Type Here to Get Search Results !

ময়ো হ'ব বিচাৰোঁ‌ বাতৰিৰ শিৰোনাম !

হিতেশ নাথ  ,গৰুখুটি(দৰং)







লহপহকৈ গোপনে বাঢ়িছে
এজোপা আকাংক্ষাৰ ইউকেলিপ্টাছ
"বাতৰিৰ শিৰোনাম" ত
হৰফৰ আখৰেৰে আহিব
এদিনৰ বাবে মোৰ নাম !
ৰঙীন পৰ্দাৰ ফ্ৰেমত
জিলিকি থকাৰ হাবিয়াস বহুদিনীয়া
আজিৰ ভাৰ্চুৱেল দুনিয়াত
এয়া হেনো সফলতাৰ শ্বৰ্ট কাট !
সেই বাবেই লালন - পালন কৰিছোঁ‌
বাতৰিৰ শিৰোনামত
নিজক চোৱাৰ হেঁ‌পাহ
ভাইৰেল হোৱাৰ নিচা
এবাৰ যদি ল'ব পাৰোঁ‌
সেই সুবিধা
আনন্দ মেলাৰ চকৰিটোৰ দৰেই ঘূৰিব
মোৰ জীৱন ৰথৰ চকৰি  !
বিবেকৰ নিদ্ৰাবানত ভূমিষ্ঠ হ'ব
মোৰ জনপ্ৰিয়তাৰ ছন্দ
কেউফালে বাজিব
তোষামোদৰ হাত চাপৰি
সন্মোহিনী পৰ্দাত
বাতৰি পঢ়োঁ‌তাই উচ্চস্বৰত পঢ়িব
"বিগ ব্ৰেকিং নিউজ "
হয়তো যুগুত কৰা হ'ব
মোহাচ্ছন্ন কৰিব পৰা
এক দীঘলীয়া প্ৰতিবেদন !
ৰঙা কাড়চিনডালত
মোৰ ৰঙীন ছবিখন
কেতিয়াবা উঠিব
কেতিয়াবা নামিব
তাৰপিছত মিশ্ৰিত সত্যালাপৰ
এটা ব্যয়বহুল পেইড সাক্ষাৎকাৰ !
ডিঙিৰ সিৰবোৰত উজিয়াব
বাকপটুতাৰ বান
তাৰপিছত হাত চাপৰি
জাউৰীয়ে জাউৰীয়ে হাত চাপৰি
বুজাইছোঁ‌ কি বুজিছে কি
হয়তো ময়ো নাজানো
এটাই জানো
হাত চাপৰিৰ প্ৰয়োজন
মোক হাত চাপৰিৰ প্ৰয়োজন !
স্বাৰ্থসিদ্ধিৰ উৎসৱত
মুখাৰ আঁ‌ৰত মুখা পিন্ধাবলৈ
বিবেকৰ কাঠগৰাত
বন্দী কৰা হ'ব
বহুতো প্ৰশ্নবোধক !
সংস্কাৰৰূপী মঞ্চত
ভাৱৰীয়াৰ ভাঁ‌ও যদি
বহুতৰে প্ৰিয়
ভাঁ‌ও দিয়াত মোৰ আপত্তি কিয়
ৰং সনা কথাবোৰেই যদি প্ৰিয়
ৰঙৰ সংলাপ নিদিও কিয় !?