দীপশিখা চলিহা ,দেওমৰণৈ,দৰং
কেইমাহমান আগতে বিশিষ্ট লেখক,কবি ধীৰেন শইকীয়াদেৱৰ এটা
মনোগ্ৰাহী কবিতা পঢ়িছিলো, কবিতাটোৰ নাম আছিল "কিমান ভাল মাৰ্কশ্বিটে কৰিছে গাওঁ নিৰ্মান!"
শইকীয়াদেৱৰ কবিতাটো বহু দিন কানত বাজি আছিল, সেই কবিতাটো
পঢ়াৰ পিছতেই মোৰ এই প্ৰবন্ধটো লিখাৰ হাবিয়াস জাগিল।
তেখেতৰ কবিতাটো পঢ়কচোন-
"কিমান ভাল মাৰ্কশ্বিটে কৰিছে গাওঁ নিৰ্মান!
ভাল মাৰ্কশ্বিটবোৰে চহৰত কৰে আত্মগোপন
ভাল মাৰ্কশ্বিটবোৰক সকলোৱে থাকে আজুৰি
ধৰ্ম কৰ্ম গ্ৰাম্যপ্ৰেম যায় গুচি
লেটা এটাৰ মাজতেই যায় সকলো পাহৰি
গাঁৱলৈ আহে দুদিন দুৰাতি
ভাল মাৰ্কশ্বিটবোৰ যিদিনা গাঁৱলৈ যাব উভতি
গাওঁবোৰ তেতিয়াই পৰিব উজলি
নগৰবোৰেই সৰল গাওঁবাসীৰ স্বপ্নহৰণকাৰী
হাঁহিহীন উদং গাঁওবোৰ নিঃকিন আজি
গলো পাহৰি
'গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি'
সঁচা কথা গাঁৱৰ ভাল মাৰ্কচিট খনেঐে কি হ'ব যদি সেই গৰাকীয়ে গাঁও এৰি চহৰমুখী হ'ব।যদি এৰাতি বা দুদিনৰ বাবেহে গাঁৱলে আহিব।অৰ্থাৎ গাঁৱৰ লগত আৰু তেঁওৰ সম্পৰ্ক গাঁৱত নাই।কোনোদিনে নাথাকে।এনেকুৱা হ'লে আমাৰ ভাল মাৰ্কচিটৰ কোনো মূল্য নাথাকিব।"
প্ৰতিভা কেতিয়াও লুকাই নাথাকে।ই এদিন বিকাশ হ'বই।বৰ্তমান গাঁও অঞ্চলত এই প্ৰতিভাৰ ব্যাপক হাৰত বিস্ফোৰণ ঘটিছে।কেইবাবছৰৰ পৰাই দেখি আহিছো বহু গ্ৰামাঞ্চলতেই ছাত্ৰ-ছাত্ৰীয়ে আজিকালি পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে।"

দৰং,নলবাৰী,নগাওঁ আদি জিলাৰ গ্ৰামাঞ্চলৰ এতিয়া ফলাফল
খুবেই ভাল। এইবোৰ জিলাৰ গ্ৰামাঞ্চলতেই এতিয়া ষ্টেণ্ড কৰা বা নব্বৈ শতাংশ নম্বৰ লাভ
কৰা বহু ছাত্ৰ ছাত্ৰী আছে। হয়তো এই ফলাফলে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে,আনকি বহু গাঁৱৰ এশ শতাংশ ছাত্ৰ ছাত্ৰী কৃতকাৰ্যও হৈছে। কিন্তু এই ফলাফলৰ
পিছত বিভিন্ন নিউজ চেনেল বা সামাজিক মাধ্যমত লোৱা সাক্ষাৎকাৰত ছাত্ৰ-ছাত্ৰীসকলে কোৱা দেখা যায়ঃ সকলোৱে গাঁও এৰি চহৰমুখী হ'ব। চহৰৰ নামী দামী অনুষ্ঠানত অধ্যয়নৰত হৈ প্ৰতিষ্ঠিত ব্যক্তি হবৰ মন তেওঁলোকৰ।
এয়া নিঃসন্দেহে এটা ভাল কথা। গাঁৱৰ সৰু চৰকাৰী বা বেচৰকাৰী সমস্যাবহুল বিদ্যালয়খনতে পঢ়ি সন্মানীয় শিক্ষাগুৰুসকলৰ আদৰ যত্নতে এইখিনি ফলাফল লাভ কৰিলে তেওঁলোকে।পিছে,এই মেধাবী ছাত্ৰ ছাত্ৰী কোনোৱে গাঁৱত থাকি হায়াৰ চেকেণ্ডাৰী বা কলেজত পঢ়া শুনা কৰিম বুলি নকয়।