বহুৱালে।নাও এৰি নন্দ তাৱৈ দৌৰি আহিল। তেওঁ জুইকুৰা জ্বলাই দেউতাকক সেক দিলে।
        বহুত দিনৰ মূৰত তাই দেউতাকক চুইছে।চুলাই খাই খাই মানুহটো একেবাৰে দুৰ্বল হৈ গৈছে।নাখালে গোটেইটো থৰ থৰকৈ কঁপে।
       বৰষুণৰ টোপালবোৰ বেছি ঘন হৈ পৰিল।নৈখন বৈ থাকিল নিৰ্বিকাৰভাৱে।ক'তো যেন একো হোৱাই নাই।ঘোপমৰা ক'লা আকাশখন যেন চাৰিকড়ীয়াৰ বুকুত জঁপিয়াই পৰিছে।
       আবেলিলৈ  অভেদ্য আহিছিল তাইক লগ কৰিবলৈ। সেই সময়তে দেউতাকৰ লগত  তূমূল কাজিয়া লাগি আছে তাই।ওচৰৰ মাইকী মানুহবোৰে জুম বান্ধি শুনি আছে।অভেদ্যই ভাৱি ছিল সি আহিছে যেতিয়া কাজিয়াখন শাম কাটিব।নাই শাম কটাত চাৰি বাঢ়িলহে।এৰা্ কাজিয়া নালাগিনো পাৰেনে।এইহেন গাভৰু ছোৱালী জনীয়ে এমুঠি ভাতৰ কাৰণে হাবিয়ে -বননিয়ে ঘুৰি ফুৰিব লাগে।
: ব্লেকত গুৰ অলপ আনিছো অগ্নি।এইবাৰ বহু ৰিক্মট কামটো কৰিব লাগিব।
      একো নকৈ অগ্নিয়ে তাৰ মুখলৈ চালে
:এই অ'চি জনো বৰ ষ্ট্ৰিক।
:হয় নেকি?কিবাকৈ মেনেজ কৰিব পাৰি নেকি?
:চাওঁচোন কি কৰিব পাৰো
: হ'ব দিয়ক । মইয়ো চেষ্টা এটা কৰি চাম।
             অভেদ্যই দিয়া খামটো খোচনাত ভৰাই ৰাতিলৈ তাই থানালৈ খোজ ল'লে।গেটতে তাইক দেখি দুজনমানে চুচুক-চামাক কৰিলে।সমুখৰ ঘুমটিখনত টহল দি থকা দুটামানে তাইক দেখি ফিচিঙা-ফিচিঙ কৰিলে।অগ্নি আহিছে,অগ্নি আহিছে বুলি কৈ কনিষ্টবল জনে খৰধৰকৈ ভিতৰলৈ সোমাই গ'ল।
: ছাৰ, মই অগ্নি। মোক বিচাৰিছিল?
:অ'
    কিবা লিখি থকা মাজতে তাইলৈ মূৰ দাঙি চালে।
        ৱ'মেন পুলিচ জনীলৈ চাই
: পদ্মা ,এইক লক আপত ভৰাই থ'। মই পিছত কথা পাতিম।
         এইজনকতো তাই আগতে লগ পাইছে।..ই বেটা বৰ ষ্ট্ৰিক নহয়জানো?মুখৰ ভিতৰতে তাই ভোৰভোৰালে। ইতিমধ্যে ৱ'মেন পুলিচ জনীও তাইৰ ফালে আগুৱাই আহিছে।অগ্নিয়ে ইফালে-সিফালে চালে।  টেবুলৰ পৰা এখন কাগজ উৰি গৈছে।অ'চি জনে বেলটো হাতত ল'লে। তেনেতে তাই ঘপহ্কৈ কাগজখন তুলি খামটো মাজতে ভৰাই হাতখন আগবাঢ়িলে

: এইটো ৰাখক ছাৰ।আৰু কিবা লাগিলে ক'ব।লাহেকৈ  কৈ তাই টেবুলৰ ওপৰত ৰাখিলে।অ'চিজনে আৰু কিবা এটা কোৱাৰ সুবিধাই নিদিলে তাই।
     কোবাকুবিকৈ তাই তাৰপৰা ওলাই আহিল।
      
                   ( সাত)

      বাপৰচাং গাঁৱত এখন মিটিং হৈছে। প্ৰশাসন আৰু জনসাধাৰণৰ মাজত। বৃহস্পতি বাৰে তাত বজাৰ বহে। বজাৰ সামৰি খৰধৰকৈ মানুহবোৰ মিটিং লৈ গৈছে।ঘুনুক-ঘানাককৈ তাই গম পাইছে চুলাই বন্ধ কৰাক লৈয়ে আলোচনা হ'ব।
        সেই অঞ্চলৰ মানুহবোৰে ভাবিছিল ৰুদ্ৰই ব্যৱসায়টো কৰিব নোৱাৰা হ'ল যেতিয়া ইয়াৰ অৱসান ঘটিব।চুলাই ব্যৱসায় সকলোৱে কৰিব নোৱাৰে। ইতিমধ্যে কেইবাজনেও কৰি পুলিচৰ কোব খাই বাদ দিলে। দুজনমান এতিয়াও ৰঙাঘৰতে আছে।জনসাধাৰণ, পুলিচ,বিয়াগোম আবকাৰী বিভাগৰ চকুত ধূলি দি কাৰবাৰটো কৰা ইমান সহজসাধ্য নহয়। কিন্তু কি হ'ব ৰুদ্ৰৰ পাছতে তাই এইটো কামত পৰিপক্ক হৈ থিয় দিলে।
      মিটিঙত কি কি আলোচনা হয় তাকে শুনিবলৈ নিৰ্মলাক তাই পঠিয়াইছে। মহিলা সমিতিৰ সভানেত্ৰী নিশিগন্ধা বেজবৰুৱাই আঁত ধৰা সভাখনত প্ৰশাসনৰ দুই -এজন ব্যক্তি আহিও উপস্থিত হৈছে।
: যদি আপোনালোকে চুলাই ভাটিবোৰ উচ্ছেদ কৰিব নোৱাৰে তেন্তে আমাক দায়িত্ব দিয়ক। গাঁৱৰ এজন বয়োজেষ্ঠ ব্যক্তিয়ে মন্তব্য আগবঢ়ালে।জাউৰিয়ে জাউৰিয়ে চাপৰি পৰিল।
:নাৰী সৃষ্টিৰ বাবে, ধ্বংসৰ বাবে নহয়।তিলতিলকৈ হেৰাই যাব খোজা মানুহবোৰক ইয়াৰ কবলৰ পৰা ৰক্ষা কৰিব লাগে।মহিলা সমিতিৰ সম্পাদিকা ইলা শৰ্মাই বক্তব্য ৰাখিলে।
:এনেকৈ এখন সমাজ অধ:পতে যাব দিব নোৱাৰি। মুঠতে ইয়াক নিৰ্মূল কৰিব লাগে।ওপৰা- ওপৰাকৈ এগালমান চাৰ্জেশ্বন।অগ্নিক জেলত থ'লেই ইয়াৰ অৱসান ঘটিব  ইত্যাদি..... ইত্যাদি।
       শেষত আবকাৰী বিষয়াজনৰ আশ্বাস
:যিমান পাৰি সোনকালে সমস্যাটো সমাধান কৰিম।

