Type Here to Get Search Results !

শিলত কটা গান

কল্পতৰু চৌধুৰী











শিলত কটা গান
বিচাৰি ফুৰিছো দেশে দেশে
কুসুম ঘ্ৰাণ ।
সভ্যতা সংস্কৃতিৰ
শিপা খুচুৰি বিচাৰি চাইছো
জীৱনৰ গান ।
নদীয়ে নদীয়ে
আকাংক্ষাৰ জোৱাৰ উঠে
পালতৰা নাওঁ ।
জীৱন সিন্ধুত
সময় আৰু উভতি নাহে
নেপাওঁ ভাও ।
বিশ্বৰ কণ্ঠত
মানুহে মানুহৰ বাবে আজিও
উপচি আছে গান ।
বুজিও নুবুজো
আমি শিলত কটা গান
পৃথিৱীৰ প্ৰাণ ।।