Type Here to Get Search Results !

#শেলুৱৈধৰা বেঙুনীয়া জীৱন # ধাৰাবাহিক উপন্যাস

সঞ্জীৱ কুমাৰ বাইলুঙ 



                                (দহ) 
 অসমৰ চলচ্চিত্ৰ জগতৰ আন্তঃৰাষ্ট্ৰীয় ক্খ্যাতিসম্পন্ন অভিনেতা ইন্দ্ৰ বনিয়াৰ ওচৰত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই নাটকৰ এমহীয়া  প্ৰশিক্ষণ এটা লৈ নাটকৰ বিষয়ে যথেষ্ট খিনি জ্ঞান আহৰণ কৰি লৈছিল । এটা সময়ত জাহ্নু বৰুৱাৰ  "সাগৰলৈ বহু দূৰ" কথাছবি খনে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা বুটলিছিল । নগৰৰ নাট্যসংঘ্ই কথাছবিখনৰ পৰিচালককে আদি কৰি মুখ্য অভিনেতা অভিনেত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ প্ৰস্তুতি চলাইছিল । অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছিল । অভিক এখন ব্যঙ্গ চিত্ৰত অভিনয় কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিল  । ব্যঙ্গ চিত্ৰ খনৰ নাম "মা কা দুধ " । কাহিনী বুলিবলৈ একো নাই যদিও মাকৰ গাখীৰ যে শিশুৰ বাবে পুষ্টিকৰ আহাৰ তাকে দেখুৱাবলৈ পৃথিৱীৰ  বিভিন্ন প্ৰান্তৰ পৰা ভাৰোত্তোলক সকলক নিমন্ত্ৰণ জনোৱা হৈছিল  । পাকিস্তান, আফগানিস্তান, বাংলাদেশ ,ভূটান, ম্যানমাৰ আদিৰ পৰা বিভিন্ন জনে অংশগ্ৰহণ কৰে যদিও অসমৰ ভীমকল,কচু, ঢেঁকীয়া, পচলা খোৱা খীণকাই শৰীৰৰ এজনেহে বিজয়ী খিতাপ অৰ্জন কৰে । তেওঁক ৰিপৰ্টাৰে কি খাই বুলি সোধাত "মা কা দুধ " বুলি লিখি থোৱা কাগজ এখন দেখুৱাই । ব্যঙ্গ চিত্ৰ খনত অভিয়ে ম্যানমাৰৰ পৰা অহা এজন ভাৰোত্তোলকৰ ভাও দিছিল । তাক থুতৰি আৰু নাকৰ তলত পাতলীয়া দাড়ি আৰু মোচ লগাই দিছিল । কাৰ্যসূচীৰ শেষত ঘৰলৈ যাবলৈ ৰাওনা হৈ দেখে যে তেতিয়া নিশা দহ বাজিবৰ হ'ল । ঘৰলৈ আহিবলৈ গাড়ী মটৰ নথকাৰ বাবে খোজেৰে ঘৰলৈ আহিবলৈ ওলাল । লগত আহিল সহপাঠী মানবেন্দ্ৰ । মানবেন্দ্ৰক সিয়ে লগ ধৰি নিছিল । মানবেন্দ্ৰৰ ঘৰটো নদী খনৰ গাতে লাগি থকা মথাউৰিটোৰ কাষতে । দুয়ো একে গাঁৱৰে ।