সকলোৱে কেৱল গাঁও এৰি চহৰমুখী হৈ চিকিৎসক, অভিযন্তা হোৱাৰহে মন বুলিহে। কেইজনে কয় ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসনিক বিষয়া হ'ম,ৰাজনৈতিক জীৱনত প্ৰৱেশ কৰিম কিম্বা ভবিষ্যতে শিক্ষক শিক্ষয়িত্ৰী হম বুলি?তেঁওলোকে নকয় ভাল আদৰ্শ ব্যক্তি হ'ম বুলি,এগৰাকী অধ্যাপক,ভাল লেখক,সাংবাদিক হ'ম বুলিও নকয়।ভবিষ্যতে গাঁৱৰে শৈক্ষিক অনুষ্ঠান এখনত জড়িত হৈ সমাজৰ হিত চিন্তা কৰিব বুলিও কেইজনে কয়!! গাওঁখনক বা অঞ্চলটোক বিভিন্ন সামাজিক, অৰ্থনৈতিক, শৈক্ষিক দিশত আগবঢ়াই নিবলৈ মন আছে বুলিও কোনেও নকয়।

গতিকে এই বোৰৰ পৰা এটা কথাই বুজা যায় যে ভাল ভাল
মাৰ্কছিটধাৰী মানুহবোৰে গাঁওখনৰ ছবি এটা মনত আঁকি ল'ব লাগিব।গাঁৱৰ উন্নতিৰ বাবে
চিন্তা কৰিব লাগিব।গাঁৱৰ পুথিভঁৰালটোলৈ দান বৰঙনি আগবঢ়াব লাগিব,বিহু পূজা আদিত গাওঁখনলৈ কিবা এটা অনুদান আগবঢ়োৱাৰ লগতে গাঁৱৰ লগত
পৰোক্ষভাৱে বা প্ৰত্যেক্ষভাৱে জড়িত হৈ থাকি সামাজিক, অৰ্থনৈতিক,বিকাশমূলক সকলো কামতে আগবঢ়াই নি সৰ্বাঙ্গীন উন্নতিৰ বাবে চেষ্টা কৰিব
লাগিব।হয়তু তেতিয়াহে ভাল মাৰ্কচিটৰ লগতে ভাল ব্যক্তিৰ দ্বাৰা গাঁওখনৰ উন্নতি হ'ব। নহলে ভাল মাৰ্কছিটধাৰীজন গাঁৱৰ পৰা ওলাই আহি নিজৰ প্ৰতিষ্ঠাৰ দিশত লাগি
থাকোতে থাকোতে গাওঁখনৰ বিকাশত সহায় কৰিবলৈ সময় আৰু মন উভয়ৰে অকুলন হব। নিজৰ
প্ৰতিষ্ঠাৰ পিছতো আমি প্ৰত্যেকেই নিজৰ নিজৰ অঞ্চলৰ বিকাশৰ অৰ্থে বৰঙনি যুগুৱাতো
কৰ্তব্য। কিন্তু বাস্তৱিকতে ভাল মাৰ্কছিটধাৰীবোৰ লাহে লাহে গাওঁখন বা নিজৰ অঞ্চলটো
ত্যাগ কৰি গাওঁখনৰ সমাজখনৰ পৰা দূৰৈত থাকি চহৰীয়া হৈ নিজৰ পৰিমণ্ডল এটাৰহে সৃষ্টি
কৰা দেখা যায়,এইদৰেই আঁতৰি আহি অৰ্থনৈতিকভাৱে স্বচ্ছল হোৱাৰ
পিছতো কাহানিও এই মানুহখিনিয়ে গাওঁখনৰ বিকাশলৈ কোনো বৰঙনি আগনবঢ়াই,এক কথাত ভাল মাৰ্কছিটখনৰ বাবেই তেওঁ আঁতৰি আহে তেওঁলোক গাওঁখনৰ পৰা।তেওঁৰ
অতীতৰ গাওঁখনৰ প্ৰতি কোনো আবেগ অনুভূতিয়েই তেওঁক গাওঁখনলৈ কেতিয়াও নিব নোৱাৰে বা
নিনিয়ে,এয়া বাৰু সামাজিক মানুহৰ চৰিত্ৰনে?এয়া নিঃসন্দেহে ব্যক্তিবাদী চিন্তাৰ মানুহ।শেহতীয়াভাবে, এনে মানুহ সাংঘাটিকভাৱে বাঢ়িছে সমাজত, চাকৰি পাই,ঘৰ মাটি কৰি চহৰীয়া হ'ল বহু গাঁৱৰ মানুহ,ফলত তাতেই থাকি গ'ল।এনেদৰেই আঁতৰিল গাঁৱৰ পৰা।পিছে
চহৰত থাকিও গাওঁখন বুকুত ধৰি ৰাখিব পাৰি সেই কথা নাভাবেই এওঁলোকে। সেয়েহে সকলো ভাল মাৰ্কশ্বিটধাৰীকে কৈছোঃগাঁৱৰ পৰা কৰ্মসূত্ৰে আঁতৰি আহিলেও গাওঁখন
যেন হৃদয়ত কঢ়িয়াই ফুৰে তেওঁলোকে,নহলে
ছিন্নমূল হ'ব তেওঁলোক।শিপাহীন মানুহৰ অস্তিত্ব থাকিব জানো
তেতিয়া!
|
ReplyForward
|