ময়ুৰী ৰাজোৱাৰ
শিৱসাগৰ ,নাজিৰা।
গৃহবন্দী মই
খিৰিকি মুখত বহি
নিৰৱতাৰে শুনো প্ৰকৃতিৰ গান
মই উচুপি উঠিছোঁ মুকলি
আকাশৰ তলত বিচৰণ
কৰিবলে নাপায়।
এইয়া বাৰো প্ৰকৃতিৰে
অভিশাপ নেকি
প্ৰত্যেক দিনাই আমি যে কাটি
তহিলং কৰিছিলোঁ
একোজোপাকৈ গছ
এতিয়া চাৰিওদিশে কেৱল নিৰৱতা আৰু নিৰৱতা
খিৰিকি মুখত বহি বহি শুনিছো
মই প্ৰকৃতিৰ গান
মোৰ মন যায় ৰাতিৰ আকাশৰ
তৰা গণিবলৈ চন্দ্ৰৰ সৈতে খেলা কৰিবলৈ
বাগিছাৰ লাইনে লাইনে গৈ
খেলা কৰিবলৈ
কিন্তু এই সময় মোৰ বাবে নহয় উচিত
এতিয়া কেৱল চাৰিওফালে
নিৰৱতা আৰু নিৰৱতা।