Type Here to Get Search Results !

সম্পাদকীয়


                                             মানসিক স্বাস্থ্য
                                        

      সময়ৰ পৰিবৰ্তনৰ লগত মানুহৰ চাহিদাৰো পৰিবৰ্তন আহিছে। সেয়ে পুৱাৰ পৰা দৈনন্দিন অভাৱ আৰু চাহিদা সমূহ পূৰ কৰিবলৈ বিভিন্ন কামত দিনটো অধিক ব্যস্ততাতে থাকিব লগা হৈছে। এনে হোৱাৰ বাবে কামৰ চাপ সকলোৰে মানসিকতাত পৰিব ধৰিছে। সেই বাবেই বৰ্তমান সময়ত মানসিক স্বাস্থ্য প্ৰতি সকলোৱে সজাগ হোৱাতো প্ৰয়োজনীয় হৈ পৰিছে।
     বহু সময়ত আমাৰ শৰীৰটো ভাগৰুৱা হলে যেনেকৈ কিছু জিৰণিৰ প্ৰয়োজন তেনেদৰে মনটো কেতিয়াবা ভাগৰুৱা হৈ পৰে । তেতিয়া মনকো যে জিৰণি প্ৰয়োজন হৈ পৰে এই কথাটো ব্যস্ততাত আমি পাহৰি যাও। শৰীৰৰ সুস্থতাৰ বাবে খাদ্য অপৰিহাৰ্য সমান্তৰালকৈ মানসিক স্বাস্থ্যৰ বাবেও মানসিক খাদ্যও অতীৱ প্ৰয়োজনীয়।
 'হকচোন আমি কেনেবোৰ পদক্ষেপৰে আমাৰ মানসিক স্বাস্থ্য সবল কৰি ৰাখিব পাৰো তাৰে কিছু দিশ অনুধাৱন কৰো-
১) দৈনন্দিন বহু ধৰণৰ বাৰ্তা আমাৰ মন-মগজুত ক্ৰিয়া কৰে। তেনে অৱস্থাত মনৰ মাজত যোগাত্মক বাৰ্তাবোৰক অধিক প্ৰাধান্য দি নেতিবাচক বাৰ্তা বোৰক অতিক্ৰম কৰিবলৈ যত্নপৰ হ'ব লাগে।
২) শুদ্ধ উৎসৰ পৰা তথ্য সংগ্ৰহ, গ্ৰন্থ অধ্যয়ন, প্ৰকৃতিৰ সংস্পৰ্শত মাজে মাজে থাকিব পাৰিলে মনলৈ প্ৰশান্তি আহে।
৩) যোগ, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যসন দিনটো কিছু সময় কৰিবলৈ প্ৰয়াস কৰিব পাৰো।
৪) দৈনন্দিন জীৱনৰ কামবোৰ অতি খৰ-ধৰ আৰু বিশৃংখল ভাৱে নকৰি শৃংখলতা ভাৱে কৰি কামত সফল হোৱাৰ লগতে মানসিক চাপৰ পৰাও ৰেহাই পাব পাৰি।
৫) অধিক প্ৰতিযোগিতা মুখীতাই মনৰ শান্তি বিঘ্নিত কৰে, সেয়ে প্ৰয়োজন সাপেক্ষেহে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা উচিত।
৬) সৎ সংগই আমাৰ জীৱনত অভূতপুৰ্ব প্ৰভাৱ পেলায় সেয়ে সৎ সংগী বা বন্ধুৰ সংগত থাকিবলৈ চেষ্টা কৰিব লাগে। 
৭) সদায় যোগাত্মক চিন্তাৰে কৰ্মত অগ্ৰসৰ হ'ব লাগে। পাৰিলে আনকো সহায় কৰিব লাগে পৰোপকাৰত অসমৰ্থ হলেও আনক অনিষ্ট বা অসৎ চিন্তা কৰিব নালাগে।  
৮) জ্ঞাত বা অজ্ঞাতে কিবা ভুল হলে সেই ভুলক পলম নকৰি শুধৰাবলৈ যত্নপৰ হ'ব লাগে। এটা ভুলৰ বাবে বহু ভুলৰ জন্ম হৈ আমাৰ মানসিক ভাৱে হতাশাগ্ৰস্ত কৰি আমাক বিপথে পৰিচালিত কৰিব পাৰে।
৯) যেনেকুৱা পৰিৱেশতে বাস কৰে সেই পৰিৱেশটো নিজৰ নিয়ন্ত্ৰণৰে শান্তিময় ৰূপে গঢ়ি তুলি ল'ব লাগে।
১০) বিজ্ঞ জনৰ সৈতে আধ্যাত্ম চৰ্চা কৰিব পাৰিলে ভাল হয়।
    উপৰোক্ত দিশবোৰ আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি আমি আমাৰ মানসিক স্তৰ উন্নিত কৰিব পাৰো তাৰ লগতে মানসিক ভাৱে সবল হৈ থাকিব পাৰোঁহক।
সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী