Type Here to Get Search Results !

বিষ্ণুপ্ৰসাদ ৰাভা আৰু অসমৰ নৱজাগৰন

ফখৰুদ্দিন আহমেদ

    প্ৰাচীন গ্ৰীক পুথি-পাঁজি সমূহৰ উদ্ধাৰেই আছিল ইউৰোপীয় নবজাগৰনৰ সফলতাৰ মূল বৈশিষ্ট্য। অসমত হোৱা নবজাগৰনৰ ক্ষেত্ৰতো বিচাৰ বিশ্লেষন কৰিলে এই একেই বৈশিষ্ট্যৰেই দৃষ্টিগোচৰ হয়। অসমৰ প্ৰাচীন সাহিত্য-সংস্কৃতিৰৰ অফুৰন্ত ভান্ডাৰো মানৰ আক্ৰমন, ইংৰাজৰ ৰাজত্ব , বিভিন্ন সময়ত হোৱা মহামাৰী তথা প্ৰাকৃতিক ভাবে সংঘটিত বিধ্বংশী দুৰ্যোগত হেৰাই যোৱাৰ দৰে হৈছিল।এই প্ৰাচীন সাহিত্য-সংস্কৃতিৰ ভান্ডাৰ সমূহ উদ্ধাৰৰ প্ৰচেষ্টাৰ  আৰম্ভনি কৰিছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ককাদেউতাক হৰিবিলাস আগৰৱালাই আৰু পিছলৈ এই কামত হাত উজান দিছিল বিশেষকৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গোহাঞী বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে।এখেত সকলৰ অসমৰ পুৰনি সাহিত্য-সংস্কৃতি ৰক্ষাৰ কাৰ্যক্ৰমনিকাত অসমীয়া জাতিয়ে সচেতনতা লাভ কৰিছিল।
       এই পৌৰানিক অসমৰ সাহিত্য-সংস্কৃতিৰ  জাতীয় ঐতিহ্য চেতনাৰ উদ্ধাৰৰ সু উত্তৰাধিকাৰী আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। এই মহান গুনৰাজি তেখেতে জন্মসুত্ৰে লাভ কৰিছিল।
         বিষ্ণুৰাভাই ঠিক সময়তেই বুজি উঠিছিল যে ঐতিহ্যৰ ভেটিতহে প্ৰগতি অবশ্যাম্ভাবী।অসমীয়া জাতিৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব আছিল ৰাভাৰ প্ৰগতিবাদী ভাবাধাৰাৰ আদৰ্শ পুৰুষ। সেয়ে তেখেতে মহাপুৰুষ জনাৰ  আদৰ্শৰে প্ৰগতিৰ বাটত বাট বুলিবলৈ আহ্বান জনাইছিল এইদৰে--
    'অ' অসমীয়া ডেকা দল
    আজি তোৰ তেজাল বদন
    মলিন কিয় হ'ল?
    দুৰ্গম নদ পাহাৰ গিৰি
    লংঘিছিল ডেকাগিৰী
    সুন্দৰ শংকৰে লৰি কৰিছিলে তল,
    দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল
    সিও যে তোৰ নাইকিয়া হ'ল।'
          প্ৰকৃতপক্ষে বিষ্ণু প্ৰসাদ ৰাভা শংকৰদেৱৰ ধৰ্মীয় ভাবাদৰ্শৰ উপৰিও মহাপুৰুষ জনাৰ শৌৰ্য-বীৰ্য, সাংস্কৃতিক প্ৰতিভা, অসমৰ সামাজিক সংহতি , বিশ্ব মানবতা ইত্যাদি গুনাৱলীৰো বিমুগ্ধ ব্যক্তি আছিল। সৰ্বগুনাকৰ শংকৰদেবক ৰাভাই ভাৰতীয় সংস্কৃতিৰ পুৰোধা সত্বা আৰু ইউৰোপীয় নবজাগৰনৰ মুখ্য সত্বা লিওনাৰ্ডো ড্যা ভিন্স্যিৰ লগত তুলনা কৰি লিখিছিল- " এই পৃথিবীত যিসকল মহাপুৰুষে জন্ম গ্ৰহন কৰিছিল তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল সৃষ্টিৰ আকাৰ।এজন হৈছে স্বয়ং শ্ৰীকৃষ্ণ।...তেওঁ আছিল সৰ্ব গুন নিধি।আৰু এজন আছিল ইটালিৰ লিওনাৰ্ডো ড্যা ভিন্স্যি- এওঁ একেলগে বৈজ্ঞানিক, চিত্ৰকৰ আৰু ৰাজনীতিজ্ঞ পুৰুষ আছিল; আৰু এজন আছিল আমাৰ অসমৰে মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ।....সঁচাকৈয়ে অাজি শ্ৰীশ্ৰী শংকৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ'ব"।
