সবিতা বৰুৱা
( এক)
"আমি খব নাফাৰং কুনি
বিষ্ণু ৰাভা "
উপচি পৰিল পাগলাদিয়া
উটি গ'ল মূৰত জাপি,
গাত ফটা চোলা
আৰু.......
পুৰণি গামোচাৰে ঢকা
এটা দেহা ,
যি দেহাই বুজি পাইছিল স্বাধীনতাৰ সোৱাদ কেনেকুৱা
( দুই)
হে' ক'লাগুৰু বিষ্ণুৰাভা
লগন ওকলি গ'ল..
বহু ৰাতি হ'ল
তোমাৰ কবিতাৰ ছন্দ লাগি
মন্দিৰত ৰূপৰ টিলিঙা বাজি
ৰ'ল..
(তিনি)
দূৰৈত পাহাৰে বিনাই
সুৰৰ দেউল আৰু নাই
মাজনিশা বতাহত উচুপি উঠে
চিফুং বাঁহী !
সাৰ পাই নোসোধে কোনেও
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
নিদিয়ে কোনেও পৰজনমৰ প্ৰতিশ্ৰুতি .....!
( চাৰি )
হে ক'লাগুৰু বিশ্বৰ দেউলত
আলোকৰে শিষা উঠক নাচি
হিয়াত ফুলাম আসন
থৈছোঁ পাতি...
হঠাতে যদি যাওঁ গুচি
নিচলা আইয়ে পাতিব আজলী...
ক্ৰমশঃ দুখত কলম কপিছে
কাগজ তিতিছে ,...
শেষ হব ৰাতি ,
হে বিষ্ণু ৰাভা এটি কাতৰ মিনতি
তুমি আকৌ আহিবা উভতি ।
*************-----*********
(কবিতা টো --লেখক
মেদিনী চৌধুৰীৰ দেৱৰ ৰচনা
বিষ্ণু ৰাভাৰজীৱনী -"ফেৰেংগাদাও " উপন্যাসৰ আধাৰত লিখিছো (ৰচিত