Type Here to Get Search Results !

হৃদয়ত লিখিছো কেৱল তোমাৰেই নাম

ভূমিত্ৰা দাস

      ***চাৰিওফালে হুলস্থুল, আয়তীৰ  উৰুলি বিয়া নামেৰে ৰভাতলী উদুলি মুদুলি । নিয়ৰ কইনা সাজ পিন্ধি আয়নাৰ সন্মুখত বহি বাৰে বাৰে আগদিনাখন জুৰোণ পিন্ধাই  নীতি নিয়ম অনুসৰি সেওতাৰ  সেন্দুৰ পিন্ধাই শাহুয়েকে বোৱাৰীৰ মুখত চুমা আকি যোৱা গালখনলৈ আলফুলে আঙুলি বুলাই চাই আছে । 
"নিয়ৰ বা, নিয়ৰ বা, চোৱাহিচোন কোন আহিছে? কিমান নো ভিতৰত সোমাই থাকা আহা না বাহিৰলৈ । " বুলি বুলীয়ে চিঞৰি চিঞৰি বাক নিয়ৰৰ কাষ পালে। 
ইমান সময়  নিয়ৰে সপোন দেখি আছিল নে কিবা ভাবত বিভোৰ হৈ আছিল ক'বই পৰা নাছিল তাই। বুলীৰ মাততহে তাই গম পালে সেয়া সপোন হে। আজি তাইৰ  বিয়াৰ দিন। দুমাহ আগত তাইৰ বিয়া ঠিক হৈছে। দুৰ্ঘটনাটো ঘটাৰ পিছত  তাইৰ জীৱনটো একেবাৰে অন্ধকাৰ হৈ গ'ল। তাই এতিয়া মৰিবলৈ ও নোৱাৰে জীয়াই থাকিব ও নোৱাৰে। নিজকে বন্ধ কোঠাত  আবদ্ধ জীৱন এটা লৈ জীয়াই আছে মাথোঁ। হুকহুকাই কান্দিবলৈ ধৰিলে তাই। শৰীৰৰ সমস্ত শক্তিৰে তাই কান্দিবলৈ ধৰিলে । বুলীয়ে তাইক সাবটি ধৰি "নিয়ৰ বা তুমি কিয় ইমান কান্দি থাকা আহাচোন বাহিৰত কোন আহিছে চোৱা ।"
"নাই নাই ভণ্টী। মোক সকলোৱে ঘিণ কৰে; মোৰ ওচৰত কোনো নাহে  মই বদনামী ছোৱালী । তুমি কিয় আহিছা? আঁতৰি যোৱা মোৰ ওচৰৰ পৰা। মোৰ ওচৰত কেতিয়াও নাহিবা। মই অকলশৰীয়া। মোক অকলে থাকিবলৈ দিয়া।" কান্দি কান্দি অস্থিৰ হৈ পৰে তাই।
 নিয়ৰৰ কান্দোন শুনি বাহিৰত থকা নয়ন ভিতৰলৈ সোমাই আহিল।  নয়নক দেখি নিয়ৰ আচৰিত হ'ল। যাৰ মাতৃয়ে নিয়ৰৰ সেই দুৰ্ঘটনাটো ঘটাৰ দুদিন পাছতে   ল'ৰাই নিয়ৰক পচন্দ হোৱা বুলি আঙুঠিটো পিন্ধাই যোৱা   সেই আঙুঠি টো আঙুলিৰ পৰা খুলি উভতাই নিছিল আৰু এই বিয়া আৰু কেতিয়াও হ'ব  নোৱাৰে কৈছিলে তেওঁৰ ল'ৰা নয়নক দেখি তাই আচৰিত নহৈ নোৱাৰে ।থোকাথুকি মাতেৰে ক'লে "আ   পু   নি    ইয়াত? কিয় আ  হি   ছে? আপোনাৰ পাপ হ'ব। আপুনি অশুছি হৈ যাব । যাওকগৈ ইয়াৰ পৰা।"  বুলীৰ পিনে চাই তাই আকৌ "ভণ্টী তুমি এখেতক লৈ যোৱা মোৰ ওচৰৰ পৰা ।" 
নিয়ৰৰ কথাবোৰত নয়নে বেয়া পোৱা নাই । সি বুজি পাইছে তাইৰ মনৰ অৱস্থাটো। সি বুজি পাইছে এগৰাকী নাৰীৰ  জীৱনত  এনে এটা ঘটনা ঘটিলে  কিমান কষ্ট পোৱা যায়।
