Type Here to Get Search Results !

সোতৰ শতিকাৰ পশুপক্ষী সংৰক্ষণৰ উদাহৰণ পহুগড় আৰু কিছু চিন্তা

সদানন্দ শইকীয়া
খান্দাজান,দৰং ৷

   অৰণ্য গঢ়ি তুলি জৈৱ বৈচিত্ৰৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰা আজিৰ কথা নহয়,অতীজৰে পৰা এই মহান আদৰ্শ বৰ্তি আছিল এইখন অসমত ৷মহাপুৰুষ গুৰুদুজনাই তেওঁলোকৰ সৃষ্টিৰাজিত এইকথাবোৰ সুন্দৰভাৱে লিখি থোৱাৰ লগতে ব্যক্তিগত জীৱনত গছ গছনি ,তৰু তৃণ,পশুপক্ষী সংৰক্ষণৰ মহানুভৱতা দেখুৱাই গৈছে৷ আজি আমি আহোম যুগৰ তেনে এখন জৈৱ বৈচিত্ৰপূৰ্ণ ঠাই পহুগড়ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো
৷জনামতে এটা সময়ত জহি খহি যোৱা এই পহুগড়ক উপযুক্ত কৰিবলৈ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া মহোদয়াই উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰা বিষয়টো ষোল্ল ফেব্ৰুৱাৰীৰ প্ৰান্তিকৰ সংখ্যাটোত হীৰেণ দত্তৰ প্ৰবন্ধৰ পৰা জানিব পাৰি ভাল লাগিছে৷চৌদিশে নেতিবাচক বাতৰিৰ মাজতে এইটো নিঃসন্দেহে এটা উৎসাহী খবৰ ৷ এই বিষয়ত আৰু অধিক কৰণীয় বাকী আছে যদিও এই ঠাইখনক কেন্দ্ৰ কৰি অচিৰেই পৰ্যটকৰ কেন্দ্ৰ কৰাৰো ভাল সুযোগ আছে৷জাকে জাকে চৰাইৰ কলৰৱে যেতিয়া পহুগড়ক বেৰি ধৰে ঠাইখন চাই বৰ সুন্দৰ লাগে৷মুঠতে বিবিধ পৰিভ্ৰমী পক্ষী,জলচৰ জীৱ,সৰীসৃপৰ ৰম্যভূমি এই পহুগড়ে প্ৰান পাই উঠাত ঠাইখন আকৌ উৎসাহী হৈ উঠিছে৷

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত ১৬৯৬ খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এছিয়াৰ প্ৰথমখন চিৰিয়াখানাই হৈছে পহুগড়৷ ৩৫০ বিঘা মাটিকালিৰ পহুগড় শিৱসাগৰ জিলাৰ সদৰৰ পৰা প্ৰায় ৭ কিল’মিটাৰ দুৰত্বত অৱস্থিত এখন ঐতিহাসিক ৰজাদিনীয়া চিৰিয়াখানা৷ ৰুদ্ৰসিংহ স্বৰ্গদেউয়ে সোতৰ শতিকাতে পশুপক্ষী সংৰক্ষণৰ বাবে মহান চিন্তাৰে  গঁড়, হৰিণ, বাঘ, হাতী, কুম্ভীৰকে আদি কৰি সকলো জীৱজন্তুৰ বাসস্থান গঢ়িছিল৷ ইয়াৰ মাজ অংশত খাৱৈ খান্দি শাৰী শাৰীকৈ গড় নিৰ্মাণ কৰিছিল৷ প্ৰতিটো গড়ৰ ভিতৰৰপৰা মুল গড়লৈ সোমোৱা ৰাষ্টা এটা আৰু ওলোৱা ৰাষ্টাও এটা৷ যাতে পশুপক্ষী বোৰ ইয়াৰপৰা ওলাই যাব নোৱাৰে তাৰবাবে এনে ব্যৱস্থা কৰিছিল৷
   পহুগড়ৰ জলাশয় বোৰত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰে গিজগিজাই থাকে৷ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যই প্ৰকৃতি প্ৰেমিৰ হৃদয়ত সাতোবৰণৰ ৰামধেনু আঁকে৷ চৰাই চিৰিকতিৰ মিলন দেখি আনন্দত আত্মহাৰা পৰ্যটক সকল৷ এতিয়া এনে লাগেঃপহুগড়ৰ প্ৰতিজোপা গছেই যেন আমাক সদায় হাতবাউলি মাতে, বুকুৰ মাজৰ জীউটো কাঢ়ি নি জীৱনৰ প্ৰকৃত সুখ স্বাছন্দতাখিনি অনুভৱ কৰিব দিয়ে৷ অনাবিল প্ৰশান্তিৰ কেন্দ্ৰস্থল পহুগড়ৰ জলাশয়ত মুখৰিত হৈ থাকে আজি অগণন পৰিভ্ৰমী পক্ষীৰ কোলাহল ৷ চাইবেৰিয়ান পেলিকান, দেওৰাজহাঁহ, শৰালি, কাম চৰাইকে আদি কৰি ভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণথলী পহুগড়৷
  পহুগড় অঞ্চলত বনভোজ, অবৈধভাৱে চিকাৰ কৰা, মাছ ধৰা, আৱৰ্জনা পেলোৱা আৰু লাউডস্পীকাৰ বজাই সিহঁতক আমনি নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে চৰাইৰ বাহ সজা, জিৰণি লোৱা, খাদ্য সংগ্ৰহ ইত্যাদিত বাধাৰ সন্মুখীন হ’বলগীয়া কোনো কামেই যাতে নকৰে তালৈও মন দিয়া দৰকাৰ৷ আমি সকলোৱে জানো চৰাই বৰ স্পৰ্শকাতৰ তথা শান্ত প্ৰানী,সেয়ে সকলোকে কৈছোঃ পহুগড়ত চৰাইৰ বাবে ভয়াৰ্ত কোনো পৰিৱেশ সৃষ্টি নকৰাই শ্ৰেয়৷  ******