         সেই সময়ত  অসমৰ প্ৰান্তে প্ৰান্তে উগ্ৰপন্থী বিচৰাৰ নামত বজৰঙ্গী অপাৰেচন চলি আছিল । গাঁৱৰ মানুহে সন্ধিয়া হোৱাৰ লগে লগে বাহিৰত বৰকৈ ফুৰা চকা কৰিবলৈ ভয় কৰিছিল ।
             সময় তেতিয়া দহ বাজি দহমিনিট গৈছিল । হঠাতে এখন গাড়ী আহি সিহঁতৰ ওচৰত ৰৈছিল  । হিন্দীতে সিহঁতক ক'ৰ পৰা আহিছে বুলি সোধাত অভিয়ে " ম্যানমাৰ  " বুলি কৈ পাইছিল  । কাৰণ ব্যঙ্গ চিত্ৰ খনত ম্যানমাৰৰ পৰা অহা চৰিত্ৰটো কৰি বহু সময়লৈকে সি নিজকে ম্যানমাৰৰ বুলি ভাবি লৈছিল । অভিনয় কৰা সকলৰ এইটো গুণ নাথাকিলে চৰিত্ৰ ৰূপায়ন সাৰ্থক নহয় । তাৰ অভিনয় বৰ সুন্দৰ হৈছিল । ব্যঙ্গ চিত্ৰ খনে দৰ্শকৰ বিপুল  হাততালি পাইছিল আনহাতে ক্ষন্তেকতে ম্যানমাৰ বুলি কৈ পাইছিল  কাণতলীয়া চৰ আৰু  বন্দুকৰ বেয়নেটৰে পিঠিত খুচ । অভিয়ে কি হ'ল তৰ্কিবই নোৱাৰিলে । মুখেৰে একো মাতিব নোৱাৰা হ'ল ।  মানবেন্দ্ৰ চাবি দিয়া পুতলাৰ দৰে কঁপিবলৈ ধৰিলে । দুয়োটাকে সুধা পোচা কৰিবলৈ সিহঁতৰ জিম্মাত ৰাখি থলে । অভিনয়ৰ বাবে চলিচন দি লগাই লোৱা দাঢ়ি গোফ কেইডাল জোৰকৈ টানি এৰুৱাই দিওতে দুখ পাই মৰা চিঞৰত ওচৰৰ মানুহ দৌৰি আহিছিল যদিও তাৰ আগতে সিহঁতক লৈ আৰ্মি দলটো কেম্পলৈ গুচি গৈছিল  ।               
                                (এঘাৰ)
পিংগলে মোক ফোন কৰি লগ ধৰিব খোজা উদ্দেশ্য কি আছিল  ? সিদিনা ঘৰত ভালনে বুলি সোধাত জীৱনৰ আধৰুৱা বহু কাহিনী শুনাই মোৰ মনত এটি খুদুৱনি ভাবৰ সৃষ্টি কৰিলে । সি বাৰু তাৰ ঘৰখনত ঘটি যোৱা ঘটনাবোৰৰ কথা মোক আপোন মনে কৈ  হৃদয়ৰ বোজা কমাব খোজা নাইতো  ? নে মই দুই এটা লিখা মেলা কৰা দেখি সি তাৰ বাস্তৱ জীৱনৰ কথা কৈ আওপকীয়াকৈ মোক লিখাৰ সমল দিছে । যিয়েই নহওক তাক সততে লগ পাই থাকিম যেতিয়া পৰবৰ্তী সময়ত কাৰ কি হ'ল সকলো কথা জানিব পাৰিম । সিদিনা যাবৰ সময়ত সি কৈ যোৱা 'বেঙুনীয়া জীৱন'ৰ কথাখিনিত কিন্তু বাৰুকৈয়ে খোকোজা থাকি গ'ল । মানুহৰ জীৱনত সুখ দুখ হাঁহি কান্দোন থাকে । বেঙুনীয়া জীৱন আকৌ কি ?