তাইৰ কাষলৈ গৈ দুহাতেৰে চকুহাল মচি দি সি ক'লে "মই তোমাৰ পৰা আঁতৰি  যাবলৈ নহয় তোমাক মোৰ অৰ্ধাংগিনী কৰিবহে আহিছো নিয়ৰ। তুমি আৰু কান্দি কান্দি নিজকে কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিব নালাগে মই তোমাক মুক্ত কৰিবলৈ আহিছো তোমাক ন্যায় দিবলৈ আহিছোঁ। প্লিজ নিয়ৰ এবাৰ মাথোঁ সেই পিশাচ জনৰ নাম কোৱা । মই তোমাৰ ওপৰত কৰা এই অন্যায়ৰ প্ৰতিবাদ কৰিম দোষীক শাস্তি দিম। তুমি ভয় নকৰিবা মই সদায় তোমাৰ লগত আছো। কৈ দিয়া না নিয়ৰ। "
"আপুনি আঁতৰি যাওক। মোক একো ন্যায় নালাগে  মই শেষ হৈ গ'লো । আপুনি মোৰ ওচৰলৈ নাহিব মানুহে আপোনাকো ঘিণ কৰিব ।"
"কৰক ঘিণ । তুমি কোনবিলাক মানুহৰ কথা কৈছা সেইবোৰ মানুহৰ যিবোৰ এগৰাকী নাৰীৰ সন্মানত আঘাত কৰা দেখিও নেদেখাৰ ভাও জুৰে! নে সেইবোৰ মানুহৰ কথা কৈছা যিবোৰে অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সাহস নাই; কিন্তু তোমাৰ নিচিনা ভুক্তভোগীক বদনামী ছোৱালী বুলি কয়; অশুছি জ্ঞান কৰে। কোৱা নিয়ৰ তুমি কোনবিলাক মানুহৰ কথা কৈছা?? নে মোৰ মাহঁতৰ দৰে নাৰীৰ কথা ভাবিছা যিয়ে এগৰাকী নাৰী হৈও আন এগৰাকী নাৰীৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰাৰ বিপৰীতে সেই নাৰীক থুৱাইছে, অপমান কৰিছে!! কোৱা , কোৱা।"
"আপুনি কি কৈছে এইবোৰ ? মই নিজেই নিজক ঘিণ কৰিছোঁ । আনৰ কথা কিয় ক'ব লাগে!! যাওক আপুনি।"
"নাই নাই মই নাযাও গ'লে তোমাকো মোৰ লগতে লৈ যাব আহিছো। এয়া মোৰ হাতত সেন্দুৰ । তোমাক সেন্দুৰ পিন্ধাই আজি মোৰ পত্নী কৰিহে দুয়ো একেলগে যাম। নিয়ৰ তুমি জানানে? যিদিনা তোমাৰ হাতত আঙুঠি পিন্ধাই দিছিলো সেই দিনাই মোৰ হৃদয়ত লিখিছো কেৱল তোমাৰেই নাম। তোমাৰ বৰ্তমানে ও মোৰ হৃদয়ৰ পৰা সেই নাম মচি পেলাব নোৱাৰে । মই  তোমাকে ভাল পাওঁ আৰু তোমাৰ বাহিৰে আন কাকো মোৰ হৃদয়ত স্হান দিব নোৱাৰিম । আজি আমাৰ বিয়াৰ দিন। আৰু এই একে তাৰিখটোতে মই তোমাক পত্নী হিচাপে গ্ৰহণ কৰিব আহিছোঁ ।" নয়নে নিয়ৰৰ  কপালত সেন্দুৰ কণ লগাই "আজিৰ পৰা তুমি মোৰ পত্নী, আমি দুয়ো পতি - পত্নী হ'লো । এতিয়া তুমি কাকো ভয় কৰিব নালাগে । মাথোঁ মোৰ সৈতে থানালৈ আহি সকলো কথা খুলি কোৱা। অপৰাধী যিয়ে নহওক আমি শাস্তি দিবই লাগিব। নহ'লে তোমাৰ নিচিনা আন দহ গৰাকী নিয়ৰে এনেদৰে বন্ধ কোঠাত  চকুপানী টুকিব লাগিব। তুমি এডভকেট নয়ন চলিহাৰ পত্নী হয় । তুমি ভয় কৰিব লগীয়া একো নাই মই সদায় তোমাৰ লগত ঢাল হৈ থিয় দিম।"
"এয়া আপুনি কি কৰিলে? আপোনাৰ পৰিয়ালৰ মানুহে আপোনাকো ঘিণ কৰিব সমাজে আঙুলি টোৱাব। সমাজত আপোনাৰ এটা নাম আছে সন্মান আছে আৰু আ ...পু.... নি  এয়া কি কৰিলে?" সেওতাৰ সেন্দুৰত অনামিকা আঙুলিটোৰে চুই নিয়ৰ কান্দি কান্দি নয়নক ক'লে। 
"মই মোৰ ঘৰৰ মানুহৰ পৰা সকলো সম্পৰ্ক শেষ কৰি তোমাৰ ওচৰলৈ আহিছো নিয়ৰ। একমাত্ৰ তোমাক ভাল পোৱা বাবে। মোৰ ভালপোৱা, মোৰ  প্ৰেমক এনেদৰে মৰহি যাবলৈ নিদিওঁ। লগতে সমাজখনক দেখুৱাই দিব খোজো যিখন সমাজে তোমাক অশুছি বুলি ঘৃণাৰ চকুৰে চাইছে সেইখন সমাজে তোমাৰ সাহসিকতাক চ্যালুট দিব। আহা নিয়ৰ পলম নকৰিবা তোমাৰ মা দেউতাক সেৱা জনাই আশীৰ্বাদ লৈ আমি থানালৈ যাওঁ। তুমি সাহস  গোটোৱা সেই  পিশাচ জনৰ নাম ক'বলৈ তেওঁ যিমান  প্ৰভাৱশালী ব্যক্তি নহওঁক কিয় অপৰাধী শাস্তি পাবই লাগিব।" 
নয়নৰ এনে কৰ্মৰ বাবে নিয়ৰৰ পিতৃ মাতৃৰ মনটোৱে  বহু পৰিমাণে  শান্তি লাভ কৰিলে। দুজনীকৈ গাভৰু ছোৱালীৰ  এজনীৰ জীৱনত কলংকৰ দাগ লাগিলে আনজনীৰ গাত তাৰেই চেকা পৰাৰ ভয়ত পিতৃ মাতৃ দুয়োৰে অৱস্থা কেনেকুৱা হ'ব সেয়া ভাষাৰে বৰ্ণাব নোৱাৰি। নয়নক তেওঁলোকে জোঁৱাই হিচাপে আকোৱালি ল'লে আৰু অপৰাধীক শাস্তি দিবলৈ নয়ন নিয়ৰৰ লগতে তেওঁলোকো থানালৈ গ'ল। থানালৈ গৈ পুলিচ বিষয়া জনক সকলো কথাই বিৱৰি ক'লে নিয়ৰে। তাই পঢ়ি থকা কলেজখনৰ এগৰাকী ধনী ঘৰৰ ল'ৰা অসীম হাজৰিকা। সি নিয়ৰতকৈ এবছৰ চিনিয়ৰ। প্ৰথম কলেজত নাম ভৰ্তি কৰাৰে পৰা তাৰ দৃষ্টি নিয়ৰৰ ওপৰত । কেবাদিনো তাইক ভালপোৱাৰ প্ৰস্তাৱ দিয়াৰ পিছতো তাই কোনো পধ্যে তাক ভাল নাপায় । এই কথা এদিন খোলাচাকৈ তাক জনোৱাৰ পিছতো সি বাৰে বাৰে তাইক আমনি কৰি থাকে। স্বভাৱ-চৰিত্ৰ খুবেই বেয়া অসীম অকল নিয়ৰকে নহয় বহু কেইজনী ছোৱালীক সি তাৰ মিছা  প্ৰেমৰ জালত পেলাই সৰ্বনাস কৰিছে । এই কথা নিয়ৰে ভালদৰে জানে । কিন্তু কোনোৱে তাক শাস্তি দিব নিবিছাৰে। সি ডাঙৰ মানুহৰ  ল'ৰা। নিয়ৰৰ পৰা কোনো সঁহাৰি নাপাই সি ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল কেনেকৈ নিয়ৰক অনিস্ত কৰিব পাৰে । কাৰণ নিয়ৰ আন ছোৱালীতকৈ পৃথক। তাই তাৰ অভিসন্ধিবোৰ বুজি পাইছিল সহজতে। সেয়ে যেতিয়া নিয়ৰৰ বিয়া ঠিক হোৱা জানিব পাৰিলে সি চেগ বুজি তাই বিয়াৰ বজাৰ কৰিব যোৱা দিনাই তাইক এখন জনশূন্য ঠাইলৈ আনি তাইৰ সন্মানত আঘাত হানিব চেষ্টা কৰিলে।  