Type Here to Get Search Results !

কথা

মৃণাল মৃন্ময় 







ক'ব খোজা বহু কথা 
কোৱা নহয় কাহানিও 
অকলে অকলে নিজানত বহি
গুপুতে গুপুতে কথা পাতি
সাঁচ খাই থাকে বুকুত 
সংগোপনে বহু কথা 
কথাবোৰ ক'ব নোৱাৰি 
কিজানিবা কোনোবাই বেজাৰ পায়
বুকুতো ৰাখিব নোৱাৰি 
ভৰত বিষায় বুকুখন 
ক'ব পৰা ক'ব নোৱাৰাৰ 
দোলনাত মূৰ্ছিত সময়ে 
মনটোক কুহিয়াঁৰ চেপাদি চেপে
এনেকৈয়ে ৰৈ যায় 
ক'ব লগা বহু কথা
কথাবোৰ ক'লেও বিপদ 
কথাবোৰ নক'লেও বিপদ
কথাই কথাই লগ হৈ
আৰু অনেক কথাৰ সৃষ্টি হয় 
কথাবোৰ বীজ হোৱা হেতেন 
চিৰাল ফাট দিলে হেতেন পেট 
কথাবোৰৰ আকাৰ নাই
সেয়ে ই থাকি যাব পাৰে বুকুত 
নহ'লেনো আমাৰ বুকুত 
ইমান ঠাই ক'ত
য'ত ভালপোৱাৰ শিপা বিচাৰি 
বিচাৰি পোৱা যায় মাথোঁ গৰল।