Type Here to Get Search Results !

ছশ বছৰীয়া আহোম ৰাজত্বৰ নাজিৰাৰ এটি প্ৰাচীন কীৰ্তি চিহ্ন সোন্দৰ পুখুৰী ------

দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )

     নাজিৰা নগৰৰপৰা প্ৰায় (৬ ) ছয় কি: মিটাৰ পুৱ দিশে নগা আলি আৰু দিখৌ নৈৰ মাজৰ  সোন্দৰ পুখুৰী এটা সৰু অঞ্চল ৷দীঘে প্ৰায় ১;৫ কি:মি:আৰু প্ৰস্হই ১ কি:মিটাৰ মানহে হব ৷৷পূৱফালে বামুন পুখুৰী চাহ বাগিছা আৰু চলং পথাৰ য’ৰ পথাৰৰ মাটি এসময়ত এঢলীয়া আছিল ৷কাল ক্ৰমত মুখ বাগৰি চলং পথাৰ গুছি চেলেং পথাৰ হ’ল ৷যদিও সেই অঞ্চলটোৰ নাম অতীতে অভয়পুৰহে আছিল ৷পশ্চিমে বাউলী মৈডাম;উত্তৰে নগা আলি ;আৰু দক্ষিণে দিখৌ নৈ ৷দিখৌ নৈৰ প্ৰবল গঢ়াখহনীয়া ই ঐতিহ্যমণ্ডিত সৰু অঞ্চলটোৰ পৰিসীমা কমাই আনিছে কেইবছৰ মানৰ ভিতৰতে ৷দিখৌ নৈ আৰু নগা আলিৰ প্ৰায় সমদূৰত্বত অঞ্চলটোৰ পুৱ দিশৰ অংশত সোন্দৰ বৰ গোহাঁইৰ ঘৰ বাৰী থকাৰ লগতে ওখ ওখ ঢাপৰ কথা সেই অঞ্চলৰ অৱসৰ প্ৰাপ্ত শিক্ষক মহেন্দ্ৰ গোস্বামী ছাৰৰ মুখেৰে শুনা পালো ৷তেখেতৰ মতে বাৰীৰ ডাঙৰ ঢাপৰ চিন কিছু বছৰৰ আগলৈকে আছিল যদিও এতিয়া কালৰ বুকুত নিশ্চিন্ন হৈ গলেও ঠায়ে ঠায়ে আছে ৷বাৰী খনৰ উত্তৰ দিশত এটা ডাঙৰ পুখুৰী তেওঁৱেই খন্দোৱাইছিল ৷সেই বাবেই পুখুৰেটোৰ নাম সোন্দৰ পুখুৰী ৷তেওঁৰ বাৰীৰ দক্ষিণ পুৱ দিশত তেওঁৰ জীয়াৰি বোৱাৰী হ’তে গা ধুবলৈ পুখুৰী খন্দাইছিল যাৰ মাত্ৰ বৰ্তমান সামান্য অস্তিত্ব আছেগৈ যিটো এতিয়া গা ধুৱা পুখুৰীৰ পৰা মুখ বাগৰি গেলা পূখুৰী হ’লগৈ ৷সোন্দৰ পুখুৰীৰ উত্তৰ দিশত নগা আলি পাৰ হৈ গৰু  ম’হে  পানী খাবলৈ এটা পুখুৰী খন্দোৱাইছিল ৷যিটো ম’হ বন্ধা পুখুৰী ---যাৰ চিন মোকাম -নাই বৰ্তমান ৷নগা আলিটো নগা পাহাৰৰ লগত সঘন যোগাযোগ আৰু যাৰ বিপদৰ সময়ত কৰা সহায়ৰ কৃতজ্ঞতাৰ বাবেই গদাধৰ সিংহই নগা আলিটো নিৰ্মাণ কৰিছিল ৷সোন্দৰ পুখুৰীৰ নাম অনুযায়ীয়েই এই সৰু অঞ্চলটোৰ নাম সোন্দৰ পুখুৰী হয় বুলি ইতিহাস আৰু জনশ্ৰুতিয়ে কৈ আহিছে ৷উল্লেখ্য যে মাদুৰিয়াল ফৈদৰ নক্ষত্ৰ স্বৰূপ লাইথেপেনা বৰ গোাহাঞিৰ ২৪ জন পুত্ৰৰ এজন সোন্দৰ বৰ গোহাঁই ৷জয়মতীৰ মালিতাত আছে====
"ছ অঁৰা ককাই ভাই এঘাৰজনী মাহী আই 
তেৰ জনী বাই ভনী 
মাদুৰি চহৰত ডাঙৰ হৈ আছিলো 
আই বোপাইৰ আহঙত খায় "
