নিৰঞ্জন শৰ্মা ,ছিপাঝাৰ
দূৰভাষঃ 60002 98894
বৰষুণৰ গানত
মানুহবোৰ গৃহবন্দী হৈ পৰিছে।
বৰষুণৰ গানৰ তালে তালে
মানুহবোৰে সপোন দেখিছে।
কোনোৱে সুখৰ
আৰু কোনোৱে সপোন দেখিছে দুখৰ।
বৰষুণেও ধনী নিধনীৰ বিচাৰ কৰে।
কোনো অভিজাত পৰিয়ালৰ অট্টালিকাত
সপোন কুঁৱৰী হৈ নামি আহে বৰষুণ।
আৰু কোনো দৰিদ্ৰ পৰিয়ালৰ পজাত?
বৰষুণে ভাগি থৈ যায় অপুৰঠ কলিজা।
তথাপিও
সৃষ্টিৰ আৰৰ বৰষুণ জাকৰ বাবে
যুগে যুগে অপেক্ষাৰত মই আপুনি সকলো।
সেয়ে ক'ম-
বৰষুণ আহা সুখৰ
নাহিবা বিষাদৰ।
দূৰভাষঃ 60002 98894
বৰষুণৰ গানত
মানুহবোৰ গৃহবন্দী হৈ পৰিছে।
বৰষুণৰ গানৰ তালে তালে
মানুহবোৰে সপোন দেখিছে।
কোনোৱে সুখৰ
আৰু কোনোৱে সপোন দেখিছে দুখৰ।
বৰষুণেও ধনী নিধনীৰ বিচাৰ কৰে।
কোনো অভিজাত পৰিয়ালৰ অট্টালিকাত
সপোন কুঁৱৰী হৈ নামি আহে বৰষুণ।
আৰু কোনো দৰিদ্ৰ পৰিয়ালৰ পজাত?
বৰষুণে ভাগি থৈ যায় অপুৰঠ কলিজা।
তথাপিও
সৃষ্টিৰ আৰৰ বৰষুণ জাকৰ বাবে
যুগে যুগে অপেক্ষাৰত মই আপুনি সকলো।
সেয়ে ক'ম-
বৰষুণ আহা সুখৰ
নাহিবা বিষাদৰ।