তাই কোনো প্ৰকাৰে আধা ফটা কামিজটোৰে ঘৰ পালেহি। এইফালে গাঁৱত  অসীমে সকলোকে জনাই দিলে কোনোবাই নিয়ৰক বলাৎকাৰ কৰা বুলি। নিয়ৰ ঘৰলৈ অহাৰ আগতেই মাক দেউতাকৰ কাণ চোৱালে চুবুৰীয়াই। ইকান সিকানকৈ কথাটো নয়নৰ ঘৰৰ মানুহেও জানিলে। অলপ সময়ো পলম নকৰি নয়নৰ মাকে বিয়া ভাঙি আঙুঠিটো তাইৰ হাতৰ পৰা  খুলি নিলে । সেই তেতিয়াৰে পৰা নিয়ৰ সকলোৰে বাবে হৈ পৰিল  পৰিত্যক্ত। 
নিয়ৰৰ কথাবোৰ শুনি পুলিচ বিষয়া জনে ক'লে "মিচেচ নিয়ৰ নয়ন চলিহা আপোনাৰ ওপৰত কৰা এই অন্যায়ৰ আমি বিচাৰ কৰিম । অপৰাধীক চুচোৰাই আনি ল'কাপত ভৰাম। অতি সোনকালে তাক বিচাৰি উলিয়াম। আমি পুলিচ বোৰো মানুহ হওঁ আমাৰো এখন হৃদয়  আছে।  এতিয়া আপোনালোকে যাব পাৰে ।"
থানাৰ বাহিৰত ওলাই নিয়ৰে  দূৰ আকাশলৈ চালে । আকাশখন ক'লা মেঘে আবৰি আছে বিজুলী ঢেৰেকনি ও;  যেন এজাক মূখলধাৰে  ধুমুহা বৰষুণ আহিব। বহুদিনৰ মূৰত মুক্ত আকাশৰ তলত ভালেই লাগিছে । তাইৰ বাবে মূখলধাৰে বৰষুণজাকৰ খুবেই প্ৰয়োজন আজি। কাৰণ মূখলধাৰে বৰষুণজাক অহাৰ পিছত যে চিকচিকীয়া ৰ'দ ধৰাৰ বুকুত ভূমুকি মাৰিব তাই জানে । তাই বৰষুণত তিতি নিজকে পৰিষ্কাৰ কৰিব । জীৱনৰ ক'লা দাগবোৰ ধুই পেলাব । 
"নিয়ৰ কি ভাবিছা? ব'লা আহা পিছলৈ নাচাবা আগলৈ চোৱা তোমাৰ নতুন জীৱনে তোমাক হাত বাউলী মাতিছে। "
নিয়ৰ চকুপানীৰে  বাট নেদেখা হ'ল। চকুপানী মচি মচি তাই নয়নৰ পিনে চাই   " মোক নতুন জীৱন দিবলৈ আহি আপুনি আপোনাৰ ওপজা ঘৰখন যে ত্যাগ কৰিব লগা হ'ল সেই দুখে মোক আজি সুখতো কন্দুৱাইছে। এই পৃথিৱীত আপোনাৰ দৰে ইমান ভাল মানুহ থাকিব পাৰে বিশ্বাস কৰিবই  নোৱাৰি। এজন নৰ পিশাচে মোৰ জীৱনটো সৰ্বনাস কৰি গ'ল আৰু আপুনি মোৰ জীৱনত জোনাক হৈ পোহৰাই  তুলিলে !! মোৰ বাবে আপুনি ইমান খিনি কৰিলে মই কেনেকৈ সহ্য কৰোঁ!! নিজকে দোষী দোষী লাগিছে । " 
"তেনেকৈ নক'বা।  কিছুমান বেয়া মানুহৰ কুকৰ্মৰ ফল তোমালোক নাৰী সমাজে ভোগ কৰিব লগা হয় । কিন্তু কোনোৱে নাৰীক শৰীৰটো উপভোগ কৰিব; কোনোৱে সেই  নাৰীক ঘৃণাৰ চকুৰে চাব!! এইবোৰ বন্ধ কৰিব লাগিব আমি নাৰী পুৰুষ আটায়ে মিলি। দুস্বপ্নবোৰ পাহৰি যোৱা। তোমাৰ প্ৰেমেই মোক সকলো দিছে আই লাভ ইউ নিয়ৰ।    তুমি ও মাথোঁ এবাৰ মোক কোৱা হৃদয়ত লিখিছো কেৱল তোমাৰেই নাম নয়ন  বুলি" অকমান দুষ্টামিৰ চলেৰে সি নিয়ৰৰ হাতত আলফুলে ধৰি ক'লে ।
 নয়নে নিয়ৰক এক অভিশপ্ত জীৱনৰ পৰা মুক্ত কৰি দুয়ো এখন সুখৰ সংসাৰ গঢ়ি তুলিলে। 

।। সমাপ্ত ।