Type Here to Get Search Results !

বিশ্ব ব্যাপী ভূমিকম্প

ৰমেন চন্দ্ৰ ডেকা,
9365383957












হঠাৎ নীৰৱ ভূমিকম্পত
ধূলিয়ৰি পৃথিৱী অধিক ধূসৰ
ৰঙা চীন সৃষ্ট সংহাৰী মহামাৰী
জৰ্জৰিত সম্প্ৰতি বিশ্ববাসী।
নাভূত-নাশ্ৰুত আতংক-ত্ৰাস
আৰোগ্য লাভৰ নাই ঔষধ
কম্পিত চিকিৎসা বিজ্ঞানো
লকডাউনেই হৈছে মহৌষধ।
স্তিমিত উৎসৱ-দিৱসৰ উচাহো
শংকাত সকলো গৃহবন্দী
উৎসৱানন্দও চৌহদ সীমাবদ্ধ
সকলোৰে মনত উদিত প্ৰশ্ন
কেতিয়ানো পৰিব ইয়াৰ অন্ত।