Type Here to Get Search Results !

মনৰ কথাঃজীৱনৰ আধা অকা ছবিবোৰ


পল্লৱ বৰুৱা  দেওমৰনৈ,দৰং

মোবাইল নং 7896344169



     আমি মানৱ জাতিয়ে এতিয়া ভয়াৱহ সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছোঁ ৷ প্ৰতি পলে বিশ্ব স্বাস্থ্যৰ দৃশ্যপট সলনি হৈ আছে ৷ আমি নাজানো কোন মুহূৰ্তত পৃথিৱীয়ে কি মোৰ লয় ৷ সকলোৰে কাৰণে এনে পৰিৱেশ,এনে পৰিস্থিতি কোনে কালে কল্পনা কৰিব নোৱাৰা বাস্তৱ হৈ দেখা দিছে ৷ এতিয়া এটা দিনেই আমাৰ বাবে প্ৰলয়ৰ বিভিষিকা যেন হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত আমি কি কৰা উচিত,কি কৰা অনুচিত কোনেও যেন সঠিকভাৱে সিদ্ধান্ত দিব নোৱৰা অৱস্থা এটি আহি পৰিছে ৷ এতিয়ালৈ পৃথিৱীৰ প্ৰায় ২০০ ৰ ওচৰা ওচৰি দেশে এই আতংকময় পৰিৱেশৰ সৈতে যুজ দি আছে ৷ কোনেও কিন্তু পূৰামাত্ৰাই ইয়াৰ পৰা পৰিত্ৰাণ লভিবলৈ সক্ষম হোৱা নাই ৷ চীন,ইটালী, আামেৰিকা,ইংলেণ্ড,ফ্ৰান্স আদি বিশ্বৰ চহকী আৰু প্ৰভাৱশালী দেশবোৰেও এই ভয়াৱহ পৰিস্থিতিৰ পৰা সম্পূৰ্ণৰূপে নিজকে উদ্ধাৰ কৰিব পৰা নাই ৷প্ৰথমে চীনত আৱিৰ্ভাৱ হোৱা বিশ্বত্ৰাস কৰ'না ভাইৰাছে( Covid 19)বিশ্বৰ ধনী দুখীয়া সকলো ৰাষ্ট্ৰকে এফালৰ পৰা পংগু কৰি আহিছে ৷ জনস্বাস্থ্য ভয়ানকভাৱে বিপন্ন কৰি তুলিছে ৷

