Type Here to Get Search Results !

প্ৰব্ৰজনে খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিছে



ধীৰেন শইকীয়া
 

তাহানি কালৰ 'অসমীয়া', 'আসাম হিতৈষী', 'চেতনা', 'নাগৰিক', 'নীলাচল' আদি বিভিন্ন কাকতত অম্বিকাগিৰি ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য,চন্দ্ৰ নাথ শৰ্মা,নিবাৰন বৰা,গৌৰীশংকৰ ভট্টাচাৰ্য প্ৰমুখ্যে বহু বৰেন্য লেখক তথা সাংবাদিকে অসমত বৃদ্ধি হৈ অহা বিদেশী লোকৰ প্ৰব্ৰজনৰ ফলশ্ৰুতি সম্বন্ধে খৰচি মাৰি আলোচনা কৰিছিল।মন কৰিবলগীয়া কথাটো হ'ল অসমলৈ কেবল বাংলাদেশীসকলেই আহিছিল এনে নহয়।বিভিন্ন সময়ত বিভিন্ন ধৰ্ম বৰ্ণৰ জাতি জনগোষ্ঠীয়ে প্ৰব্ৰজন কৰিছিল।সেয়া চাহবাগানৰ বনুৱাই হওঁক কিম্বা নেপালী,বিহাৰীসকলেই সকলেই হওঁক বা বাংলাদেশী মুছলমানসকলেই হওঁক।

