Type Here to Get Search Results !

সমাধান # অণুগল্প

তানিয়া পাৰবিন
গোৱালপাৰা
Ph: 7002738695













** দেউতা, তুমি ঠিক কৰি দিয়া ছাৰে মোক মৰম কৰি পঢ়ুৱায়।
** ছাৰে কৈছে,তেওঁ হেনো মোক প্ৰেক্টিকেল নম্বৰ সম্পূৰ্ণ দিব।
** মা,তুমি কৈছা ছাৰৰ প্ৰতিটো কথা শুনিবলৈ।
** মা,ছাৰে মৰম কৰিলে যে মই কষ্ট পাওঁ।
** তোমালোক বৰ ব্যস্ত, মই আমনি নকৰোঁ দিয়া।

    অতিব্যস্ত মাক দেউতাকে মণিৰ বাবে সময় উলিয়াইছিল.....ডায়েৰীত পঢ়ি আছিল তাই কব বিচৰা কথাবোৰ.....যেতিয়া তাই ফেনৰ সহায়ত সমাধান উলিয়াই লৈছিল।