             ফাকুৱাৰ বাবে কালি বন্ধ আছিল । বাতৰি কাকত পঢ়িবলৈ নাপালে শৰীৰৰ কিবা অংগ এটা নোহোৱা যেনেই লাগে । বাৰাণ্ডাৰ চকী খনত বহিছোঁহে । আপদীয়া বৰষুণ এজাক আহি শৰীৰ শীতল কৰি পেলালে । মাফলাৰ খন কাণে মূৰে বান্ধি লৈ গাত এড়ি চাদৰখন মেৰাই লৈ পুৰণি বাতৰি কাকত এখন মেলি লবলৈ লওতেই গেটৰ সন্মুখত দেখা পালো মানবেন্দ্ৰৰ ককায়েক দেবেন্দ্ৰ আহিছে আমাৰ ঘৰলৈ । দেবেন্দ্ৰও মোৰে ছাত্ৰ । সি পিংগলৰ দুই নম্বৰ ককায়েকৰ লগত পঢ়িছিল । পঢ়া শুনাত বৰ ভাল নাছিল । মেট্ৰিকৰ দেওনা খন কোনো মতে পাৰ হ'ল । তেনেকুৱা সময়তে অসমত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ খননকাৰ্য আৰম্ভ হ'ল । খনন কাৰ্য্য চলাবলৈ দেবেন্দ্ৰ হঁতৰ খেতি পথাৰৰ বহু বিঘা মাটি নিগমে কিনি ললে লগতে লেণ্ড এফেক্টৰ নামত চাকৰিত তাক নিযুক্তিও দিলে । তেতিয়াৰ পৰাই তাৰ অবস্থা পাতি ভাল । পকীঘৰ   গাড়ী মটৰে ঘৰখন সম্পূৰ্ণ আভিজাত্যৰ ঘৰ । মাত্ৰ মানুহটোৱে ল'ৰাটোকহে মানুহ বনাব নোৱাৰিলে । নবম শ্ৰেণী মানলৈকে পঢ়ি বোলে স্কুল এৰি দিলে । মদ ভাং আদিবোৰ চিৰ লগৰী কৰিলে । মাক দেউতাকৰ কথা তিলমাত্ৰও নুশুনে । দাদাগিৰি কৰি দেউতাকৰ পৰা পইচা লৈ যায় । নিদিলে ঘৰৰ বস্তু ভাঙি ছিঙি লণ্ড ভণ্ড কৰে । মুঠতে শান্তি বোলা কথাটো একেবাৰে নাই ।
         দেবেন্দ্ৰক বহিবলৈ কলো । সি ক'লে --" চাৰ দেৰি নকৰো । বটা এটা দিয়ক । অহা আঠ মাৰ্চত মোৰ ল'ৰাৰ শুভবিবাহৰ নিমন্ত্ৰণ দিবলৈ আহিলো " -----মই উচপ খাই উঠিলো । তোমাৰ ল'ৰাৰ কেইবছৰ হ'ল হে ?
ক'লে ----" ওঠৰ বছৰ হোৱা নাই । ভৰি দিবহে ।" -----মই একো নকলো । ভাবিলো টকাৰ মোহে তহঁতক অন্ধ কৰিলে । আইন কানুন ভৰিৰে মোহাৰি মুচৰি শেষ কৰি দিলি । যিখন গাঁৱৰ কথা শুনিলে আমি মূৰ দোঁৱাও তাত মদৰ নিচাত মাতাল হৈ মানুহে মানুহক চিনি নোপোৱা অবস্থাৰ সূচনা কৰিলি । বৰ পৰিতাপৰ কথা ।
       মানবেন্দ্ৰৰ কথা সুধিবলৈও পাহৰিলো । বেচেৰাটোলৈ বেয়া লাগে । অনাহকতে কোঙা হ'ব লগা হ'ল । শুদ্ধ কৈ হিন্দী ক'ব জনা হলেও মনৰ কথা দৈত্য মখাৰ আগত খুলি কব পাৰিলেহেঁতেন । তেতিয়া আকৌ হিন্দী গীত নাগাবলৈ  হিন্দী কথা নাপাতিবলৈকো হুকুম দি থৈছিল বাবে চৰ্চাও কমি গৈছিল । মুমূৰ্ষু অবস্থাত ৰাষ্টাত পৰি থকা দেহাটো এতিয়াও চকুৰ আগত জিলিকি থাকে । ইমান নিৰ্মম অত্যাচাৰ নিৰ্দোষীৰ ওপৰত । কেনেকুৱা এটা ভয়াবহ পৰিস্থিতি । অকল সিয়েই নে ? কিমানৰ প্ৰাণ গ'ল । বহুতৰ চকু  কাণ ঘূণীয়া হ'ল । বহু মাতৃ পুত্ৰহাৰা হ'ল । মানবেন্দ্ৰই উন্নত চিকিৎসাৰ অভাবত স্মৃতি শক্তি হেৰুৱাব লগীয়া হ'ল । ৰাষ্টাত ঘূৰি ফুৰা মানবেন্দ্ৰক দেখিলে অন্তৰখন হাহাকাৰ কৰি উঠে । সকলো নতুন প্ৰজন্মই তাক পাগল বুলিহে জানে । কি পৰিস্থিতিত  পৰি পাগল হ'ল তাৰ পৰ্য্যালোচনা কোনেও নকৰে । অহা আঠ মাৰ্চত তাৰে ভতিজাকৰ বিয়া । সি কিন্তু দেশত কি ঘটিছে একো গম নাপাই । ঘৰলৈ আহিলে বলিয়া কুকুৰৰ নিচিনা লেই লেই চেই চেই । নগৰ তিনি আলিৰ বৰগছ জোপা তাৰ আশ্ৰয়ৰ স্থল । 
               এদিনাখন সি মোক নগৰ তিনিআলিত লগ পাই কৈছিল ....' অ' চাৰ মোক খাবলৈ কিবা এটা দিব । " মই আচৰিত হৈছিলো সি মোক কেনেকৈ চাৰ বুলি জানিলে ! যদি সি মোক চিনি পাইছে তেন্তে ভাল হোৱাৰ নিশ্চয় থল আছিল । কিন্তু কোনে বাৰু দায়িত্ব সহকাৰে কথাটো ল'ব  । সেইদিনা হোটেলৰ পৰা এসাঁজ ভাত তৃপ্তিৰে তাক খাবলৈ দিছিলো । মোক ধন্যবাদ জ্ঞাপন কৰিছিল । মই নীৰৱে চকু পানী টুকিছিলো । এয়ে নেকি জীৱন?  নীলা ,ৰঙা, হালধীয়া জীৱন ..... নে তেজৰ ৰঙা আবিৰে ফাকু খেলা জীৱন .......  ???
           এইবাৰ পিংগলৰ লগত বেঙুনীয়া জীৱনৰ কথা পাতিম । সিটো নতুন যুগৰ সুচনা কৰিব পৰা ল'ৰা । তাক কিয় পিছ হুহকি থাকিবলৈ দিম । তাৰ সতে এখন নতুন নাটক ৰচনা কৰিম । নাটকৰ চৰিত্ৰত হেঙুল হাইতাল বোলাই নতুন যুগৰ সূচনা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হম । আগুৱাই যাম । যাবই লাগিব নহলে নতুনত মামৰে ধৰিব । প্ৰকৃত অসমীয়া জাতি মাটি ভেটিৰ জয় গান গোৱা ৰণুৱা বনুৱা হালোৱা হজুৱাৰ অস্তিত্ব মৰিশালিত পৰিণত হ'ব । শান্তি বাতাবৰণ সৃষ্টি কৰাৰ নতুন কৌশল ৰচনা কৰিব লাগিব ।
                                
                                 (বাৰ )