        বিশ্ব কপোৱা এনে মহামাৰীয়ে আমাৰ ভাৰতবৰ্ষকো স্তব্ধ কৰি দিছে ৷ এতিয়ালৈ 400 ৰো অধিক লোক এই কৰ'না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আছে ৷ দেশৰ প্ৰশাসনে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিও যেন ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ৷ দিনে দিনে ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে ৷কালিলৈ কি হয় কোনেও অনুমান কৰিব নোৱাৰা অৱস্থা এটা আমাৰ চকুৰ আগত ভাহিঁ উঠিব ধৰিছে ৷সমগ্ৰ দেশ আতংকগ্ৰস্ত এতিয়া ৷ দেশত লক ডাউনৰ দৰে কঠোৰ নিৰ্দেশনা দিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে ৷
        আমাৰ জন্মভূমি অসমী আইৰ সন্তান সকলো আজি এই মহামাৰীৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে ৷ ৰাজ্যৰ প্ৰশাসনে পাৰ্যমানে চেষ্টা কৰিছে ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে ৷ অসম চৰকাৰ,অসমৰ স্বাস্থ্য বিভাগ,সমগ্ৰ জিলা প্ৰশাসন সমূহে ইয়াৰ মোকাবিলা কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলেও নিজৰ সাধ্যানুসাৰে ইয়াৰ বিৰুদ্ধে জনসজাগতা আনিবলৈ চেষ্টা কৰি আছে ৷ কিমান সফল হয়,কিমান বিফল হয় সেইবোৰ সকলো এতিয়া সময়ৰ হাতত ৷ কৰ'না মহামাৰীৰ বিৰুদ্ধে যিয়ে যেনেকৈ পাৰে সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি থকাৰ এই সন্ধিক্ষণত আমাৰ মনতো কিছু কথাই খু দুৱনি লগাইছে ৷ আমি সকলোৱে এই সময়ছোৱাত বৰ আতংকিত হৈ আছোঁ,সকলোৱে টিভিৰ সমুখত বহি ,সামাজিক মাধ্যমৰ পৃষ্ঠা লুটিয়াই সন্ধান কৰিব লৈছোঁ জানোচা ইয়াৰ পৰা পৰিত্ৰাণৰ কিবা উপায় পাওঁৱেই ৷ কাৰ্যত এতিয়ালৈ সকলো যেন বিফলতাত পৰিনত হৈ আছে ৷কাইলৈৰ পৰা সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো লক ডাউনৰ নিৰ্দেশনা বলবৎ হ'ব৷কাৰ্যত আমি সকলো নিজৰ নিজৰ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব৷এক শ্বাসৰুদ্ধ পৰিৱেশৰ সূচনা হ'ব৷হয়তো আতংকই আমাক আৰু অধিক ৰূপত গ্ৰাস কৰি পেলাব ৷ যি হ'বলৈ গৈ আছে সেয়া আমি স্বীকাৰ কৰি লবই লাগিব,তাৰ গত্যন্তৰ নাই ৷ সাৱধানতাই তাৰ কিছু চোক কমাব নিশ্চয়৷
           বৰ্তমান যদিও চৰকাৰে একসপ্তাহৰ বাবে আমাক গৃহবন্দী হৈ থাকিব দিছে,পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সময়সূচী বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক৷ এই সময়খিনিত আমি সাবধানেৰে কটাইও বিভিন্ন নেতিবাচক চিন্তাৰে দিন কটাব লাগিব ৷ আমি নিজৰ জীৱনৰ কথা ভৱাৰ লগে লগে আমাৰ  আত্মীয় বিয়োগৰ অপ্ৰত্যাশিত ভাৱনাতো ক্লিষ্ট হ'ব লাগিব৷সেয়া একেবাৰেই স্বাভাৱিক,পৰিস্থিতিয়েও তাকেই নিৰ্দেশ কৰে ৷ কিন্তু এই ভয়াৱহ সময়তো আমি কিছুমান ইতিবাচক ভাৱনাত বিভোৰ হৈ,সেই চিন্তাৰ কাৰ্যকৰীকৰণৰ প্ৰতি মন নিবিষ্ট কৰি অনাগত সময়ৰ আতংকময় দুচিন্তাৰ পৰা কিছু হলেও নিজকে মুক্ত ৰাখিব পাৰিম বুলি এই মুহূৰ্তত অনুভৱ কৰিছোঁ ৷