অসমলৈ হোৱা প্ৰব্ৰজনৰ ইতিহাস

*******


চীনৰ য়ুন্নান প্ৰদেশৰ মুঙ মাও অঞ্চলৰ পৰা 1228খৃঃত অহা আহোম সকলৰ আগতো এইখন অসমলৈ প্ৰব্ৰজনৰ ইতিহাস আছে।
১২০৫-০৬ খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবেকৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে আলিমেছৰ দিক নিৰ্দেশনাত অসম আক্ৰমন, ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্বকৰ অসম আক্ৰমন, ১৬৬১ খ্ৰীষ্টাব্দত বঙ্গদেশৰ মীৰজুমলা আৰু ৰছিদ খাঁৰ লগত অসম আক্ৰমণ কিম্বা ১৬৭১ চনত সংঘটিত অম্বৰৰ ৰজা ৰাজা ৰামসিংহৰ লগত সংঘটিত শৰাইঘাটৰ যুদ্ধৰ পাছতো যথেষ্ট সংখ্যক মুছলমান তথা অন্যলোকো বিভিন্ন পৰিক্ৰমাৰে আহি অসমত থাকি গৈছিল। পৰৱৰ্তী কালত এইসকল লোকৰ সতি সন্ততিও অসমৰ ভাষা সংস্কৃতিৰ লগত লীন গৈছিল। একেদৰে চাহ খেতিৰ বাবে বৃটিছসকলেও এইখন অসমলৈ প্রয়োজনীয় শ্রমিক আমদানি কৰিবলৈ ধৰে ভাৰতবৰ্ষৰ মহামাৰী পীড়িত ঝাৰখণ্ড, বিহাৰ,উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা। এওঁলোকৰ প্ৰব্ৰজনেও অসমৰ ওপৰত প্ৰভাৱ নপৰা নহয়। আহোমৰ দিনতো পশ্চিমবংগৰ অন্তৰ্গত নাদিয়াৰ মালিপোতাৰ বিশিষ্ট শাক্ত পণ্ডিত কৃষ্ণৰাম ভট্টাচার্য প্ৰমুখ্যে বহু বঙালী ব্ৰাহ্মন আনি অসমত পূজা অৰ্চনা আৰম্ভনি কৰিছিল। পৰৱৰ্তী কালত এনেদৰেও বহু বঙালী লোকৰ প্ৰব্ৰজন হয় অসমলৈ।বৃটিছসকলৰ ৰাজত্বৰ সময়ত তেওঁলোকৰ কামকাজত সহায় কৰিবলৈও বহু বঙালী লোকক বৃটিছে আমদানি কৰিছিল, তেওঁলোকেও পেচাগত কাৰণত অসমলৈ আহিছিল,এয়াও আন এক প্ৰব্ৰজন। ইয়াৰ সমান্তৰালভাবে ৰেলপথ নিৰ্মানৰ সময়ত বহু বিহাৰী,মাৰোৱাৰী,পঞ্জাবী লোক ব্যৱসায়ৰ সূত্ৰে অসমলৈ আগমন হয়। ১৯৫০ চনত ইণ্ডো-নেপাল সন্ধিৰ ফলত নেপালৰ পৰাও যথেষ্ট নেপালী লোকৰ প্ৰবজন হৈছিল
এইসমূহ অনুপ্ৰবেশৰ ভিতৰত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনেই বৃহৎ হাৰত হয় বুলি সকলোৱে স্বীকাৰ কৰিছে। এই প্ৰব্ৰজনৰ বিৰুদ্ধেই ছবছৰ জুৰি (১৯৭৯-৮৫) আছুৰ নেতৃত্বত  অসম-আন্দোলনো গঢ়ি উঠিছিল যদিও সেই সমস্যাটো আজিও সমাধানৰ সূত্ৰে ব্যৱস্থা লোৱা দেখা নগ'ল৷ সীমান্তত কাঁটা তাৰৰ বেৰ দি বি এছ এফৰ চকী প্ৰতিষ্ঠা, আই এম ডি টি এক্ট, এন আৰ চি,বিদেশী ন্যায়ধিকীৰন ট্ৰিবুনেল আদিৰ ব্যৱস্থা কৰা হ'ল যদিও সকলোবোৰ যেন ভেকোভাওনাহে হৈ থাকিল৷ 
বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ বিভিন্ন কাৰণ
ক) 1891-1892 চনত অসম আৰু বংগৰ মাজত হোৱা ৰেল যোগাযোগ আৰু ভাপ নাৱেৰে চলোৱা নৌ যাতায়ত আৰম্ভকো(1847) বহুতে প্ৰব্ৰজনৰ অন্যতম কাৰণ বুলি কব বিচাৰে৷1847 চনত ভাপনাওঁ বাংলাদেশৰ পৰা গুৱাহাটীলৈ আহিবলৈ 25 দিন লাগিছিল৷ কিছু লোক বেপাৰ বানিজ্যৰ বাবেও মাজে মাজে অসমলৈ আহিছিল৷ এনেদৰেও প্ৰব্ৰজন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ সাংবাদিক পুলিন কলিতাৰ 'অসমীয়াৰ সংজ্ঞা আৰু অসমীয়াৰ অস্তিত্ব গ্ৰন্থখনত তেওঁ লিখিছেঃ 'ক্ষেত্ৰভিত্তিক অধ্যয়নে দেখুৱাইছে যে ঊনৈশ শতিকাৰ প্ৰথম দুটা দশকত সেইবোৰ ঠাইতহে পূৰ্ববংগীয়ৰ বসতি গঢ়ি উঠিছিল য'ত ৰেলপথ শেষ হৈছিল,বৃহৎ জাহাজ ঘাটৰ নাতিদূৰৈতো পূৰ্ববংগীয়ৰ বসতি এই তিনিটা দশকত গঢ়ি উঠাৰ প্ৰমান ক্ষেত্ৰভিত্তিক অধ্যয়নে দিয়ে৷ লখিমপুৰ, মংগলদৈ,হোজাই আদি ঠাইত এনেদৰেই প্ৰাচীনতম পূৰ্ববংগীয়ৰ বসতি কেইটা গঢ়ি উঠিছিল (পৃষ্ঠাঃ52)
খ) 1883 খৃঃত অসমত দেখা দিয়া কলাজ্বৰ মহামাৰীত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছিল,তেতিয়া বৃটিছ চৰকাৰে যথেষ্ট সংখ্যক ৰাজহ হ্ৰাস হোৱাত কাষৰীয়া বাংলাদেশৰ পৰা খাদ্যশস্য আনি জোৰা মাৰিব লগা হৈছিল৷এনে ঘটনাই অসমতে অধিক শস্য উৎপাদনৰ কথা ভাবিবলৈ বাধ্য হয়৷ অধিক মানুহ অধিক উৎপাদন(Grow more food) এই নীতিৰে কিছু মানুহ চুবুৰীয়া বাংলাদেশৰ পৰা অনাই কৃষি উৎপাদন বৃদ্ধি কৰিছিল৷
