জগবন্ধু কলিতা
এজাক বৰষুণৰ সিপাৰে মোৰ তিতা ঘৰ
সময় পালে কেতিয়াবা আহিবাচোন
পদূলিতে ফুলি আছে সমস্যা জৰ্জৰিত
নানা ৰঙৰ গোলাপ তগৰ
বৰষুণলৈ মোৰ ভয় নাই
ভয় বাঢ়নী পানীলৈহে
জানোচা দুৰ্বল ভেটিটোকে
উছন কৰি থৈ যায় নিমিষতে
বৰষুণেতো পুৱাই সন্ধিয়াই
মোৰ ঘামৰ শৰীৰ ধুৱায়
সমস্যাত সিক্ত ফুল কেইজোপাক ৰান্ধি বাঢ়ি খুৱাই
কাল ধুমুহা জাকেহে আথন্তৰ ঘটায়
এজাক বৰষুণৰ সিপাৰে মোৰ তিতা ঘৰ
কেতিয়াবা ধুমুহাৰ বিক্ষোভ
কেতিয়াবা বানৰ ধৰ্মঘট
তথাপিওচোন বুকুৰ চোতালত জিলমিলাই
মহাজীৱনৰ এচেৰেঙা সোণালী ৰ'দ।