                 (আঠ)

             চাৰিকড়ীয়াৰ দুয়ো পাৰ শান্ত।চকুৱে মণিব পৰালৈকে সৰিয়হৰ পথাৰ।মাজে মাজে ধকধককৈ বগা বালিচৰ পৰিছে । কঢ়া নদীৰ ক্ষীণ দুৰ্বল সুঁতিটো আহি তাত পৰিছে। মানুহবোৰে চাপৰিৰ মাটি বোৰ অস্থায়ী ভাৱে কেইমাহমানৰ কাৰণে দখল কৰিছে।
             নদীৰ সোঁমাজৰ চাপৰি এটা অগ্নিয়ে দখল কৰি লৈছে।টিয়নি ৰোৱা নদীৰ পানী।চাপৰিৰ পাম ঘৰবোৰত প্ৰত্যেকে থাকি লৈছেগৈ।হাঁহ- কুকুৰা,গৰু-ছাগলী আটাইবোৰ নি চাপৰিত মেলি দিছে।নিৰ্মলা ,লোপা,সোণী ,থোটি আটাইকেইজনী  থাকি লৈছে।ভেলেউয়ো মাজে মাজে গৈ থাকেগৈ। সিহঁতৰ পৰা অলপ দূৰৈত বালিৰ বস্তা,ৰড, চিমেণ্ট আদি পেলাইছে।দহ বছৰৰ আগতে আধাৰশিলা স্থাপন কৰা  দলঙৰ কাম আৰম্ভ কৰিবলৈ লৈছে।
               আগবেলা সময়খিনি পামত কাম কৰি অগ্নিয়ে আবেলিলৈ ওলায় যায়। ওচৰৰ গাঁৱৰ ৰাইজে আহি সোণাগাছিৰ প্ৰত্যেকৰ ঘৰত সোমাই চুলাই বনোৱা বাহনবোৰ ভাঙি পেলালে।গেলোৱা গুৰবোৰো নষ্ট কৰি থৈ গৈছে। লুকাই চুৰকৈ থোৱা দুঘৰ মানে বনাইছে তাকে তাই আজি চালান দিব।
                  ৰাস্তাত তাইৰ ওপৰত সকলোৰে তীব্ৰ নজৰ। অথচ তাইক কোনেও মুখৰ আগত একো ক'বলৈ সাহস নকৰে।
           আজি তাই ৰটিফহঁতৰ লগত ৰেলেৰে যাব। নতুন মেৰুন ৰঙী শাৰীখন পিন্ধি গৈছিল তাই। চুলিকোচা লিপিট খোৱাই আঁটি আঁটি বান্ধিছিল।কঁপালত একে ৰঙৰে ফুট এটাও লগাইছিল।অভেদ্যৰ সমুখেৰে পাৰ হৈ যাওঁতে উজুটি খাই পৰিছিল।
            খুউব সাৱধানে অভেদ্যই তাইৰ ভৰিখনত ধৰি ফুঁ মাৰি দিছিল। ইতিমধ্যে গাড়ীৰ চালকজনো আহি উপস্থিত হৈছিলহি।
: কি হ'ল অ'অগ্নি?
                 অগ্নি যেন এতিয়াই উঠি থিয় হ'ব।যেন মূহুৰ্ততে... ।অভেদ্যক যেন তাই শুশ্ৰূষা কৰাৰ সুযোগেই নিদিব।অথচ তাই নোৱাৰিলে।জোৰ কৰি ভৰিটো পোনালে।সি পুনৰ ফুঁ মাৰি দিলে।পেটে পেটে ভাবিলে উজুটি খাই পৰি তাই যেন খুউব ভালে কৰিলে।

                       বিজুলীৰ দৰে চাৰিকড়ীয়াৰ বুকুত পোহৰৰ ৰেখা এডাল ক্ষন্তেকৰ কাৰণে তিৰবিৰাই উঠিল।এটি মলমলীয়া গোন্ধ তাইৰ নাকত লাগিল।লোভনীয় গোন্ধ।যেন শাওনৰ পথাৰৰ গোন্ধ ।যি গোন্ধ নাঙলৰ ফালেৰেহে ফালি উলিয়াব পাৰে।

           অভেদ্য আহিছিল অগ্নিক চুলাই কাৰবাৰত জড়িত কৰিবলৈ। পিছলৈ যেন তাইৰ এই কামটো তাৰ পছন্দ নোহোৱা হৈছে। বহু দূৰলৈ অগ্নিক চালান দিবলৈ পঠিয়াই সি উজাগৰে ৰয়।তাই সুকলমে ঘূৰি নহালৈকে তাৰ চিন্তাই লগ নেৰে।সি যেতিয়াই দেখিছে তাই অগ্নিশৰ্মা হৈ থাকে। এতিয়া লাহে লাহে যেন সি ভিতৰৰ মানুহজনীক বুজিব পৰা হৈছে। ক্ৰমশঃ যেন তাইক মৰমেৰে মেৰিয়াই মেৰিয়াই বান্ধি পেলাব।
: তই আৰু এইটো ব্যৱসায় কৰিব নালাগে অগ্নি
:কিয়?
: ছোৱালীয়ে এইবোৰ কাম কৰিলে বেয়া দেখি
: হঠাতে এইবোৰ......
: মোক আগতে টকাৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া তোক প্ৰয়োজন হৈছে।
               কথাষাৰ শুনি তাই শিলপৰা কপৌৰ দৰে থৰ হৈ‌ ৰৈছিল। অগ্নি নহ'লে সি এইটো ব্যৱসায় কেতিয়াবাই এৰিব লাগিলহেঁতেন।তাই কাক কেনেকৈ মেনেজ‌ কৰিব লাগে জানে।
               ( ন)

