Type Here to Get Search Results !

বিষ্ণুৰাভা

ৰুনু শৰ্মা
গুৱাহাটী 37









হে মহান মানৱতাৰ শিল্পী!
তুমি সাৰে আছানে?
তুমিহীনতাত আজি দেশে দেশে হাহাঁকাৰ,
নাই কোনো অঙ্গীকাৰ
মানবতাৰ চিনাচিনি,
হে মহান শিল্পী জনতাৰ!
ইয়াত নাবাজে এতিয়া
ৰ'দৰ গান।
গোৱা নহয় এতিয়া 
মানৱতাৰ গান।
চৌদিশে চলিছে এতিয়া
মৃত্যুৰ বিভিষিকা
জলে -স্থলে সৌৱা নৰসংহাৰ,দূৰ্ভিক্ষৰ আৰ্তনাদ,
হেজ্ঞানৰ সফূৰা কমৰেড বিষ্ণুৰাভা!
দেশবোৰত এতিয়া মানুহ নাই,
একো একোখন শ্মশানস্থলী।
হিংস্ৰ জন্তুৰ আৰ্তনাদত
চহৰবোৰ টোপনীত লালকাল,
গাওঁবোৰ একোখন মৰুভূমি হ'ল
হে মহান শিল্পী সৈনিক!
ৰনুৱা-বনুৱাক একত্ৰিত কৰা বিশ্ববন্ধূ!
তুমিহীনতাত আজি দেশে -দেশে হাহাঁকাৰ
চৌপাশে মৃত্যুৰ বিভিষিকা 
হে গনশিল্পী !তুমি সাৰে
 আছানে এই অস্তিত্ব
সঙ্কটত!
হে বিষ্ণুৰাভা তুমি আকৌ নামি  আহা আমাৰ মাজলৈ।