Type Here to Get Search Results !

নৈতিকতা আৰু আধ্যাত্মিকতাঃ কিছু চিন্তা


 টংকেশ্বৰ বৰুৱা ,  কলাইগাঁও,
 মোবাইল: ৯৩৬৫৫-৩২১৯০


   বিশ্ব ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ সম্পদ হৈছে অমৃতৰ সন্তান মানৱ সম্পদ। ব্যক্তি সমষ্টিয়েই যিহেতু সমাজ। সামাজিক জীৱ হিচাপে মানৱ সভ্যতাই প্ৰগতিৰ জখলা বগাই চূড়ান্ত শিখৰত উপনীত হৈছে। বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ ঈৰ্ষণীয় উত্তৰণৰ বাবে জীৱ শ্ৰেষ্ঠ মানৱ সমাজৰ জীৱন ধাৰণ পদ্ধতি সলনি হৈছে। উচ্চ ডিগ্ৰী, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, ধন-ঐশ্বৰ্য আদিৰ চমৎকাৰী উত্থানেৰে কাৰ্যত জীৱন শৈলীৰ পৰিৱৰ্তন ঘটিছে। আভিজাত্যৰ প্ৰতীক হিচাপে আধুনিকতাৰ স'তে সহাৱস্থান কৰি মানৱ সমাজ ক'ব নোৱাৰাকৈয়ে নতুন দিশলৈ গতি কৰাটো পৰিলক্ষিত হৈছে। কিন্তু সাম্প্ৰতিক সময়ত অত্যন্ত উদ্বেগজনক বিষয় যে মানৱ সমাজ যিমানেই শিক্ষিত তথা প্ৰগতিৰ পিনে ধাৱমান হৈছে তাৰ বিপৰীতে সৰ্বত্ৰে এক ঋণাত্মক প্ৰভাৱ পৰিছে। সামাজিক মূল্যবোধৰ বিপৰীতে আত্মকেন্দ্ৰিক চিন্তা চেতনাৰ প্ৰতি উদ্বাউল হৈছে। নৈতিকতাৰ স্খলন ঘটাৰ পৰিপ্ৰেক্ষিতত সুস্থ মানসিকতাৰ অপমৃত্যু ঘটিছে। শিক্ষাৰ মানদণ্ড কেৱল ডিগ্ৰীৰ স'তে মূল্যায়ন কৰাৰ ফলশ্ৰুতিত মানবীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে। নৈতিকতাৰ অৱক্ষয়ৰ বাবেই হওঁক অথবা বিশ্বায়নৰ প্ৰভাৱতেই হওঁক সুস্থ সামাজিক পৰিৱেশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। সম্প্ৰতি সঘনাই সংঘটিত হত্যা, ধৰ্ষণ, অপহৰণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি অপৰাধ প্ৰৱণতাই সমাজ জীৱন কলুষিত কৰি তুলিছে। সমাজ তথা দেশ এখনৰ প্ৰগতিৰ চালিকা শক্তি স্বৰূপ যুৱ প্ৰজম্মৰ নৈতিক স্খলন ঘটিছে। এনে নৈতিক স্খলনে মানৱতাক কবৰ দিয়াত এক ভয়ংকৰ ভৱিষ্যতৰ দিশ উম্মোচিত হৈছে।  শান্তি, সমন্বয়, প্ৰগতি, ভাতৃত্ববোধ, ভয়, ভক্তি আদি সুস্থ সামাজিক পৰিবেশ অক্ষুন্ন ৰাখিবলৈ হ'লে নিশ্চয়কৈ নৈতিকতা আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন। কাৰণ সমগ্ৰ বিশ্বই যিমানেই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ সুবাদত উন্নতিৰ শিখৰত আৰোহণ কৰিছে সিমানেই সমাজ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছে। আধুনিকতাৰ কৰাল গ্ৰাসত পৰা উশৃংখল