নগা পাহাৰৰ নামনি অঞ্চলতে এখনি সৰু গাঁও । গাওঁখনৰ পৰা নাতি দূৰৈত পূবে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰথম ৰাজধানী চে ৰাই দয় । পশ্চিমে আছে ধোদৰ আলি । গাওঁখনৰ কাষেৰে বৈ গৈছে এটি জুৰি । সিয়ে ক্ৰমে মিলিছেগৈ ইতিহাসে গৰকা গড়গাঁৱৰ কাষৰীয়া     দিখৌ নদীত । গাওঁখনত বসতি সেৰেঙা । সৰ্বাধিক পঁচিশ ঘৰ মান মানুহ একেলগে বৰ মিলাপ্ৰীতিৰে বাস কৰে । গাওঁ খনৰ সোঁমাজত এটা বিশাল ৰজাদিনীয়া পুখুৰী আছে । পুখুৰীৰ পাৰত এটা দৌল । কাষতে আছে এখন পৰ্যটকৰ আকৰ্ষণস্থলী । তাতে মোৰ এজন অতি পুৰণি ভাতৃ প্ৰতীম বন্ধু গোবিন্দৰ ঘৰ । গোবিন্দৰ পিতৃ আছিল চৰাইদেউ চাহ বাগিচাৰ মেনেজাৰ । বিশাল সম্পত্তিৰ মালিক । প্ৰায় পঞ্চাশ বিঘামান ব্যক্তিগত চাহ বাগিচা আছে । খেতি মাটিও দহে বামে দহপুৰা মান আছে । গতিকেলৈ ব্যৱসায়ৰ  উপাৰ্জন বেছি হোৱা বাবে গোবিন্দই চাকৰি পাইও  নকৰিলে ।
              গোবিন্দ এজন ঈশ্বৰ প্ৰেমী লোক । সৰুৰে পৰা ভক্ত প্ৰহ্লাদৰ দৰে ঈশ্বৰ চৰ্চা কৰে । ঘৰখনত বিভিন্ন ঠাইৰ পৰা অহা ভকত সকলে ভীৰ কৰে । গোবিন্দ প্ৰকৃততে ঈশ্বৰ পৰায়ণ । তেওঁৰ নিজা কোনো ধৰ্ম নাই । তেওঁৰ ঘৰত,হিন্দু,মুছলমান, 
শিখ ,খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোকে ভীৰ কৰেহি মাত্ৰ ঈশ্বৰ চৰ্চাৰ বাবে । শুনামতে চীন, জাপান, ইন্দোনেছিয়া, থাইলেণ্ড পোলেণ্ড ,ভিয়েটনাম আদি ঠাইৰ পৰাও বহুলোক গোবিন্দৰ ঘৰলৈ আহে । গোবিন্দইও স্বামী বিবেকানন্দ ৰ দৰে পৃথিৱীৰ বিভিন্ন দেশত গৈ ঈশ্বৰচৰ্চা সন্মিলনত যোগদান কৰিছেগৈ । গোবিন্দ মোতকৈ কেইবাবছৰো সৰু যদিও তেওঁৰ ব্যক্তিত্বৰ বাবে মোৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল । সৰুৰে পৰা ইংৰাজী বিষয়ত চোকা । মেট্ৰিকত অসমৰ ভিতৰতে ইংৰাজী বিষয়ত সৰ্বাধিক  নম্বৰ পাইছিল । ইংৰাজী ভাষাটো মুখত আখৈ ফুটাদি ফুটি থাকে । ঈশ্বৰ চৰ্চাত মনোনিবেশ কৰাৰ মুখ্য উদ্দেশ্য বিশ্ব শান্তি । ককাদেউতাকৰ দিনতে সজা ব্ৰিটিছ ষ্টাইলৰ বাটাম দিয়া হাফ দেৱালৰ আহল বহল পকী বাৰান্দা থকা ঘৰটো দেখিলেই  ভাল লাগি যায় । সন্মুখত  আটকধুনীয়া ফুলনি বাৰী । শান্ত সমাহিত পৰিবেশ । দেখাত সাইলাখ ঋষি আশ্ৰম যেন ।
        গোবিন্দ যিমান ঈশ্বৰ পৰায়ণ পত্নী তেওঁতকৈ আৰু এখোপ চৰা । মানুহক ঈশ্বৰ জ্ঞান কৰি শুশ্ৰূষা কৰে। জীৱনত যিয়েই এবাৰ লগ পাইছে কেতিয়াও পাহৰিব নোৱাৰে । কাৰণ তেখেতৰ ব্যৱহাৰত লগ পোৱা জনৰ মূৰ নভবাকৈয়ে দোঁ খাই যায় । সচাঁকৈয়ে পতিব্ৰতা এগৰাকী নিকা হৃদয়ৰ পত্নী । যাক লক্ষ্মী বুলি কলেও বঢ়াই কোৱা নহয় ।...........
ক্ৰমশ :