      এইকেইদিন পামত থাকি বেছ ভাল লাগিছে সিহঁতৰ।বনুৱাবোৰেও ওচৰতে চালি বনাই ব্ৰীজৰ কাম আৰম্ভ কৰিছে।মাজে মাজে ঠিকাদাৰ, ইঞ্জিনিয়াৰ আহিয়ে থাকে। কেইদিনমানৰ আগত মন্ত্ৰী-বিধায়ক আহিও চাই গৈছে।দলঙখন হৈ যোৱাৰ পাছত বহুকেইটা পৰিয়ালে অসুবিধাৰ সম্মুখীন হ'ব। কিন্তু সৰহ সংখ্যক মানুহ উপকৃত হ'ব।ধনী দাইটিয়ে বাৰু কেনেকৈ চলিব।এশ এবুৰি চিন্তা তাইৰ মনলৈ আহিল।
           এইকেইদিনতে ভেলেউৰ বনুৱাবোৰৰ  লগত হলি গলি বোৰ বেছি হৈছে।অগ্নিয়ে তাক সাৱধান কৰি দিছে।
: চাবি ভেলেউ, মই বাৰু যেন - তেন ।বাকী গজগজীয়াকৈ  চাৰিজনী গাভৰু আছে।
: নাই অ' সিঁহতে মোক মাতি থাকে কাৰণেহে গৈছো।
:যাবি কিন্তু বুজিচই নহয়।লিমিট ক্ৰ'ছ নকৰিবি।
     লোপাই দিয়া ফিকা চাহৰ কাপটো এখন হাতেৰে ধৰি আনখন হাতেৰে পাপৰখন মূমূৰকৈ চোবালে তাই।
: কালি এটাই ভেলেউক বিচাৰি আহিছিল।তাক কিবা  চুলাইৰ কথা কোৱা যেন লাগিছিল।নিৰ্মলাই ভয়ে ভয়ে ক'লে।
: এইবোৰ কি শুনিছো ভেলেউ। খবৰদাৰ আৰু সিহঁতৰ লগত হলিগলি কৰা বন্ধ কৰ।
           মুখৰ ভিতৰতে ভোৰভোৰালে তাই।এইমখাই নাখালেও নিজকে সংযত কৰিব নোৱাৰে,চুলাইসোপা খাই লৈ কি কৰিব জনা আছে।
            দুপৰ ৰাতি টোপ টোপকৈ নিয়ৰ পৰিছে।খোলা দৰ্জাখনেৰে পোহৰ অকণ আহি তাইৰ গালত‌ চুইছে। ওচৰৰ বিছনাত সোণী আৰু নিৰ্মলাই টোপনিত লালকাল দি আছে। মাজে মাজে নাকৰ ঘৰঘৰণিও তীব্ৰ হৈছে। তাইৰ লগতে শুই থকা লোপাচোন নাই।লোপাক বিচাৰি তাই বাহিৰলৈ ওলাই গ'ল। দূৰৈৰ শিলটোত লোপা বহি আছে।কাষতে কোনোবা ।তাইৰ চুলিত মৰা ৰিবনডালৰ পনিয়নী বাখৰকেইটা দূৰৰ পৰা জিলিকিছে।ধমকিৰ সুৰত
:লোপা ইমান ৰাতি কি কৰিছ ?
   ‌ খপজপকৈ তাই বহাৰ পৰা উঠিল।চূৰ্ণীখন গাত মেৰাই লৈ তাই ৰৈ থকা ঠিক অলপ আঁতৰে আঁতৰে আহি ভিতৰত সোমালহি।অগ্নিয়ে বাহিৰৰ আলেখ-লেখ চাই  ভিতৰত সোমাই মানে তাই চাংখনত উঠিছিল।
   : লোপা,কোন আছিল সেইটো
                  একো নক'লে লোপাই।
: নিজে যি ভাল দেখ কৰিবি। পিছত মোক দোষ নিদিবি।
              এৰা্ মনে মিলিছে যেতিয়া তাইনো বাধা দিবলৈ কি আছে। কিমান আৰু তাই নলগা জেঙত লাগি ফুৰিব।আজি আৰ লগত,কালি তাৰ লগত লাগি ফুৰোতেই তাই নিজৰ নামটোকে পাহৰি পেলাইছে।যত্নেৰে চকু কেইটা জপাই পুনৰ বিছনাত বাগৰ দিলে।
                 ৰাতিপুৱাই আহি ভেলেউৱে খবৰ দিলে।ৰটিফ আৰু শাম্বক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। সেয়েহে তাইক অভেদ্যই সোনকালে মাতি পঠাইছে।
        
                  (দহ)

                 পুৱাতে সাজি কাচি ধুনীয়া জনী হৈ তাই ওলাই গৈছে।চুলাই বেপাৰীও ইমান ষ্টাইল নে--?সিদিনা মহিলা সমিতিৰ মানুহ কেইজনীয়ে কোৱা কথাটো তাইৰ কাণত বাজি আছে।এৰা্ ভাল পোছাক এযোৰ পিন্ধিও ফোপোলা আভিজাত্যৰ গপত ওফন্দি থাকিব পাৰি। সিদিনা ৰেলেৰে যাওঁতে সাজ -পোচাক,ধৰণ-কৰণ দেখিয়ে হয়তো  তাইৰ বস্তুবোৰ চেক নকৰিলে।
       দূৰৰ পৰা দেখিলে ৰাস্তাত অভেদ্যৰ মাক ৰৈ আছে।তাইক দেখি খক্ খাক কৰিছে। কাষেৰে পাৰ হৈ যাব খোজা তাইক হাতেৰে ইংগিত দি ৰখালে।ফুল স্পীডত চলাই অহা চাইকেল খন হঠাতে ব্ৰেক মাৰিবলৈ তাইৰ একৰকম কষ্টই হ'ল
: ছোৱালী মানুহে এইবোৰ কাৰবাৰ কৰিলে ভাল নেদিখি
                তাই জানে এইটো ব্যৱসায় গ্ৰ্হণীয় নহয়। কিন্তু ল'ৰাই কৰিব পায়, ছোৱালীয়ে কৰিব নাপায় বুলি কি কথা আছে। ক'বলৈ মন গ'ল অথচ ক'ব নোৱাৰিলে তাই।পলকতে অভেদ্যৰ মাকে বহুত কিবাকিবি কৈ গ'ল।তাই এতিয়া বেলেগ চিন্তা এটা মনলৈ আহি আছে। তেওঁৰ কথা শুনিবলৈ আগ্ৰহ নাই।কথাবোৰ তাই যেন এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিলে।
          সৌমিত্ৰ আৰু অভেদ্যই সৰু গাড়ী এখন ঠিক কৰিছে।চালকজন তেতিয়ালৈও আহি পোৱা নাই।তিনিশ কিলোমিটাৰ নিলগৰ কাঞ্চুত এইখিনি দিবগৈ লাগে।আগত পোন্ধৰ আগষ্ট আহি আছে।ৰাস্তাই ঘাটে য'তে ত'তে চেকিং।অগ্নি যাব যেতিয়া সিহঁত দুটা নিচিন্ত হৈ থাকিব পাৰিব।
        দুপৰ ৰাতি সুকলমে ঘূৰি আহিছে তাই।অভেদ্যই গোদামৰ লগতে থকা ৰুমটো তাইৰ কাৰণে ঠিক থাক কৰি থৈছে।কোঠাটোৰ এখন বিছনাত অভেদ্য আৰু আনখন বিছনাত তাই বাগৰ দিছে।গাৰুটো লুটিয়াই লুটিয়াই অভেদ্যই  বিছনাত ছটফটাই আছে।চকুৰ পতা আধা জাপ খোৱাই তাই ভয়ে ভয়ে তালৈ চাই ৰৈছে।কোনোবা মূহুৰ্তত অগ্নি যেন নিমিষতে শান্তিলৈ ৰূপান্তৰিত হৈছে।কিয় জানো আজিকালি এনে হয় তাই।অভেদ্যক দেখিলে খং,ভাগৰ,দুখ সকলো মূহুৰ্ততে পলাই পত্ৰং দিয়ে।যিমান হ'লেও তাই  তেজ-মঙহেৰে গঢ়া মানুহহে।তাইয়ো আবেগ -অনুভূতি আছে।ভাৱিছিল অভেদ্যই মূৰত হাত বুলাই দিব,তাইৰ তাৰ বুকুৰ মাজত সোমাই টোপনি যাব।নাই তাৰ কোনো আগ্ৰহেই নাই।সি যেন বেলেগ এখন জগতৰহে মানুহ।

             খাৰক কৰি নঙলাডাল খোলাৰ শব্দ। কোনোবা যেন নঙলা খুলি ভিতৰলৈ সোমাই আহিছে।একেজাপে বিছনাৰ পৰা উঠি অভেদ্যক সাবটি ধৰিলে।বৰ বিপদত পৰা যেন লাগিল তাই।বেৰৰ জলঙাৰে বিৰিঙি অহা  টৰ্চৰ‌ পোহৰটো   গালে মুখে পৰি তাইক যেন মনোমোহা কৰি পেলাইছে।....যৌৱন অৱশ্যে এনেয়েও মোহনীয়।
     কোনোবাই দুৱাৰত টোকৰ দিছে।দি মানে একেৰাহে দিয়ে আছে।মাজে মাজে মাত লগালে
: কোন আছ?দুৱাৰখন খোল।
       অগ্নিয়ে চকু কেইটা মুদি তাৰ বুকুৰ মাজত সোমায়ে থাকিল।তাই যেন সাৰ পোৱা নাই।
দুৱাৰখন একেৰাহে হেঁচিয়ে আছে।যেন মূহুৰ্ততে দুৱাৰখন ভাঙি পেলাব। উপায়হীন হৈ সিহঁত ওলাই গ'ল। দুৱাৰ মুখত ৰৈ দুয়োটা হতভম্ব হৈ পৰিল।
       :ধৰ !
     পুলিচজনক কৈ কোনোবা এজন আঁতৰি গ'ল।পিন্ধনত বগা টিছাৰ্ট,তলৰ ডোখৰ কি পিন্ধিছে তাই মণিব নোৱাৰিলে।সিহঁতলৈ পিঠি দি অলপ দূৰত মানুহজন ৰ'লগৈ।

            (এঘাৰ)

       কাহিলী পুৱাতে নানা প্ৰশ্নৰ সম্মুখীন হ'ল তাই।পৃথকে পৃথকে দুয়োটাকে জেৰা কৰা হ'ল।
:তোৰ কাৰণে গোটেই মানুহৰ টোপনি হেৰাইছে।
         মুখেৰে একো নামাতি তলমূৰকৈ ৰৈছে তাই।
আবকাৰী বিষয়া জনৰ টেপটো বাজিয়ে আছে
: এটা এটা পৰিয়াল‌ ধ্বংস হৈ গৈছে। নিজৰ বাপেৰকে চাছোন।অৱস্থাটো কি হৈছে।নাৰীয়ে সমাজ গঢ়েহে....
        কিমান বাৰ যে এইটো প্ৰশ্নৰ সম্মুখীন হৈছে তাই। তাইৰ ক'বৰ মন গ'ল তহঁতে এৰি নিদিলেই আমাক হয়ছোন, কিন্তু কেইটামান টকাৰ লোভতে যে এৰি দিয়?তহঁতেনো কি ভাল কাম কৰিছ। দাঁতেৰে ওঁঠটো কামুৰি তাই ৰৈ গ'ল।নাই তাই একো নকয়।তাই যিমান পাৰে সহিব।সিহঁতৰ লগত মুখ চুপতি মাৰি তাই বন্দী হ'ব নোৱাৰে।সিহঁত এনেকৈ বন্দী হৈ থাকিলে বহুত পৰিয়াল অনাহাৰে থাকিব।
        সন্ধিয়া অভেদ্য আৰু সুকুৰৰ দেউতাক যোৱাৰ পাছতে সিহঁত তিনিটাক মোকলাই দিয়া হ'ল।
        থানাৰ পৰা ওলাই আহি গেট পাওঁতে পিছে পিছে শাম্বৰ দেউতাকে আহি তাইক কৈছে।
: ব্যৱসায় এনেকৈ নকৰে,তাতে এইটো ব্যৱসায়। মাজে -সময়ে সকলোৰে লগত মিলাবি।
          আওপকীয়াকৈ কোৱা কথাষাৰ বুজাত তাইৰ একো অসুবিধা নহ'ল।কিমান আৰু সিহঁতে মিলাব।টানি টুনি মিলায়ে আছে।যোৱা মাহতোহে মিলাব পৰা নাছিল।
        দুপৰীয়া নিৰ্জন ৰাস্তাটোৰে তাই গৈ আছে।বুকুখন হঠাৎ কঁপি উঠিল। এইখিনিতেই বদমাছ দীপক তাই ছুৰীৰ আঘাতত মৰিছিল। নিজৰ বাহিৰে যিটো কথা কোনেও নাজানে....।
         জৰী গছজোপাৰ তলৰ পাতি থোৱা চাঙখনত বাপেক শুই আছে। কাষতে ঠেলা হেঁচাকৈ কেইবাটাও বহিছে।
     কেহুৱে তাইক ইচাৰা দি মাতিলে
:অগ্নি আহছোন!বহহি!
:তোক বহুত দিন দেখা নাই অ' !থানুৱে মাত লগালে।
        তাই বননিতে বহি পৰিল।  সিহঁতৰ লগত অলপ পৰ কথা পাতি  থিয় হ'ল।তাই থানাত যোৱা কথাটো হয়তো কোনেও গম নাপায়। নহ'লেনো এবাৰো নুলিওৱাকৈ  থাকেনে?এহ্ জনা নাই ভালেই হৈছে নহ'লে যিহে পেঘেনীয়াই থাকিব এইমখাই।
             বেলিটো হেৰাই গৈছে। ক'ৰবাৰ পৰা অজানিতে অহা ডাৱৰ এচমকাৰ বুকুত জোনটো লুকাই পৰিল।পাতল ধোঁৱাবৰণীয়া চাদৰ এখনেহে যেন আকাশখন ঢাকি পেলালে। খপজপকৈ সকলো তাৰপৰা ঘৰাঘৰি যাবৰ ওলাল।বাপেক শুই আছে।তাৰ কোনো সাৰ সুৰ নাই।
     
  
            ( বাৰ)