          আমি সকলোৱেই জানো বিশ্ববিখ্যাত টাইটানিক জাহাজ দুৰ্ঘটনাত ধংস হোৱাৰ কথা ৷ কোনো কালেই দুৰ্ঘটনা নঘটে বুলি দৃঢ়বিশ্বাসী টাইটানিকৰ বাবেও কিন্তু প্ৰথম যাত্ৰাই শেষ যাত্ৰা হৈছিল৷1912 চনৰ 15 এপ্ৰিলৰ ৰাতিপুৱাই 2224 যাত্ৰী কঢ়িয়াই নিয়া বিশাল আকাৰৰ টাইটানিকে আটলাণ্টিক মহাসাগৰৰ বুকুত ডুবি প্ৰায়1500 যাত্ৰীৰ প্ৰাণ নিমিষতে কাঢ়ি লৈ গৈছিল ৷জাহাজৰ মূখ্য কেপ্টেইনকে আদি কৰি পৰিচালনাৰ লগত জড়িত প্ৰায় বেছিখিনি ব্যক্তিয়েই জাহাজৰ লগতেই মহাসাগৰৰ বুকুত লীন গৈছিল ৷টাইটানিকৰ কেপ্তেইন সহ বহুকেইজন ব্যক্তিয়েই মহাসাগৰৰ বুকুত বৰফৰ বিশাল পাহাৰত খুন্দা মৰাৰ আগতেই অনুভৱ কৰিব পাৰিছিল যে তেওঁলোক সকলোৰে জীৱন বিপন্ন ৷ তেওঁলোকে এইটোও জানিছিল যে ইমানখিনি যাত্ৰীৰ বাবে তাত পৰ্যাপ্ত লাইভ জেকেট নাই৷তথাপিও তেওঁলোক হতাশ হোৱা নাছিল আৰু যাত্ৰীসকলকো তেওঁলোকে অকণমানো হতাশ হ'ব দিয়া নাছিল ৷ তেওঁলোকে ভালকৈয়ে উপলব্ধি কৰিব পাৰিছিল সেই সময়ত হতাশাই তেওঁলোক কাকোৱেই অকণো সহায় নকৰে,বৰঞ্চ তেওঁলোকক মৃত্যুৰ আগতেই সেই হতাশাই মাৰি পেলাব,সেয়ে জাহাজ কৰ্তৃপক্ষই তাত ইতিমধ্যে মজুত থকা আৰ্কেষ্টা গ্ৰুপক অহৰহ সুৰৰ ঋংকাৰ তুলিবলৈ উৎসাহ যোগাই আছিল আৰু সংগীত শিল্পীসকলেও আমৃত্যু পৰ্যন্ত বাদ্যযন্ত্ৰত সুমধুৰ সংগীতৰ লহৰ তুলি আছিল৷হয়তো সকলোৱে জানাছিল মৃত্যু তেওঁলোকৰ অনিবাৰ্য;কিন্তু জীৱনৰ শেষ উশাহকণলৈ তেওঁলোকে জীৱন উদযাপন কৰিছিল৷সেয়া কিন্তু বৰ সৰু কথা নহয়৷মৃত্যু সমুখত,তথাপি জীৱন উদযাপনৰ শেষ আনন্দখিনিৰ পৰাও তেওঁলোক যেন বঞ্চিত হ'ব খোজা নাছিল ৷
           আমি কব খোজা নাই বা ভৱাও নাই যে আমি টাইটানিকৰ যাত্ৰীসকলৰ দৰে আমিও জীৱনবোৰ হেৰুৱাব আগবাঢ়ি আছোঁ বুলি ৷ কিন্তু এইটোও সত্য যে অনাগত কিছুদিন আমাৰ বাবে বৰ জটিল হৈ পৰিব৷জীৱনৰ যেন এক অগ্নিপৰীক্ষাত বহিব ওলাইছোঁ আমি ৷আশা কৰিছোঁ আমি এই পৰীক্ষাত সফল হ'ম ৷অনাগত এই শ্বাসৰুদ্ধকৰ দিনকেইটা আমি কিছু কাম আৰু চিন্তাৰে নিশ্চয় ইতিবাচকভাৱে অতিক্ৰম কৰিব পাৰিম৷
         আমাৰ প্ৰত্যেকৰে কিছুমান সপোন থাকে,কিছু পৰিকল্পনা থাকে৷সেইবোৰ কিছুু বাস্তৱত পৰিনত হয় আৰু কিছু আধৰুৱা হৈয়ে থাকি যায়৷বহুবোৰ সপোনৰ কথা আমি কেৱল নিজেই নিজক কওঁ,আনে সেইবোৰৰ উমানেই নাপায়,সেই সপোন পূৰণ হলেহে ৰাইজৰ আগত তাৰ পূৰ্ব পৰিকল্পনাৰ কথা কোৱা যায়৷
          আমি এতিয়া কোনেও নাজানো কাইলৈ আমাৰ বাবে কি ৰৈ আছে৷কিন্তু এইটো আমি সকলোৱে অনুভৱ কৰিছোঁ,এইটো জীৱনতে আমাৰ কৰিবলগীয়া বহুত কাম আছিল৷পূৰাবলৈ বহুত সপোন আছিল৷সেইসমূহ হয়তো আমি আমাৰ মনৰ মাজতে লালন কৰি আহিছিলোঁ অতদিনে৷কোনেও ভৱা নাছিলোঁ,এনে এটা দিন আমি দেখা পাম বুলি৷এই জটিল সময়ত আমাক যিমান দুচিন্তাই খেদি ফুৰিলেও আমাৰ সেই সাচতীয়া সপোনবোৰৰ কথা ভাবি মনবোৰ আশাবাদী কৰি তোলো আহক,ভৱিষ্যতৰ সোণালী সুদিনৰ আশাৰে বুকুত হেপাহেৰে সাচি ৰখা আচুতীয়া সপোনবোৰত সাৰ পানী যোগাও আহক,মনত এক অদম্য আশাবাদৰ জোৱাৰ তুলি ভৱিষ্যতৰ কাইটীয়া দিনৰ ভয়াৱহতাক প্ৰবল জীৱন জিজ্ঞাসাৰে ৰঙীন কৰি তোলো আহক৷
                অনাগত সময়ৰ কালৰাত্ৰিৰ বিভীষিকাক আমাৰ প্ৰচুৰ সম্ভাৱনাময় জীৱনবোধৰ চালিকাশক্তিৰে নাশ কৰিবলৈ যত্ন কৰোঁ আহক৷মনৰ মানসপটত আটোমটোকাৰীকৈ সজাই ৰখা সপোন আৰু সম্ভাৱনাসমূহ লাগিলে মুক্তকণ্ঠেৰে পৰস্পৰে পৰস্পৰৰ সমূখত মন উজাৰি দাঙি ধৰি সমূহৰ বাবেই দেখা দিয়া ভয়াৱহ দিনৰ সকলো বিপৰ্যস্ত ছবি মচি দি মনবোৰত এক প্ৰচুৰ উদ্দীপনাৰ জন্ম দিও আহক,যাৰ যোগেদি জীৱনৰ প্ৰতিটো পল অনুপলক প্ৰকৃত অৰ্থতেই জীৱন সঞ্জীৱনী প্ৰদান কৰি জীৱন উদযাপনৰ আনন্দ লাভ কৰাত আমি সফল হ'ম