যুৱ মানসিকতা তথা যুৱ প্ৰজম্মৰ মাজত কৰ্মবিমুষিতা আৰু হতাশাগ্ৰস্ততাই বিৰাজ কৰিছে। বিজ্ঞানৰ নিত্য নতুন উদ্ভাৱনৰ বিপৰীতে অন্ধবিশ্বাস, কু-সংস্কাৰে গা কৰি উঠিছে। আনহাতে প্ৰকাৰন্ত্ৰৰে আধ্যাত্মিক দিশৰ লগত সম্পৰ্কিত সামাজিক পৰম্পৰাৰ যোগাত্মক দিশ সমূহৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰা বিশেষকৈ একাংশ যুৱ প্ৰজম্ম পাপ-পুণ্যৰ প্ৰতি ধ্যান ধাৰণা নোহোৱা হৈছে। বিলাসপুৰ্ণ জীৱনৰ দুৰ্বাৰ হেপাহত নিমৰ্জিত হৈ নৈতিকতা ,মানৱতা,ব্যক্তিত্ব,আদৰ্শ, সুস্থ মানসিকতা ,  শ্ৰদ্ধা -ভক্তি আদিৰ বিপৰীত স্থিতি গ্ৰহণ কৰি যান্ত্ৰিকতা ,ভোগবাদী, বস্তুবাদী চিন্তা চেতনাই গা কৰি উঠিছে। নিচাযুক্ত দ্ৰব্য সেৱনৰ উপৰিও সমাজৰ বৰবিহ স্বৰূপ ধপাঁত কিম্বা গুটখা জাতীয় সামগ্ৰীৰ প্ৰতি যুৱ প্ৰজন্ম দৃষ্টিকটুভাৱে আকৰ্ষিত হোৱাত সমাজ ব্যৱস্থাৰ সামগ্ৰিক উত্তৰণত ব্যাঘাত জম্মিছে। আনকি সহজলভ্য ধনৰ প্ৰতি আসক্ত হৈ হকে- বিহকে দুস্কাৰ্য কিম্বা অসামাজিক কাৰ্য সংঘটিত কৰাটোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। পথভ্ৰষ্ট তথা অধ:পতন ঘটা যুৱ প্ৰজন্ম প্ৰগতিৰ অন্তৰায় হিচাপে থিয় দিছে।
        সুস্থ মানসিকতাৰ ব্যতিৰেকে নৈতিকতা, আধ্যাত্মিকতা পৰ্বতত কাচ কণী বিচৰাৰ লেখীয়া হব। আনন্দ চন্দ্ৰ আগৰৱালাই অভিমত ব্যক্ত কৰি কৈছিল যে  "আমাৰ চিন্তা- ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। তেনেক্ষেত্ৰত ভাল চিন্তা, ভাল মন আদিৰে সমাজ জীৱনত মন মগজুত স্থিতাৱস্থা হ'বলৈ হ'লে নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ নিত্যান্তই প্ৰয়োজন। প্ৰচলিত সমাজ ব্যৱস্থাত নীতি শিক্ষাৰ অভাৱৰ কাৰণে দয়া, মমতা, ক্ষমা, ধৈৰ্য, সহানুভূতিশীল ,উদাৰতা, মহানুভৱতা, সহিঞ্চুতা ,শিষ্টাচাৰ আদি ধনাত্মক দিশৰ গূঢ়াৰ্থ উপলব্ধি নকৰা হৈছে। যিহেতু নৈতিক আৰু আধ্যাত্মিক গুণৰ অধিকাৰী হ'লে সুস্থ -সবল সমাজ গঢ় লৈ উঠে। সমাজৰ প্ৰগতিৰ পিনে ধাৱমান হ'লে আমাৰ অঞ্চল, দেশ কিম্বা এই ধৰালৈ আশাৰ সঞ্চাৰ নামি আহিব। এতেকে সাম্প্ৰতিক প্ৰচলিত শিক্ষা ব্যৱস্থাই বাস্তৱিকতে ঢুকি নোপোৱা নীতি শিক্ষা অৰ্থাৎ নৈতিকতা-আধ্যাত্মিক শিক্ষা ছাত্র সমাজ আৰু যুৱ সমাজক দিবলৈ হ'লে শিক্ষক সমাজ, অভিভাৱক আৰু চিন্তাশীল লোকে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। অৱশ্যে এইক্ষেত্ৰত মাতৃ সমাজৰ ওপৰতো গুৰুত্বপূৰ্ণ দায়িত্ব আছে। নেপোলিয়ন বোনাপাৰ্টৰ এষাৰ গুৰুত্বপূৰ্ণ বাক্যৰ সাৰমৰ্ম হৃদয়ঙ্গম কৰিলেই যথেষ্ট। তেওঁ কৈছিল-- মোক এগৰাকী ভাল মাতৃ দিয়া ,মই এখন ভাল সমাজ তথা দেশ উপহাৰ দিম। পৰিয়ালৰ মূল চালিকা শক্তি হিচাপে মাতৃ সমাজে পৰিয়াল আৰু সমাজত আচাৰ-ব্যৱহাৰ ,আচৰণ, ব্যক্তিত্ব বিকাশ আদিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি এখন ভাল সমাজ সৃষ্টিত অৰিহণা যোগোৱাটো নিত্যান্তই প্ৰয়োজন। আলট্ৰা মৰ্ডানৰ কৰাল গ্ৰাসত সামাজিক দায়বদ্ধতা সম্পন্ন ভাল মানুহৰ পৰিৱৰ্তে সামাজিক প্ৰতিপৰ্তিশীল ডাঙৰ মানুহ হোৱাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। নীতি শিক্ষা কিম্বা নৈতিকতা আৰু আধ্যাত্মিকতাৰ মূল্যায়নৰ বিপৰীত স্থিতি গ্ৰহণ কৰা এচাম যুৱকে তথাকথিত উচ্চ ডিগ্ৰী গ্ৰহণ কৰি পিতৃ-মাতৃ  আৰু জেষ্ঠজনক সম্মান কৰিব নজনাটো পৰিতাপৰ বিষয়। স্বকীয় পৰম্পৰা, ৰীতি-নীতি ,আচাৰ-ব্যৱহাৰ নস্যাৎ কৰি পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ অন্ধ অনুসৰণ কৰাটো মনকৰিবলগীয়া। কিন্তু পৰিয়াল আৰু সমাজত যিসকলৰ শিক্ষা দীক্ষা অৰ্থাৎ উচ্চ ডিগ্ৰী নাই সেইসকলেহে এনে লোকনীতি বা লোকাচাৰ সমূহ মানি চলি সমাজৰ শৃংখলা বজাই ৰখাটো লক্ষণীয়। আনকি একাংশ চৰকাৰী সংস্থাপন লাভ কৰা তথা প্ৰতিষ্ঠিত লোকে নিজৰ বৃদ্ধ পিতৃ- মাতৃক ভৰণ-পোষণ আৰু নিৰাপত্তা দিয়াত কৃপণালী কৰা কাৰ্যই সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি জীৱনৰ বিয়লি বেলাত মৃত্যুৰ ক্ষণ গনি থকা পিতৃ- মাতৃক শাৰীৰিক, মানসিক উৎপীড়ণ চলোৱা কাৰ্যই প্ৰতিজন হৃদয়বান লোকৰ অন্তৰ আত্মাক জোকাৰি যায়। যি পিতৃ-মাতৃয়ে নানা কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি লালন-পালনৰ জড়িয়তে শিক্ষা-দীক্ষা দি প্ৰতিস্থিত কৰে সেই পুত্ৰ-কন্যাই জম্মদাতৃ পিতৃ-মাতৃক সমাজৰ আবৰ্জনা হিচাপে গণ্য কৰা দেখা যায়। আনকি তেনে একাংশ কুলাংগাৰ পুত্ৰই বৃদ্ধ পিতৃ-মাতৃক পদ পথত থৈ অহাৰ উপৰিও বৃদ্ধাশ্ৰমত থৈ নিৰাপদ দূৰত্বত অৱস্থান কৰাটো সৰ্বজনবিদিত। এনে সমস্ত নেতিবাচক বিষয় সমূহ দূৰীকৰণৰ ক্ষেত্ৰত নিশ্চয়কৈ নৈতিক আৰু আধ্যাত্মিক শিক্ষাই যে প্ৰভাৱ বিস্তাৰ  কৰিব পাৰিব সেয়া চিন্তাশীল মহলে মত ব্যক্ত কৰিছে।



লেখক:   সংবাদদাতা, কলাইগাঁও, দৈনিক গণ অধিকাৰ,
মোবাইল: ৯৩৬৫৫--৩২১৯০
–--------------------------------------