Type Here to Get Search Results !

মানুহবোৰৰ হৈছে কি ?

জয়ন্ত ৰাজবংশী,ওডালগুৰি













ভৰিৰ তলত থকা মাটিটুকুৰা
কৰা হৈছে টুকুৰা টুকুৰ
নৰকৰ যান্ত্ৰনাকো নকৰা হৈছে ভয়
ফোঁপোলা সুৰঙ্গৰে আন্ধাৰ সাৱতি
পোহৰ হʼব গৈ হেৰুৱাইছে ঢেকীয়াৰ শিপা ।
টকাই ভোক বঢ়াইছে মানুহবোৰৰ পেটত
পেটত হʼলে সংৰক্ষণ নহয় ভোকৰ সুখ
সকলোফালে জুই জ্বলিছে
এই জুইৰ দিয়াশালাইৰ খাটি মানুহবোৰৰ হাততে
পথাৰ ভাল পাবলৈ শিকোৱা হোৱা হৈছিল নে ?
মানুহৰ পৃথিৱীত মানুহ হিচাবে জীয়াবলৈ
প্ৰেমিক সজোৱা হৈছিল অমানুহৰ দেশত
মানুহৰ বেশৰে মূৰ্তি সজোৱাই জীয়াবলৈ
সেয়ে চাগে মানুহৰ শাৰীত মানুহৰ ভিৰ
ভোকৰ জিভাত কি যে সুখী অভিজাত চেলেকনি ।
মানুহবোৰৰ হৈছে কি ?
সকলোৱে কয়- সুস্থ হৈ থাকিলেই সকলো
অথচ্ মানুহবোৰে জানি শুনি অসুস্থ হৈ পৰিছে ।
আচলতে
মানুহবোৰৰ
মুৰৰ ওপৰত থকা আকাশলৈ চাব মন আছেনে ?
যদি
আকাশলৈ চোৱা হয়
দেখিব নীলাৰ সীমা বিচাৰি একো লাভ নাই ।
জীয়াই থকা দিনবোৰেই
জীয়াই ৰাখে আকাশ ভালপোৱাৰ আকাংক্ষা ।।
****