       অভেদ্যলৈ মাকে ছোৱালী চাইছে। ছোৱালী জনী বি,এ পাছ।বগলীজানৰ হেৰম্ব গাওঁবুঢ়াৰ কিবা লগা ভগা।মাকে ইতিমধ্যে গৈ চিনাকি হৈ আহিছে।অহা দেওবাৰে সি যাব।ভেলেউৰ মুখেৰে অপ্ৰত্যাশিত কথাষাৰ শুনি তাই যেন বৰ কষ্ট পালে।
        গালত হাত এখন দি তাই বাৰাণ্ডাৰ ভগা মূঢ়াটোতে বহি আছে। ভিতৰত বাপেকে কিবা ভোৰভোৰায় থকা তাইৰ কাণত বাজিছে।পামত ধনী দাইটিক দিব থোৱা ডাবল চুলাইৰ বটলটো খালি পেটতে গিলিছে। এতিয়া প্ৰলাপ নবকি পাৰেনে?
         মহিলা সমিতিৰ মানুহবোৰ গৈ কালি ৰাতি থানাত ধৰ্ণা দিছে।তাই যেন সকলোৰে দাঁতৰ কূটা, চকুৰ শূল হৈ পৰিছে। গোটেই দুনীয়াখনেই তাইৰ শত্ৰু।তাইতো কাৰো একো অপকাৰ কৰা নাই।তেন্তে এই শত্ৰুতা কিয়? আজিলৈকে মোক কোনোবাই সুধি পাইছেনে তই কি খাইছ?কেনেকৈ চলিছ অগ্নি....?
     : কালি ৰাতি ধনটিৰ বাপেকে  মাকক মৰিয়াই হাত এখন ভাঙি দিলে
: কিয়? কপালখন কোঁচাই তাই ভেলেউলৈ চালে
: মদৰ নিচাত পুতেকে খঙত গেলোৱা টিঙটো নি পুখুৰীত পেলালে।বাপেকৰ ভয়ত সি বেটাই এতিয়া ঘৰলৈ যাব পৰা নাই।
  :অ' মনতে তাই ভাবিলে আজি তেন্তে একগ্লান চুলাই কমিব।     
    : ব'ল ছোন আমি ঘিলাগুৰি হাবিৰ পৰা আহোঁ।
     গেঁৰ ধৰা ধাননিৰ মাজে মাজে দুয়োটাই পোনালে।ধানবোৰ এইবাৰ বৰ ভাল হৈছে।মাজতে গোলাবালি পথাৰৰ ধানখিনিত চৰহা পোকে ধৰিছে।তাই ভেলেউৰ পৰা জানিব পাৰিলে কৃষি বিভাগৰ মানুহ আহি কিবাকিবি ছটিয়াই গৈছে।
   : উঠি যা ভেলেউ ।ভাঙি পেলা!
    : কি? আচৰিত হৈ সি তাইৰ চকুলৈ চালে।দুধাৰি চকুলো বৈ আহিছে। মৌতা ডালত ধৰি পুনৰ ক'লে
: উঠ ।ভেলেউ। গাঁঠি বোৰ সাৱধানে খুলিবি।টকৌ পাতবোৰ নাফালিবি।
           ভাগে ভাগে বাঁহৰ কামি,টকৌপাত সিকিয়াত ওলোমাই ল'লে সি।পিৰাখনো।থৌলাটোত মলিয়ন কম্বলখন   আৰু চৰুটো ভৰাই ল'লে। দুয়োটাৰে একে ৰূপ। নৈৰ পানীত আজিয়ে পখালিব লাগিব।
         অলপদূৰ গৈয়েই তাই হাবিখনলৈ চালে।এইখন হাবিত তাই আৰু নোসোমায়। হাবিখনত ধনজুই ওলোৱাৰ গুজৱটোও আজিৰেপৰা অন্ত পৰক।
: তই আগত ব'ল অগ্নি।
      বহুপৰ হাবিখনলৈ চাই তাই ৰৈ আছে। ক'ত যে ৰাতি যে তাই ইয়াতেই পাৰ কৰিলে।
: ভেলেউ
: ক'
: মোক শান্তি বুলি মাতিব নোৱাৰ ? মায়ে মোক বৰ মৰমেৰে শান্তি বুলি মাতিছিল।
: ব'ল শান্তি।
        লাহে লাহে সিঁহত আগবাঢ়িল ।এৰা যি কি নহওঁক জোৰ কৰি হ'লেও তাই ভেলেউক নামটো মতোৱাই শুনি চাইছে। শান্তি....তাৰ মুখত বৰ মিঠা শুনি।

              ( তেৰ)

   ‌     নদীৰ পাৰত সিকিয়াৰ ভাৰটো নমাই অন্য খন কান্ধলৈ বদলি কৰি ল'লে সি। গাঁৱলীয়া নৈৰ পৰীয়া সন্ধিয়া। শান্তিপূৰ্ণ সন্ধিয়াটো আজি কেইমাহমানৰ পৰা মেচিনৰ শব্দই যেন অশান্তিময় কৰি তুলিছে। নৈৰ পাৰত তেতেয়াও লোপা অকলে অকলে খোজ কাঢ়িয়ে আছে।
           চুলাই বেপাৰী ৰুদ্ৰ শুই থাকোঁতে ঢুকাল। মুখেৰে ফেন কাঢ়ি গ'ল।তাই কাষেৰে পাৰ হৈ যাওঁতে ওখ ,ক্ষীণ চেহেৰাৰ মানুহজনে অন্য এজনক কৈ আছে।
:কি । অচিনাকী মানুহজনৰ ওচৰত ৰৈ গ'ল তাই। মানুহজনে অলপ অশস্তি বোধ কৰিলে।হুপি থকা চিগাৰেটো পিঠিতহে যেন ৰাখিলে।তাই পুনৰ মাত লগালে।
: ৰুদ্ৰ মৰা খবৰটো সঁচা নেকি?
          অলপো সময় পলম নকৰি তেওঁৰ গাড়ীত উঠি অগ্নি গৈ আছে। ইমান গাড়ী।সিহঁতৰ ঘৰৰ দুই কিলোমিটাৰমান দূৰৰ পৰা গাড়ীৰ লাইন।প্ৰশাসনৰ মানুহো আহিছে।গাড়ী ভাৰা কৰি দূৰৰ পৰা তেওঁৰ কাষ্টমাৰবোৰো আহিছে আৰু আহিবলৈও বাকী আছে।
     অভেদ্যও আহিছে ।তাইক সান্তনা দি গৈছে। নতুনকৈ জিলাখনলৈ বদলি হৈ অহা আৰক্ষী অধীক্ষক অমৃত পৱন কৌৰও আহিছে। তেওঁ ডেকা পুলিচ বিষয়া। কেইজনমান ভদ্ৰলোকে তেওঁক কৈ থকা তাইৰ কাণত পৰিছে জিলাখনৰ মানুহ খিনি যাতে শান্তিত থাকিব পাৰে। তেওঁ ওপৰত বিশ্বাস ৰাখিছে। যাবৰ সময়ত তেওঁ তাইক পাঁচশ টকা দি গৈছে।
         গাত বগা চাদৰ খন মেৰাই তিলনিৰ দিনা তাই আবেলিলৈ ওলাই গ'ল।চুলাইখিনি গোটাই অভেদ্যৰ হাতত দিলেগৈ।
: মই আৰু আজিৰ পৰা এইটো ব্যৱসায় নকৰো। অভেদ্য উচপ খাই উঠিল।
:কিয়? কোনোবাই কিবা ক'লে নেকি?
: নাই কোনেও একো কোৱা নাই। মইহে নকৰো ভাৱিছো। মোৰ মনেৰে নকৰিব কৈছে
: নাই ,তই এইটো ব্যৱসায় এৰিব নোৱাৰ। এইকেইদিন অৱশ্যে নালাগে।দহা নোযোৱা লৈকে ৰটিফ আৰু শাম্বক দায়িত্ব দিছো।
         তাই ঘৰ আহি সোমাওঁতে সন্ধিয়া হৈছে।আৰক্ষী অধীক্ষক জন আহি আছে।আমৈয়েকে তেওঁৰ লগত কথাপাতি আছে।তাই ছাৰ বুলি কৈ ভৰি চুলে। তেওঁ দীঘলকৈ নাকটো উজাৰিলে।চুলাই গোন্ধহে যেন তেওঁ লৈছে।
     ‌তাই আৰু ‌বাহিৰলৈ গৈ তেওঁৰ লগত কথা পতাৰ ইচ্ছা নাই।যদি তাই ধৰা পৰি যায়। অৱশ্যে তেওঁকনো এতিয়ালৈকে কোনেও নোকোৱাকৈ আছেনে? নতুন ঠাই এখনলৈ যাওঁতে সকলোৱে অলপ চলপ ঠাইখনৰ বিষয়ে জানি লয়। তেওঁ জানো নজনাকৈ আছে?
          অনিশ্চয়তাৰ কথা ভাবি একাণপতীয়া হৈ থকা অগ্নিক তেওঁ মাত লগালে।বন্ধ খাম এটা তাইৰ হাতত তুলি দিলে