লাই থেপেনা বৰ গোহাঞিয়ে ছ ' অঁৰা পুত্ৰক দিখৌ নৈৰ দুয়ো পাৰে বেলেগে বেলেগে বেলেগ বেলেগ স্হানত মাটি বাৰী দি বহুৱাইছিল ৷সোন্দৰ বৰ গোহাঁই আছিল  সোন্দৰ পুখুৰীত ৷লাইথেপেনা বৰ গোহাঁইয়ে ল’ৰা ৰজাৰ দিনত সলাল গোহাই  আৰু গদাধৰ সিংহৰ ৰজা হোৱাৰ দিনতে ৰাজ মন্ত্ৰী ৰ বাব খাইছিল ৷স্বগদেউ চশচেংফাৰ দিনত সলাল গোহাইৰ পদবী সৃষ্টি হৈছিল ৷লাইথেপেনা বৰ গোহাঁইৰ ককাকে সলাল গোহাঁই বিষয় বাব ভোগ কৰিছিল ৷জয়মতীক লালুসোলা আৰু গাঠি হাজৰিকাই জেৰেঙা পথাৰত অমানুষিক চৰম শাস্তি দিয়াৰ সময়ত লাইথেপেনা বৰ গোহাঁইক কলিয়াবৰৰ ফালে সলাল বাবত থকাৰ কথা ইতিহাসে কয় ৷সোন্দৰ পুখুৰী গাঁৱত বৰ্তমান দুখন গাঁও ৷হুলাল আৰু কলিতা গাওঁ আগেয়ে দুইখন গাঁওতে পৰিয়াল কম আছিল। এতিয়া  যথেষ্ট বাঢ়িল ৷সোন্দৰ পুখুৰী বুলি কোনো ৰাজহ গাঁও নাই ৷মাটিৰ পট্টা আদিটো হুলাল কলিতা বুলিহে থকাৰ তথ্য পোৱা গ’ল ৷বোধ হয় সোন্দৰ বৰ গোহাঁইৰ দিনতে বংশৰ স্মৃতি ৰক্ষা কৰিবলৈ সলাল গাঁও নাম দিয়া হৈছিল যদিও ইতিহাস নিমাত ৷পাছত উচ্চাৰণৰ সহজ আৰু ছুটি কৰিবৰ বাবেই হলাল বুলি ধাৰণা কৰে সেই অঞ্চলৰ বয়োজেষ্ঠ সকলে ৷কলিতা গাঁওত মাত্ৰ দুঘৰমান হে কলিতা সম্প্ৰদায়ৰ লোক বাসকৰিছিল অতীজতে ৷গতিকে হলাল আৰু কলিতা গাঁৱক একেলগ কৰি সলাল কলিতা নাম দিয়া হ’ল ৷বোধহয় স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতেই মাটি পিয়ল কৰোতেই তেনে ব্যৱস্হা কৰা হল ৷সোন্দৰ বৰ গোহাঁইৰ বাসস্হান আছিল যদিও এই অঞ্চলত এঘৰো বৰগোহাঁই উপাধিৰ কোনো পৰিয়াল নাই ৷আৰু কলিতা গাঁৱতো কোনো কলিতা পৰিয়াল নাই এতিয়া দুই এঘৰ কলিতা সম্প্ৰদায়ৰ লোক কৰ্ম সুত্ৰেবসবাস কৰিছেহি ৷অৱশ্যে ইয়াৰ আশে পাশে ৰজাৰ দিনত বিষয় বাব খোৱা তামুলী ;শইকীয়া ;হাজৰিকা  বৰুৱা ;বৰা  আদি উপাধিৰ কিছু পৰিয়ালৰ পৰিনাতি আজিও বাসকৰি আছে ৷সোন্দৰ পুখুৰীৰ টোৰ সম্পৰ্কে থকা জনশ্ৰুতি ত এইদৰে কয় বা আমি জানো পুখুৰীৰ উত্তৰ পাৰটোৰ পুৱ অংশত প্ৰায় ২নল ভঙা দক্ষিণৰ পাৰটোৰ পশ্চিম অংশত সমানে প্ৰায় ২নল ভঙা সেই দুই ঠাইত বাৰিষা পানী ওলাই যাব নোৱাৰাকৈ ৰাইজেহে বান্ধি বা ভেটি থৈছে ৷কথিত আছে যে এই সোন্দৰ পুখুৰীত এখন সোণৰ আৰু এখন ৰূপৰ নাওঁ আছিল ৷কালক্ৰমত কিবা কাৰণত নাওঁ দুখনে পুখুৰীটোৰ পাৰ ভাঙি ওলাই গ’ল ---""--না ফৌক "’নামৰ লোক এজনে বাট দেখুৱাই দিছিল আৰু যি বাটেৰে পানীৰে সৈতে পুখুৰীৰ পৰা নাওঁ ওলাই গৈছিল নাফুক জান হ’ল যি হেকৰা বৰ বৰুৱা আলিৰ স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা ৰজাপুলৰ তলেদি বৈ গৈছে যদিও বিভিন্ন অঞ্চলৰ মাজেদি যাওঁতে নামো বিভিন্ন লৈছে ৷আৰু জয়সাগৰৰ নামডাং নৈত পৰা ডিমৌ নদীৰ উৎপত্তি স্হল সোন্দৰ পুখুৰীয়েই ৷আৰু অান এসুঁতি পানী ৰুপৰ নাওঁৰে সৈতে  দক্ষিণ পশ্চিম পাৰটো ভাঙি দিখৌত পৰিছেগৈ এই জানটোক আজিও সেই অঞ্চলৰ লোক সকলে গোধাজান বুলিয়েই জানে ====(আগলৈ কৃতজ্ঞতা স্বীকাৰ মহেন্দ্ৰ গোস্বামী সোন্দৰ পুখুৰী৷)