গীতাঞ্জলি দেৱী
মই মৰিব পাৰোঁ অ' তোৰ বুকুত ।
মই নিজক হেৰুৱাই পেলাব খোজোঁ তোৰ গভীৰতাত ।
সাহিয়াল ঘাটৈৰ অনেক কথা
তোৰ পৰাই আৰম্ভ ।
লৈ আনি পৰিশ্ৰান্ত পথিকক
তোৰ স'তে কথা পাতে ,
আৰু বেলি পৰা দেশৰ অনেক সাধু
পৰে -পৰে শুনাব পাৰে ।
মেঘৰ সুহুৰিত তোৰ মতলীয়া নাচোন দেখিলে অচিনাকি যেন লাগে তোক ।
মই মৰিব পৰা তোৰ বুকুখনলৈ ভয় হয় মোৰ ।
দুখোজ আঁতৰৰ মোৰ গাওঁখনৰ পৰা উজাই আহে তেতিয়া এটি স্বৰলিপিত গঁথা কান্দোনৰ ৰোল,
উথলি উঠে বহু দুখৰ হুমুনিয়াহ আৰু আজন্ম শোক।
তথাপিও , তথাপিও ভাল পাওঁ তোক
প্ৰীতি ভৰা প্ৰতিশ্ৰুতিৰে চুই চাওঁ তোক ।
সামৰি ৰাখোঁ তোৰ ৰূপহ বুকুৰ অলেখ দিন-পঞ্জী,
কাৰণে- অকাৰণে , জাৰে-জহে , প্ৰতিটো ঋতুৱে-ঋতুৱে ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° °°°°°