: শান্তি , এইখিনি লোৱা।দহাত খৰচ কৰিবা।কিবা অসুবিধা হ'লে থানালৈ গ'লেই হ'ল
             
        বুকুত হাত দুখন দি তাই উচুপি উঠিল। তৃতীয় বাৰৰ কাৰণে তাইক কোনোবাই শান্তি বুলি মাতিছে।যেন সেইটো তাইৰ মাকৰহে মাত।যেন  মাকেহে সহায়ৰ হাত এখন আগবঢ়াইছে।এপাকত  খামটো ধৰিবলৈ তাইয়ো বুকুৰ পৰা  লাহেকৈ হাতখন উলিয়াই আনিলে।
                       (চৈধ্য)

         লোপা বনুৱা ল'ৰা এটাৰ লগত পলাই গ'ল। নদীৰ পাৰত গাঁৱৰ মানুহখিনি গৈ উবুৰি খাই পৰিছে।অগ্নিয়ে ভবা কথাটোৱে হ'ল। নহ'লেনো নৈৰ পাৰত দুপৰ  ৰাতি তাৰ লগত থাকিবনে। এতিয়া অগ্নিকে সকলোৱে দোষিছে।তাই থাকোতেনো এইবোৰ হ'বলৈ পায়নে।এৰা্ দোষিবই, দোষক। দুদিনমানৰ পাছত মিতিৰ পাতি খাব। তেতিয়া তাইৰ নাম লোৱাতোহে লাগে।নাৰী হিচাপে তাইতো কাৰো অনিষ্ট কৰিব নিবিচাৰে। জীৱনৰ অভাৱনীয় পৰিস্থিতিতহে তাই এইবোৰ কামত হাত দিছে।লোপা বিয়া হৈছে।নিৰ্মলাৰো ঘৰত বিয়াৰ কথা ওলাইছে।নাৰী হিচাপে তাইৰো সুখৰ সংসাৰ পতা স্বপ্ন আছে। কিন্তু তাইযে চুলাই বিক্ৰী কৰা ছোৱালী তাতেই হয়তো বাধা আহিব।অভেদ্যৰ কথা ভাবিলে তাইৰ মনত শান্তি লাগে।অভেদ্যৰ মুখখন চকুৰ আগত ভাঁহি আহে।
:ময়দুল ভাল ল'ৰা। তিনি বছৰ সি মোৰ লগতে কাম কৰি আছে। ঠিকাদাৰ জনে উত্তেজিত মানুহখিনিক বুজাবলৈ যত্ন কৰিছে।
: জাত নিমিলে আমাৰ লগত।তাই মই মৰিল বুলি এৰি দিছো।লোপা মাকে বুকু ঢকিয়ায় কান্দিছে।
: সিহঁতক বিছাৰি আনি দিয়ক , মই... মই তাক দুচেও কৰিম।খামটি দা খন জোঁকাৰি তাইৰ বাপেক একৰকম উত্তেজিত হ'ল।এই পালেই যেন তাক দুচেও কৰিব।
        
           সিহঁতৰ পাম ঘৰটো চকুৰ আগতে  ভাঙি পেলোৱা হ'ল। আগৰ দৰে অগ্নি উত্তেজিত হৈ নুঠিল। বহাগলৈকে আৰুএমাহ থাকিব পাৰিলে হয়। বিহুৰ পাছৰ পৰা চাৰিকড়ীয়া ওফোন্দিবলৈ আৰম্ভ কৰেই।পাম এৰোতে তাই বেয়া লাগিছিল। মাটিৰ এটা নিজস্ব শক্তি আছে।ঠাইডোখৰ যেনেকুৱাই নহওঁক একো একোডোখৰ ঠাইত অলপদিন থকাৰ পিছত ঠাইডোখৰে মানুহক বান্ধি পেলায়।
        বাহিৰত হুৰহুৰাই বৰষুণ দিছে। বিজুলী-গাজনিয়ে চাৰিওফালে তাল-ফাল লগাই আছে।অগ্নি বহুত দেৰিলৈকে বিছনাতে পৰি থাকিল।মাত বোল নামাতি অভেদ্য আহি তাইৰ একেবাৰে বিছনাৰ ওচৰ পাইছেহি
:কি হ'ল অ'। ইয়াৰ পালিহি যে?
: তোৰ গা বেয়া নেকি?এইকেইদিন যোৱা নাই .....সি ৰৈ গ'ল
:প্লিজ।জোৰ নকৰিবি। এইটো ব্যৱসায় আৰু মই নকৰো।
: হঠাতে এইটো সিদ্ধান্ত কিয় ল'লি।কি কৰি খাবি?
: দহাত উঠা চাউল অলপ আছে। আৰু এমাহমান আঁটিব।তাৰ পিছত যি হয় হ'ব.... বেলেগ কাম কৰিম।পথাৰৰ ,ঘৰৰ যি কাম পাওঁ .....
:  কথাবোৰ তেনেকুৱা নহয় অ'অগ্নি।অলপ দকৈ ভাৱ? মৌজাদাৰৰ ঘৰত মাটি ৰুই কি পালি মনত আছেই ছাগে।
     মৌজাদাৰৰ নাম শুনিলেই তাই বুকুত কঁপনি উঠে।তাই চুলাই বিক্ৰী কৰিছে ক্ষুধা নিবাৰণৰ কাৰণে, কিন্তু তাইতো চুলাইৰ লগত সতীত্ব বিক্ৰী কৰিব নোৱাৰে।
: সকলো মানুহ মৌজাদাৰৰ দৰে নহয়।....মোৰ  লগত কিয় লাগি আছ'আৰু বহুত ছোৱালী আছে। দায়িত্ব সিহঁতক দে
:সিহঁত তোৰ দৰে পাক্কা নহয় অ'
: অ'কথা গুৰি ক'ৰবাত। এতিয়া কেৱল পইচাহে লাগে তোক।
     অগ্নিৰ মূৰত হাতখন বুলাই
: নহয় অ' আকৰী, এতিয়া পইচা অলপ গোটাব পাৰিলেহে....পিছত কি কৰি খাম ।তই কষ্ট পালে মোৰ জানো দুখ নালাগিব।
: লেকচাৰ বহুত হ'ল।যাগৈ যা।চুলাই বেপাৰীক লৈ আৰু সপোন নেদেখিবি। শেষলৈ মাতটো তাইৰ থোকাথুকি হৈ পৰে
:বি,এ পাছ ছোৱালী  পাইছ নহয়? আৰু কি লাগে।
: তোক কোনে কৈছে এইবোৰ। আচৰিত হৈ সি সুধিলে
: কথা বুলিলেই বতাহ।শুনিছো আৰু... মোক নিলেতো মাৰে ত্যাজ্য পুত্ৰই কৰিব।আৱেগত সম্পত্তিবোৰ নেহেৰুৱাবি বোপাই।
: এৰা্ মাকছোন বুজাবই নোৱাৰোঁ।
           বহাৰ পৰা উঠি অভেদ্যৰ হাতত ধৰি তাই জোকাৰিলে।
: ব'ল । ভাল পাইছ যদি আজিয়ে মোক লৈ যা।সাহস আছে তোৰ?হাজিৰা কৰি তোক মই খোৱাম।.......ঘৰতে তই বহি বহি খাবি।তোৰ সাহস আছে অভেদ্য। মোক চুলাই বেপাৰী তইয়ে বনাইছিলি,আজি মোক লৈ তই লাজ পোৱা হ'লি। যিমানেই বৰষুণ জাক ডাঙৰ হৈ আহিল সিমানেই তাইৰ কান্দোনো বাঢ়িল।মাজে মাজে কৈ উঠিল নাৰী..নাৰী সৃষ্টিৰ বাবেহে...।
 
