সুৰভি বৰ পাত্ৰ গোহাঁই
শিৱসাগৰ
আজি বহুদিনৰ মূৰত পল আহিছে সেই
ঠাইলৈ ।যে অকণমান মুকলি বতাহ চুমিব পাৰিব । যেনেকৈ বহুবছৰৰ আগতে প্ৰতিদিনে আবেলি আহিছিল
সেই ঠাইলৈ । বৰ সুন্দৰ ঠাই খন । কুলু কুলু সুৰেৰে নদীখন বৈ গৈছে । পাৰৰ
কহুৱাবোৰে হালি জালি নাচিছে । ঘাটলৈ যোৱা বাটত থকা বাঁহকেইজোপাইও নমিত নমস্কাৰে তাকেই যেন সম্ভাষণ জনাই কৈছে ,
"আঁহা আঁহা প্ৰকৃতিৰ
অপৰূপ সৌন্দৰ্য্য পান কৰা । কংক্ৰিটৰ মহাদেশৰ
মাজত আন্তৰিকতাহীন মানুহৰ
কোলাহল শুনিবলৈ পাবা ।
প্ৰকৃতিৰ আত্মীয়তা কিম্বা সেউজীয়া উপভোগ কৰিবলৈ নোপোৱা ।" ভাৱনাত তন্ময়
হৈ থকা পলে কিছুসময়ৰ
পাছতহে প্ৰকৃতিস্থ হৈ গম পালে তাৰ
লগত কোনো নাই , অকলেই আহিছে সি । এফালৰ
পৰা সকলো নিৰীক্ষণ কৰি বহুদিনৰ
চিনাকি নৈৰ গৰাটো ত বহিলগৈ ।
হয়, এই ঠাই খনতেই তাৰ শৈশৱ কৈশোৰ যৌৱন পাৰ
কৰিছিল । বহুত স্মৃতি জড়িত হৈ আছে এই ঠাইত ।কলেজৰ পৰা আহি কৰ্কৰা ভাতকেইটা খাই সি সদায় আহিছিল এই নদীৰ কাষলৈ । আজিও তাক সুঁৱৰণিয়ে
বহুবছৰ আগলৈ লৈ গ'ল । সদায় অহাৰ দৰে সেইদিনাও তাৰ
কাষলৈ আহিছিল সিহঁতৰ গাঁৱৰ সিটো মূৰৰ কণপেহীৰ জীয়েক মণি । দুয়োটা উচৰা-উচৰিকৈ বহি প্ৰেমালাপত
মগ্ন হৈ নৈৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছিল । সি আৰম্ভ কৰিছিল, " জানা মণি, মই উচ্চ শিক্ষাৰে শিক্ষিত হৈ আহি এই নদীখনৰ পাৰতে
এটি আটকধুনীয়া খেৰৰ ঘৰ সাজিম । বাৰীখন ধুনীয়াকৈ বেৰা দি অনিন্দ্য সুন্দৰ এখন ফুলনি
পাতিম । ফুলনিৰ
ফুলবোৰৰ সুগন্ধি সুবাস নৈৰ কাষত বৈ মলয়া বতাহ জাকে দূৰ দূৰণিলৈ কঢ়িয়াই নিব । আমি দুয়ো নদীৰ
ডঁৰিয়লিত বহি সেই সুবাস পান কৰিম ,আঃ কি যে সুগন্ধি সুবাস! বহুত ভাল লাগিব নহয়নে মণি । মণিয়ে
নৈৰ পানীত নাচিথকা মাছ দুটালৈ অপলক নেত্ৰে চাই চায়েই ক'লে । শুনিছোঁ কৈ যোৱা । আৰু বহুত কিবা কিবি কথা পাতি সন্ধিয়া পৰত দুয়োটা
ঘৰাঘৰি গুছি গৈছিল । সেইদিনাই সেইটো ঘাটলৈ যোৱা শেষ দিন আছিল ।সিদিনা ৰাতিয়েই খবৰ আহিছিল যে পলে ছোভিয়েট ৰাছিয়াত মেডিকেল পঢ়িবলৈ যাবলৈ অসম চৰকাৰ তৰফৰ পৰা সুবিধা
পাইছে । পৰহিলৈ যাবই লাগিব। পাছদিনা কাগজ পত্ৰ যা-যোগাৰ কৰি সন্ধিয়া মণিক লগ কৰি আহিলগৈ । সি ক'লে, তুমি ভালদৰে পঢ়া শুনা কৰিবা । মই ডা০ হৈ নিজৰ গাৱলৈ ঘূৰ আহিম । তুমি আৰু মই নৈৰ পাৰৰ সেই ধুনীয়া ঘৰতো সাজিম । মণিয়ে আনন্দমনেৰে
বিদায় দিছিল ।ছোভিয়েট ৰাছিয়ালৈ যোৱাৰ পাছত এবাৰনে
দুবাৰ পল ঘৰলৈ আহিছিল, মাথোঁ এদিন বা দুদিনৰ বাবে । মণিৰ খবৰ
কৰিবলৈ আহৰি নাই । মাক দেউতাকৰশ্ৰাদ্ধৰ বাবে আহিছিল । মৃত্যুৰ সময়ত দেখা কৰিব নোৱাৰিলেই
। পুতেক ডা০ হৈ চিকিৎ সা কৰিব বুলি আশা কৰি কৰিয়েই মাকৰ মৃত্যু হ'ল । মাকৰ পিছতে দেউতাকৰো মৃত্যু হ' ল ।
