Type Here to Get Search Results !

বাৰিষাৰ পথাৰখন আৰু এটা উচুপনি

সদানন্দ শইকীয়া
খান্দাজান,দৰং ৷

     কুলিৰ মাতত বহাগ আহে আৰু সেই বহাগতে প্ৰকৃতিয়ে ধৰাৰ বুকুলৈ বছৰটোৰ প্ৰথমজাক বৰষুণ মাতে৷ বহাগৰ এই বৰষুণে খাল, বিল, নৈবোৰ পানীৰে উপচাই পেলায়৷ ঠিক তেতিয়াই ভেকুলীয়ে বাৰিষা অহাৰ আগজাননী দিয়ে৷ আমাৰ অসম কৃষিপ্ৰধান দেশ৷ অসমৰ সৰহসংখ্যক লোকেই কৃষিকৰ্মৰে জড়িত ৷ আমাৰ ইয়াত চেগা চোৰোকাকৈ বৰষুণ দিয়াটো বহাগ মাহতেই আৰম্ভ হয় যদিও আহাৰ আৰু শাওণ মাহ দুটাই বাৰিষা বুলি জনা যায়৷এই সময়ছোৱাই কৃষিকৰ্মৰো উৎকৃষ্ট সময়৷ শাওনৰ পথাৰত গাঁৱলীয়া খাতি খোৱা চহা শ্ৰমজীৱী কৃষকে সোণালী ভৱিষ্যতৰ সপোন ৰচে৷ কাহিলীপুৱাতে শোৱাপাটী এৰি কান্ধত কোৰ,নাঙল, যুৱলি আদি লৈ পথাৰলৈ ঢাপলি মেলে৷ পিছে  ৰ'দ ওলালে ঘৰৰ সমস্ত কাম কৰি উঠি বৰা চাউলৰ জলপান, পকা কঠাল বা চাহ আৰু খোলা চাপেৰি পিঠা লৈ ৰোৱনীয়ে হালুৱৈক চাহ দিবলৈ আৰু প্ৰয়োজনবোধে ভুই ৰুবলৈ আহে৷ এইকেইদিনত কিনকিনিয়া বৰষুণত মুৰত বাহৰ জাপিৰে পথাৰত কেঁচা মাটিৰ গোন্ধ লৈ কৃষক সকলে পথাৰতে জলপান খোৱাটো এক পৰম সৌভাগ্যৰ  কথা৷ যিদিনা কঠিয়া ৰুব পৰা হয়(বোকা দিয়া বা পেয়াক দিয়াও বোলে দৰঙত) সেইদিনা বাকাৰাৰ পৰা  তুলি অনা আইজুং, ৰঞ্জিত,শুৱাগমনি, লতাশালি, জহা আদি ধানৰ কঠিয়া এফালৰ পৰা ৰোৱনীয়ে ৰুই যায়৷ হালবাই থাকি বা ভুঁই ৰুই থাকি মাজতে পথাৰৰ মাজত থকা গছৰ ছাঁত বহি পইতা ভাত, আলু পোৰা, মাছ পোৰা, কঠালগুটি, অগ্নি জলকীয়া আৰু ঘৰত পেৰা সৰিয়হৰ তেলৰে এক কাহি ভাত খোৱাৰ মজাই সুকীয়া৷একেদৰে বৰা চাউলৰ জলপান, পকা কঠাল বা চাহ আৰু খোলা চাপেৰি পিঠা খোৱাৰ তৃপ্তিৰ কথাও মনকৰিবলগীয়া৷
    বাৰিষাৰ বতৰত পথাৰবোৰ বৰষুণৰ  পানীৰে উপচি পৰে৷ কৰবাৰ পৰা মাছে আহি খলখলায়৷সেয়ে পথাৰৰ আলিবোৰত সন্ধিয়া ঠোহা, চেপা আদি পাতি থৈ অহা হয়,যত পিছদিনা ৰাতিপুৱাই মাছ, কেঁকোৰা, কুচিয়া আদি লাগি ৰয়৷ এই কেইদিনতে দ’ পানীত লাঙি জাল পাতিও মাছ মাৰে৷ দ পথাৰবোৰত জাকৈৰেও মাছ মাৰে মহিলাসকলে৷ বাৰিষাৰ পথাৰত ৰাতি কিনকিনিয়া বৰষুণত উজানৰ মাছ ধৰা হয়,হাতত জোৰ লৈ মাছ কটাৰ এই অভিজ্ঞতাই সুকীয়া৷ একেদৰে পথাৰৰ দোবল এটাৰ চৌদিশে পানী ৰব পৰাকৈ কোৰেৰে আলি দিয়া,লেহেটিৰে পানী সিঁচা, দোবল একোটা মৈয়াই কঠিয়া ৰুব পৰা কৰাটোতো থাকে এটা কলাত্মক মন এটা৷ বৰ্তমান এইবোৰ পৰম্পৰা কৃষক ৰাইজে নিজে কৰাৰ পৰিৱৰ্তে হাজিৰা দিব লগা অৱস্থা এটা হোৱাটোও অতিকৈ পৰিতাপৰ কথা৷ আজিৰ ল'ৰা ছোৱালীয়ে এইবোৰ কৰাটো দূৰৈৰ কথা নিজৰ পৈতৃক খেতি কৰা মাটিখিনিকেই ভালদৰে নিছিনে৷ কিয়নো প্ৰায়বোৰ গাঁৱৰ শিক্ষিত যুৱক যুৱতী সকল অৰ্থ উপাৰ্জনৰ বাবে চহৰলৈ ধাপলি মেলিব লগা পৰিস্থিতি হৈছে৷ গতিকে ডেকা ল'ৰা হীন হৈছে আমাৰ গাওঁবোৰ৷ 