       শ্ৰীকৃষ্ণ, লিওনাৰ্ডো ড্যা ভিন্স্যি আৰু শংকৰ দেৱৰ আদৰ্শৰে অনুপ্ৰানিত ৰাভাও আছিল বিচিত্ৰ প্ৰতিভাৰে ভাস্বৰ অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ এগৰাকী অক্লান্ত সৈনিক। পৰম্পৰাগত শৃংখল ডাল চিগি ভাগি মুক্তিৰ জৰিয়তে নতুনত্বৰ সোৱাদ ল'বলৈ সদা উন্মুখ ৰাভা এগৰাকী প্ৰকৃততেই নবজাগ্ৰত পুৰুষ। সেয়ে তেখেতে নব প্ৰজন্মক আহ্বান জনাইছিল-
ভাং ভাং ভাং ভাং/লোহাৰ শিকলি ভাং ।
ছিং ছিং ছিং ছিং/ দাসৰ বান্ধোন ছিং ।
খোল খোল খোল খোল/ কাৰাৰ ফাটক খোল ।
ভাং ভাং / দুৱাৰ দাং ।
  তেখেতৰ কবিতাত প্ৰান পাই উঠিছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ বিৰুদ্ধে বিপ্লবী কন্ঠ স্বৰ।
     ৰাভাই সফলতা দেখিছিল কৃষক , বনুৱা , ৰনুৱা,মজদুৰ আৰু নিপীড়িত সকলৰ জীৱনৰ সংগ্ৰামৰ মাজত। সেয়ে তেওঁ গাইছিল-
ব'ল ব'ল ব'ল ব'ল/ কৃষক শক্তি দল,
অ' বনুৱা সমনীয়া / আগবাঢ়ি যাওঁ ব'ল।
জাগ্ জাগ্ জাগ্ জাগ্ /মজদুৰ ন-জোৱান,
নিৰ্যাতিত নিপীড়িত /কৃষক শক্তিমান।
তোৰ বাবেই আছে লুকাই/ অসীম শক্তিবল;
ৰণৰ শিঙা বাজে শুন ঐ/ আগবাঢ়ি যাওঁ ব'ল ।
       অসীম শক্তি আৰু প্ৰতিভাৰ অধিকাৰী ৰাভাৰ সৃষ্টি বেছি ভাগেই অসমৰ ৰাইজৰ ঘৰে ঘৰে সিচৰতি হৈ আছে ।তাৰ উপযুক্ত কাৰনো অবশ্যে আছে । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়তো বিষ্ণু প্ৰসাদ ৰাভা ইংৰাজৰ  বাবে 'ম'ষ্ট ৱান্টেড' আছিল। স্বাধীনতাৰ পিছতো তেখেতৰ সংগ্ৰামৰ গতি পথ সলনি হোৱা নাছিল। তেখেতৰ দৃষ্টিত ধৰা পৰিছিল যে দেশৰ শাসন কৰ্তা হে সলনি হ'ল কিন্তু দেশৰ শাসনৰ ভাৰ পুনৰ পুঁজিপতি সাম্ৰাজ্যবাদী সকলৰ হাততে থাকি গ'ল। তেখেতে সেই সময়ত পৃথিবীৰ বিভিন্ন দেশবোৰত চলি থকা কমিউনিষ্ট আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ "কমৰেড্ ধৰো হাতিয়াৰ " শ্লোগান মৰ্মে কাৰ্যপন্থা হাতত লৈ ইং ১৯৪৮ চনত ভাৰত চৰকাৰে বে আইনি ঘোষনা কৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী কৰ্মকৰ্তা হিচাপে জনতাৰ মাজত অজ্ঞাতবাসৰ জীৱন অতিবাহিত কৰিবলগা হৈছিল।তেতিয়া তেখেতে লিখিছিল-" তেজৰ বোলেৰে লিখি যাম ইতিহাস/মচি যাম দীন সমাজৰ হীন পৰিহাস/ কত শ্বহীদৰ জীৱনী লিখা/ কত ব্যথিতৰ বেদনাৰ ছবি অঁকা/"। এওবোৰ হ'ল ৰাভাৰ জীৱনৰ জীয়া ইতিহাস। জনতাৰ প্ৰানৰো প্ৰানৰ এগৰাকী সংগ্ৰামী পুৰুষৰ জীৱনৰ জীবন্ত দস্তাবেজ।
       কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ প্ৰতিটো ক্ষন অসম তথা অসমীয়াত্বক চিৰদিন জীয়াই ৰাখিবলৈ কৰা সংগ্ৰামী মুহূৰ্তৰ ইতিহাসেৰে সমৃদ্ধ।
       ৰাভাৰ জীৱনৰ মূল্যায়ন কৰিবলৈ তেখেতৰ ৰচনাৱলীয়েই একমাত্ৰ সমল নহয়, তেখেতৰ জীৱনৰ ওপৰত সামগ্ৰিক ভাবে নিৰ্মোহ বিশ্লেষনৰ একান্তই প্ৰয়োজন হৈ পৰিছে। এনে ধৰনৰ নিৰ্মোহ বিশ্লেষন হ'লেহে অজিৰ যুব প্ৰজন্মই ৰাভাৰ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ কৃতকৰ্মৰাজিৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ অধ্যয়ন কৰি অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনিলৈ অবদান আগবঢ়াবলৈ নিজকে ব্ৰতী কৰিবলৈ অনুপ্ৰেৰনা লাভ কৰিব।

মোবাইল নং-৮৬৩৮৩১২৭০৭