                   ( পোন্ধৰ)

          অমৃত পৱন কৌৰ তাইৰ ঘৰলৈ আহে।বনজুইৰ দৰে বিয়পি পৰিছে খবৰটো।অগ্নিয়ে প্ৰথমে ভাৱিছিল চলে বলে কৌশলে তেখেতে সিহঁতৰ বৃত্তিটো উৎখাত কৰিব।হয়... সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য। দ্বিতীয়টো উদ্দেশ্যেও লাহে লাহে তাই বুজিব পৰা হৈছে দিনটোৰ চৌবিশ ঘন্টা পিন্ধি থকা খাকী পোছাকৰ আঁৰতো তেওঁৰ এটা সুকীয়া মন আছে।
    :  কামৰ বিভাজন আছে। কিছুমান কাম আছে যিটো কাম ছোৱালীয়ে কৰাটো আমাৰ সমাজে নিবিচাৰে।
      অগ্নি ক্লাছ ছিক্মলৈকে পঢ়িছিল।হেড ছাৰে ঠিক এনেকুৱাই তেওঁৰ দৰে  গহীনকৈ কথাবোৰ কৈছিল।যেন শুনি থাকোতেই জীৱনটো নিমিষতে সলনি কৰি দিম।
: মানুহে কি কাৰণে চুৰি -ডকাইত কৰে। বহুত কিবাকিবি পাইয়ো আজিৰ মানুহ কিয় সুখী নহয়?
            অগ্নিৰ পৰা উত্তৰ বিচাৰি তেওঁ যেন হাবাথুৰি খাইছে।
: অভাৱ-অভ্যাস।গহীন গম্ভীৰ মাতেৰে তাই মাত লগালে।
             অভাৱে মানুহক বহুত কিবাকিবি কৰি দিব পাৰে।অভাৱৰ কাৰণে বিপথে খোজ দিয়া জনক ঘূৰাই আনিব পাৰি কিন্তু অভ্যাস.......এটা ডাঙৰ প্ৰশ্নবোধক?
       পাউৰুটিৰ টুকুৰাতো ছিঙি  চাৰিটাই ভগাই খোৱা নন্দ চোৰে চোৰ কৰে অভাৱত পৰি। সেয়েহে চৰাইৰ ঠোঁটৰ দৰে আঙুলি কেইটাই মনে মনে বুটলি আনে এমুঠি জীৱনৰ টুকুৰা।
         এনেতে কাকতী-ফৰিং এজাকৰ দৰে খবৰটো আহিল। অভেদ্যৰ বিয়া ।এতিয়াৰে পৰা তাই দুখবোৰ দূৰলৈ হেঁচুকি পঠাব। বগা বগা ডাৱৰবোৰৰ দৰে তাই মনলৈ চকামকাকৈ অহা স্মৃতিবোৰ পাহৰিবলৈ চেষ্টা কৰিব। নহ'লে মৰীচিকা সদৃশ মানুহবোৰক মনত পেলায় জানো তাইৰ কিবা লাভ হ'ব?
      দীঘল হুমুনিয়াহ এটা অন্তৰ ভেদি বাহিৰ হ'ল।বুকুখন জুয়ে পোৰাৰ দৰে জ্বলা পোৰা।মূৰটোত অসহ্য পীড়া।

                 (ষোল্ল)

         অমৃত পৱনে মাকৰ লগত শান্তিৰ কথা পাতি আছে।লুক ঢাক নকৰাকৈ তাইৰ প্ৰত্যেকটো কথাই কৈছে। বহুত পৰ তেওঁ একো নামাতিলে। অৱশেষত
: তই তাইকে বিয়া কৰাব লাগিব।
: কিন্তু.....!
: আমাৰ সমাজত কিছুমান অৰ্থহীন চৰ্চা চলে। কিছুমান লেতেৰা চৰ্চা। মানুহে হাঁহক  তালৈ তই কেৰেপ নকৰিবি।
       শান্তিৰ লগত তাৰ সম্পৰ্ক ঘনিষ্ঠ হয়।মানুহৰ চকুত ধৰা পৰে । মানুহে কোৱা মেলা কৰে
: চুলাই বেপাৰীকহে ধৰিলগৈ।সি উত্তৰ দিয়ে
: তাতে কি হ'ল পিছে?কাম কৰি খোৱাটোত লাজ কিহৰ?
        অভাৱী শান্তিৰ জীৱনৰ গতি পথেই সি বদলি কৰি দিছে।তাই এতিয়া এটা নতুন সপোনত বিভোৰ হৈ আছে।মুখত লালিমা, চকুত চমক। পিছে সৰলভাৱে দুখন হিয়া আগুৱাই যাব খোজেতেই বাধা আহিছে ।চুলাই বেপাৰীয়ে অমৃতৰ দৰে এজন মানুহৰ লগত বিয়া।কথাটো শুনি গোটেই অঞ্চলৰ মানুহৰে টোপনি হৰিছে।আমৈয়েকেও এইকেইদিন আগৰ দৰে তাইৰ খবৰ খাতি নোলোৱা হৈছে।তাই সোধোতে তেওঁ যিহে ভেকাহি মাৰিলে
:আমিনো কি খবৰ ল'ম? আজিকালি তোৰ খবৰ লোৱা মানুহ ঢেৰ ওলাল।
: কিযে পাক লগা কথাবোৰ কয় আমৈ! গধূলিলৈ পাক এটা মাৰিব।
: হ'ব চাওঁ
           পিঠি দিবলৈ পালেহে মাথোন। চিঞৰি চিঞৰি হাজৰিকানীক কৈছে
: এই পুলিচ অফিচাৰটো যে বৰ কণা।
: হয় পায় ।সি আৰু ছোৱালী বিচাৰি নাপালে।
: তোমালোকৰ য়াকাচী আমাৰ সোণী কোন গুণে তাইতকৈ কম অ'
: এৰা্ তেওঁৰ পাপৰ ফল এয়া জানা।পুলিচেনো ক'ৰবাত ভাল কাম কৰা দেখিছা?
      এজন -দুজন বেয়া মানুহক লৈ গোটেই বিভাগটোৰেই বদনাম কৰাত লাগি গ'ল।  উভতি আহি কিবা এটা কোৱাৰ প্ৰয়োজন বোধ নকৰিলে তাই।তাই এতিয়া আগৰ সেই অগ্নি জনীও হৈ থকা নাই।
                  

           (  সোতৰ)

       :মোৰ অৰ্ডাৰ ওলাইছে
        : ক'লৈ
        : এখন নতুন ঠাইলৈ।য'ত চাকৰিৰ প্ৰথম তিনিবছৰ  মই থাকি আহিছো।
          : ছয়মাহ নৌহওঁতেই?
           : এৰা্ মই থকাটো ইয়াত কোনেও বিচৰা নাই সেয়েহে.....কি কৰিবা আজিৰ যুগটোৱেই এনেকুৱা। ভাল কামেই হওঁক, মানুহেই হওঁক আদৰ নাই...।তুমি তাত থাকি ভালেই পাবা। অন্ততঃ তাত আৰু কোনেও তোমাক চুলাই বেপাৰী বুলি ইতিকিং নকৰে।মোৰ কোনো আক্ষেপ নাই।আমিতো ওপৰৱালাৰ মতেই চেঁকুৰি  ফুৰা মানুহ।আজি ইয়াত কাইলৈ তাত....ঠাইখনলৈ আহি মই এটা ভাল কামেই কৰিছো অন্তত: তোমাক সৎ পথলৈ ঘূৰাই আনিছো।
    কলমৰ সাঁফৰটো মাৰি  দিনলিপিখন জপাই একাষৰীয়া কৰি থ'লে। শান্তিয়ে মৌন হৈ তেওঁলৈ চাই আছে। কিবা যেন অযথা চিন্তাত বিভোৰ হৈ থাকে তাই।
: মোৰ আজিকালি বৰ সুখ, মোৰ কোনো দুখ বেদনা নাই।
        তাই হাঁহি মাৰি কয় অথচ তাইৰ যেন মাতত অজ্ঞাতে বিষাদৰ সুৰ এটা ওলাই আহে।
: মই তোমাৰ এইটো হাঁহি চাব নিবিচাৰো।
: কিন্তু কিয় ? মইতো আগৰ দৰে নাহাঁহো
: নহয়,এই হাঁহিত বেদনা লুকাই আছে। মোৰ চকুত তুমি আৱৰণ দিব নোৱাৰা।
        ধৰা পৰি তাই কান্দো কান্দো যেন লাগিল। অমৃতৰ বুকুৰ মাজত সোমাই তাই বহি ল'লে।সি কঁপালত এটা চুমা আঁকি দিলে।

......এয়া তাইৰ প্ৰথম চুম্বন।
      লাহেকৈ অমৃতৰ মূৰটোত হাত বুলাই দিলে।চুলিখিনি অমৃতৰ বুকুত সিঁচৰিত হৈ পৰিল। তাইৰ চুটি চুটি উশাহবোৰে অমৃতক স্পৰ্শ কৰিলে।চুম্বকৰ দৰে তাৰ বুকুখন ওফন্দি আহিল। দুয়োখন হাতেৰে তাইক সাৱটি বুকুৰ মাজলৈ টানি নিলে।
         শান্তি......
অমৃতৰ ওঁঠ দুটা তাইৰ ওঁঠৰ লগত মিলি গ'ল। পৰস্পৰে হাজাৰ চুম্বন অপি'ত কৰিলে। কঁপালৰ পৰা ভৰিলৈকে.... সৰ্বশৰীৰত শিহৰণ জাগিল।কি যে সুখদায়ক তন্দ্ৰা......।
        
           
                 ( ওঠৰ)
        ঠাইখন বেচ চৌখিন। চাৰিকড়ীয়াৰ দৰে দিখৌৰো এটা নিজস্ব পৰিচয় আছে।দিখৌৰ থিয় গৰাত ৰৈ তাই দূৰলৈ চাই পঠিয়ালে। চেঁচা বতাহ এচাটি বলিছে।নৈপৰীয়া  হালধীয়া সৰিয়হ ডৰাৰ বুকুখন ঢৌ খেলি থকা সাগৰৰ বুকু যেন দেখা গৈছে।সৰিয়হ ফুলৰ গোন্ধটো চৌদিশে বিয়পি পৰিছে।
        সোঁহাতেৰে উঠন পেটটো চুই চালে তাই। চাৰিকড়ীয়া পাৰলৈ বৰকৈ মনত পৰিল।ভেলেউতোকে এবাৰ লগ পোৱা হ'লে। গাঁৱৰ সকলোৰে খবৰ ল'লেহেতেন।তাইৰ নিজৰ নতুন খবৰটোও দিলেহেঁতেন......ভেলেউ,মানুহে এনেয়ে নকয় একাল দুখ হ'লে,একাল সুখ হয়।তোৰো সুখৰ দিন আহিব।আগতে মাকে তাইক কৈছিল দুখে দহা জীৱন সোণ হৈ উজ্জ্বলে।মোলৈয়ে চাছোন চাওঁতে চাওঁতে কি দিনবোৰ গৈ কিযে হ'ল। অভাৱ দূৰ হ'ল,মৰম বাঢ়িল য'ত অকণমানো কৃপনালি নাই।ঘৰখনত বিলাসৰ বস্তু বাঢ়িল,য'ত খৰচৰ কোনো বাধা নাই।অমৃতে তাইক একেবাৰেই ৰাণীৰ দৰেই ৰাখিছে কিন্তু......তাইযে চুলাই বেপাৰী এইটো কাণত এতিয়াও বাজিয়ে আছে।(সমাপ্ত)