আন এটা পৰিতাপৰ কথা,কৃষিৰ নামত চৰকাৰে ৰূপায়ণ কৰা কোনো আঁচনিয়ে গাঁৱৰ শিক্ষিত যুৱক যুৱতীসকলক ঢুকি পোৱা নাই বুলিবই পাৰি৷ কিছুমান যুৱকে যদিও নিজাববীয়াকৈ নিজা মাটিত বেংকৰ ঋণ আদি লৈ বাস্তৱ সন্মতভাৱে কৃষিকৰ্ম কৰিছিল পিছে, উপযুক্ত বাস্তৱ সন্মত প্ৰশিক্ষণ নোহোৱাৰ বাবে লাভান্বিত হ’ব পৰা নাছিল৷ অৱশ্যে,বহুতেই অভিযোগ কৰে যে হালুৱৈ-ৰোৱনীয়ে  তেওঁলোকৰ পৰিশ্ৰমী আৰু ধৈৰ্যশীলতা গুন থকাৰ বাবেও বাৰিষা খৰালি উভয়তে তেওঁলোকে অসমৰ পথাৰখন  আমাৰ  চকুৰ আগতেই  নিজৰ হাতলৈ নিলে৷
আজিখাৰুপেটিয়া,বৰপেটা,মৰিগাওঁ,লক্ষীমপুৰ,হোজাই আদি সকলো ঠাইতে তেওঁলোকৰ পৰিশ্ৰমী  আৰু ধৈৰ্যশীল ভাই বন্ধুসকলে কাম কৰি সুন্দৰভাৱে খাই আছে৷এই দিশত খিলঞ্জীয়া আমিবোৰে তেওঁলোকৰ দুই এটা ভাল গুন শিকাও(পৰিশ্ৰমী  আৰু ধৈৰ্যশীলতা গুন) দৰকাৰ৷ বানবিধ্বস্ত এলেকাত বসতি কৰিও চৰ অঞ্চলৰ এই ৰাইজখিনিয়ে কেনেকৈ কষ্টেৰে খাদ্য শস্য উৎপাদনেৰে নিজেও খাইছে, আমাকো যোগান ধৰি আহিছে এবাৰ চোৱা দৰকাৰ৷ বাৰিষাকালৰ শেষত পথাৰবোৰ সেউজীয়া হৈ যায়৷ শ্ৰমজীৱী কৃষকৰ দেহৰ পৰা ওলোৱা প্ৰতিটোপাল ঘামেই হয়গৈ সোণগুটি৷ মুঠতে,বাