Type Here to Get Search Results !

প্ৰাৰ্থনাৰ শক্তি

দীপশিখা চলিহা,  দেওমৰণৈ,দৰং

     সাধাৰণ অৰ্থত মনটো শান্ত কৰি ভগৱানৰ অনন্ত ৰূপছায়া মনলৈ আনি কায় মনো বাক্যে আমি প্ৰাৰ্থনা কৰো।প্ৰাৰ্থনা এক শক্তি ইয়ে মনলৈ অফুৰন্ত শান্তি তথা উদ্যম আনে।
      এজন বিখ্যাত পাদুৰী চাহাবৰ মতে আমি প্ৰাৰ্থনা কৰো কেইবাটাও কাৰণত।প্ৰাৰ্থনা হ'ল ঈশ্বৰৰ সেৱা আৰু তেওঁৰ আজ্ঞা পালন কৰাৰ এক মাধ্যম।প্ৰাৰ্থনা কৰাৰ আন এটা কাৰণ হ'ল যিকোনো এটা পৰিস্থিতিত ঈশ্বৰৰ ইচ্ছানুযায়ী তেওঁৰ পৰা সমাধান পোৱাৰ এটা মাধ্যম।
        বহুতে আকৌ কয় অন্য ধৰণেঃপ্ৰাৰ্থনা হৈছে দেহ মন সুস্থ কৰা উত্তম পন্থা।প্ৰাৰ্থনাই মানুহৰ আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰে।ভগবানৰ প্ৰতি মনত অনুৰাগ সৃষ্টি কৰে।প্ৰাৰ্থনা কৰিলে মন -মগজু স্থিৰ হয়।প্ৰাৰ্থনাৰ পিছত ভগবন্ত প্ৰভূৰ কৃপা লাভৰ বাবে মন গহনত এক নৱ চেতনাৰ সৃষ্টি হয়।সৎ ভাৱনাৰ উদ্বেক হয়।মনটো সু-নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত কৰাৰ একমাত্ৰ উপায় হৈছে প্ৰাৰ্থনা।
        মনৰ পৰা গৰ্ব অহংকাৰ,মই বৰ ভাৱ আতৰ কৰি সত্য সুন্দৰৰ সাধনা কৰিব লাগে।কিয়নো মনত যেতিয়া অহংকাৰ ভাবে থিতাপি লয় তেতিয়া মানুহৰ দেহ মন অসুস্থ হৈ পৰে।অসুস্থ মনত ভাল কাম সম্পাদন নহয়।অহংকাৰে মানুহক আত্মাৰ ধৰ্ম পাহৰি মানুহক অপকৰ্মত লিপ্ত কৰায়।গতিকে মন আৰু আত্মাৰ উত্তৰণ ঘটাবলৈ আমাৰ আধ্যাত্মিক স্বাস্থ্য সুন্দৰ হ'বই লাগিব।মানসিক স্বাস্থ্যৰ উন্নতিয়েহে দেহ মন সুস্থ কৰে।গতিকে এইবোৰৰ বাবে আমাক লাগে প্ৰাৰ্থনা,যোগ,শৰীৰ চৰ্চা,ধ্যান ইত্যাদি।প্ৰাৰ্থনাই আমাক কৰ্মৰ বাবে উৎসাহ, উদ্যম তথা আশাবাদৰ সঞ্চাৰ কৰে।ই ভাঙি পৰা মনক শক্তি দিয়ে জীয়াই থকাৰ প্ৰেৰণাৰ কাম কৰে।গান্ধীজীয়ে কৈছিলঃপ্ৰাৰ্থনাৰ সমান মনক ভাঙি চিঙি গঢ়িব পৰা শক্তি কাৰো নাই।সেয়ে মই দৈনিক প্ৰাৰ্থনা কৰো।'WHY WE SHOULD PRAY GOD?'শীৰ্ষক ৰচনাখনত মাদাৰ টেৰেছাই কৈছিল"Prayer is not asking. Prayer is putting oneself in the hands of God, at His disposition, and listening to His voice in the depth of our hearts.God shapes the world by prayer. The more praying there is in the world the better the world will be, the mightier the forces against evil."একেদৰে আব্ৰাহাম লিংকনে কৈছিলঃ"I have been driven many times upon my knees by the overwhelming conviction that I had no where else to go. My own wisdom and that of all about me seemed insufficient for that day."
#কাক প্ৰাৰ্থনা কৰিব লাগে?#
এইখন পৃথিৱীত মানুহো বহুত,ঈশ্বৰো বহুত,তথাপি সকলোৰে বিশ্বাসভাজন ঈশ্বৰ যেনেঃৰাম,শ্ৰীকৃষ্ণ,শিৱ,হনুমান আদি থাকে,বহুতে আকৌ বিভিন্নজন দেৱতাকো
আৰাধনা কৰে।কোন শ্ৰেষ্ঠ কাক ভাবিব লাগে তাৰ যথাৰ্থ উত্তৰ কাৰো হাতত নাই।সকলোৱে জীৱনত জিকিবলৈ,যাত্ৰাপথত আগুৱাই যাবলৈ নিজৰ নিজৰ ধৰনেৰে প্ৰাৰ্থনা কৰে।

#প্ৰাৰ্থনাই কি দিয়ে#
1)প্ৰাৰ্থনাই আমাৰ মনোযোগ (attention capability)বঢ়ায়
2)প্ৰাৰ্থনাই আমাক শক্তশালী মানসিকভাৱে সবল কৰে
3)প্ৰাৰ্থনাই আমাকআত্মবিশ্বাস বঢ়াই
4)প্ৰাৰ্থনাই আমাক উৎসাহ যোগায়
5)প্ৰাৰ্থনাই আমাক নিৰাপত্তা প্ৰদান কৰে
6)প্ৰাৰ্থনাই  মানসিক শক্তি যোগায়
7)প্ৰাৰ্থনাই  আমাৰ ধৈৰ্য বঢ়ায়
*****