পল
এজন ডাঙৰ চিকিৎসক । ছোভিয়েট ৰাছিয়াতে বিয়া বাৰু কৰাই গৃহস্থী হৈছে । পিছে সংসাৰ সুখৰ নহয়।
অত্যাধুনিক পত্নী জেৰিনাই কোনো দিনে সন্তানৰ কথা চিন্তা নকৰে । বৰঞ্চ ফ্ৰী হৈ থাকিবলৈ ভাল পাই ।
পাৰ্টি কৰা, ডাঞ্চ কৰা এইবোৰ তাই নিচা । তাইৰ
ব্যৱহাৰত পল দিনক দিনে অতীষ্ঠ হৈ পৰিছে । উপায়হীন, কি কৰিব সি । জেৰিনাই পাৰ্টি কৰিবলৈ গৈ কেইবাদিন লৈ ঘৰলৈ নাহেই ।
পলৰ
গাওঁ খনলৈ ঘৰখনলৈ ঘনে ঘনে মনত পৰে । মনত পৰে তাৰ প্ৰেয়সী মণিলৈ । এবাৰ বৌয়েকে কৈছিল তাই হেনো
বিয়া হৈ গ'ল । অনিচ্ছা সত্বেও মাকৰ কথা চিন্তা কৰি তাই বিয়াত সন্মতি দিছিল । প্ৰথমতে সকলো ঠিকেই আছিল,
বিয়াৰ এবছৰৰ পিছতে এটা সন্তানৰ মাতৃ হৈছিল। সন্তানটোৰ এবছৰ সম্পূৰ্ণ নৌহওঁতেই এটা
বাইক এক্সিডেন্টত পতিত হৈ মণি গিৰিয়েকৰ
মৃত্যু হ' ল। ঘৰৰ
মানুহে তাইক কুলক্ষণীয়া বুলি ঘৰৰপৰা উলিয়াই
দিলে । তাই দূৰ্ভগীয়া মাকৰ ওচৰলৈকে ঘূৰি আহিল
। আজিকালি জেৰিনাৰ অসভ্যালিয়ে চূড়ান্ত সীমা চেৰাই গৈছে । যেন ডা০ পল বৰুৱাৰ পত্নী
নহয়, বজৰুৱা কোনোবা
দেহোপজীৱিনী হে । সমাজত পলৰ মান সন্মান লোপ পাইছে । সি ৰাতিটোৰ ভিতৰতে সিদ্ধান্ত ল'লে , সি নিজৰ
দেশলৈ, নিজৰ গাৱঁলৈ ঘূৰি যাব । ভবামতেই কাম।
নিজৰ যাৱতীয় সকলো কাম কাজ সামৰি জেৰিনাক নজনোৱাকৈ
সি ঘৰলৈ গুছি আহিল। বৌয়েকে ৰাতি
শুবৰ সময়ত মণিয়ে অকণমানি ছোৱালীজনী ৰ লগত দুখৰ
জীৱন কটাইছে সকলো ক' লে । বৌয়েকে
এইটোও ক'লে," পল তুমিও এনেদৰে থাকিব নালাগে, মণি আৰু অকণমানি
ছোৱালীজনীৰ অভিভাৱকত্ব তথা
পিতৃত্বৰ দায়িত্ব গ্ৰহণ কৰা । মই কালিলৈ সকলো
কথা পাতিম ।"
পিছদিনা
বৌয়েকে মণিৰ ঘৰলৈ গৈ সকলো কথা পাতি আহিল। মণিয়েও মনে মনে কথাটো নভৱা নহয়। শৰ্য্যাশায়ী মাকেও স্বৰ্গখন হাতেৰে ঢুকি পোৱা যেন
পালে। বৌয়েকে পিছবেলা মণিক নৈ ঘাটলৈ মাতি পঠিয়ালে।
পলও সেই চিনাকী নদীৰ ঘাটলৈ গৈ আনমনা
হৈ থাকোঁতেই মণি চোচোক চামাককৈ গৈ তাৰ কাষত উপস্থিত হৈ মাত দিলে, "পল দা ! পলে তাইলৈ চাই ৰ'ল অপলক নেত্ৰে। একেই আছে তাই । একেই আছে নদীখন, পাৰৰ কহুৱাবোৰে হালি জালি
নাচিছে । পানীপিয়া বিহগীয়ে পানী খাই তৃপ্তি লভিছে ।
দিনমণিয়ে পশ্চিমৰ দিশলৈ গতি কৰিছে । দিকবলয়ে দুবাহু মেলি হাতবাউল দি মাতিছে ,
সোনকালে আহাঁ । পলে আতঁৰৰ পৰাই কৈছে,
চোৱা অতীতবোৰ হিচাপ নকৰোঁ । আমাৰ সপোনৰ ঘৰতো নদীৰ পাৰতেই সাজিম মনৰ
হেঁপাহেৰে। তুমি মই মাইনাই ইয়াৰপৰাই বিচাৰি ল'ম হেৰুৱা
সুখবোৰ । দিনমণিয়ে দিকবলয়ৰ বুকুলৈ ঢাপলি মেলাৰ লগেই
মণিয়েও দৌৰি গৈ পলৰ দুবাহুৰ মাজত সোমাই সৰগীয় প্ৰেমৰ জ্যোতিৰে জ্যোতিষ্মান হ' ল ।
=================================