গ) ১৯৫০  চনৰ নেহেৰু-লিয়াকত চুক্তিৰ ফলতো বাংলাদেশৰ পৰা যথেষ্ট সংখ্যক লোকৰ অসমলৈ প্ৰব্ৰজন হয়।১৯৫০ৰ ৮ এপ্রিলত স্বাক্ষৰিত নেহৰু-লিয়াকত চুক্তিমতেঃভাৰত আৰু পাকিস্তান উভয়ে নিজ নিজ দেশত সংখ্যালঘু নাগৰিকক সুৰক্ষা দিব আৰু বাংলাদেশী অনুপ্রৱেশকাৰীসকল নিজ নিজ দেশলৈ ঘূৰি যাব লাগিব৷ আচৰিতজনক কথাটো হ'ল পাকিস্তানৰ প্রধানমন্ত্রী লিয়াকত আলী খানে উক্ত চুক্তি ৰূপায়ণৰ পিছতো তাৰ পৰা ভাগি অহা শৰনাৰ্থী সকলক গ্ৰহন নকৰিলে ৷ তাৰ বিপৰীতে হেজাৰ হেজাৰ অনুপ্রৱেশকাৰী আৰু আহিয়েই থাকিল৷
ঘ) ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানৰ ভয়ত অনুপ্ৰবেশ ঘটা ভালেসংখ্যক হিন্দু আৰু মুক্তিযুদ্ধৰ সংকটৰ পৰা নিৰাপদ স্থান বিচাৰি অহা পূৰ্ববংগীয় মুছলমান
ঙ) ইয়াৰোপৰি  যথেষ্ট অঞ্চল উন্মোক্ত সীমান্ত। এই উন্মোক্ত সীমান্তয়েদি অবাধে চুবুৰীয়া দেশৰ অসমৰ ভূমিভাগলৈ আহিবলৈ সুচল,ইয়াত অলপ কষ্টেৰেই দুবেলা দুমুঠি ভাতৰ জোগাৰ কৰাটো তেনেই সহজ।সেইটো কাৰণতো সমস্যা জৰ্জৰ বাংলাদেশৰ পৰা উন্মোক্ত সীমান্তৰে বা সীমান্ত বাহিনীৰ চকুত ধূলি দি অসম পায়হি
চ) অসমত তাহানিৰে পৰি খেতি নকৰাকৈ থকা সাৰুৱা পতিত মাটিও যথেষ্ট,গতিকে  বাংলাদেশত কঠোৰ পৰিশ্ৰম কৰাৰ অভিজ্ঞতা থকা বাংলাদেশী মুছলমানসকলে এই চুবুৰীয়া দেশখনলৈ আহি ভাৰতৰ স্বাধীনতাৰ আগৰে পৰাই থাকিবলৈ আৰম্ভ কৰিছে
প্ৰব্ৰজনৰ এইবোৰ ইতিহাসলৈ চালে দেখা যায় বাংলাদেশ,নেপাল আদিৰ পৰা নানা কাৰণত অহা লোককে ধৰি ভাৰতৰ অন্তৰ্গত অন্য ৰাজ্যসমূহৰ পৰাও যথেষ্ট লোকৰ আগমন ঘটি ৰাজ্যখনৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে,এনে হৈ থাকিলে অনাগত কেইটামান বছৰৰ ভিতৰতে অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অস্তিত্ব বিপদাপন্ন হব ই ধুৰূপ
প্ৰব্ৰজনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদসমূহ
1911 চন,1931 চনৰ লোকপিয়লতো বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ বিষয়টো বিশেষভাবে আলোচিত হৈছিল৷ মুলান চাহাবে 1931 চনৰ লোকপিয়লত স্পষ্টভাৱে হেনো কৈছিলঃ অসমলৈ এই হাৰত পূৰ্ববংগীয় লোক আহি থাকিলে শিৱসাগৰ জিলাখনৰ বাহিৰে অসমৰ কতো আধিপত্য নাথাকিব৷ উল্লেখযোগ্য যে, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে নিজৰ শাসনকালতেই অসমলৈ বাংলাদেশী অনুপ্ৰবেশৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক অনুৰোধ কৰিছিল হেনো1924 চনত প্ৰথম বাংলাদেশী প্ৰব্ৰজনৰ বাবে অসমৰ ভবিষ্যতে হব পৰা ভয়াবহতাৰ কথা কোৱা মানুহজন আছিল অম্বিকাগিৰি ৰায়চৌধুৰী।তেওঁ তেতিয়া অসমীয়া জাতিসত্তাক ভবিষ্যত হেঁচা মাৰি ধৰিব বিচৰা বহিৰাগতৰ প্ৰব্ৰজন, অসমৰ খেতিৰ মাটিৰ ওপৰত পমুৱাৰ বে-দখল, চাকৰি-ব্যৱসায় আদি ক্ষেত্ৰৰ পৰা অসমীয়াৰ অধিকাৰ সংকোচন ইত্যাদি অলেখ বিষয়ৰ বিৰুদ্ধে সজাগতা গঢ়িবলৈ 'অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষিণী সভা', 'অসম জাতীয় মহাসভা' আদি গঠন কৰিছিল1927 চনতো বহিৰাগতক মাটিৰ পট্টা দিয়াৰ বিৰোধীতা কৰিছিল মহাদেৱ শৰ্মাই।আনকি এবাৰ অসমৰ কৃষ্ণৰাম শৰ্মাই বাংলাদেশী প্ৰব্ৰজনৰ বিষয়টোৰ কথা কওতে মহাত্মা গান্ধীয়েও হেনো সাৱধানবানী কৰি কৈছিলঃ 'অসমে যদি এই কথাবোৰ বুজি সাৱধানেৰে কাম নকৰে,তেন্তে অসমৰ বিনাশ অৱস্বাম্ভাবী'১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুপ্ৰবেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ১৯৭৮ চনৰ  মাৰ্চ মাহত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যুত মংগলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়।অৱশেষত এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰা হয়। তেতিয়া মঙলদৈ সমষ্টিতে কেইবা হেজাৰ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত দেখি সৰ্বত্ৰে আছুৰ উদ্যোগত প্ৰতিবাদ হৈছিল আৰু ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ কৰিছিলতাৰ পিছৰ কথাবোৰ আজি সকলোৰে জ্ঞাত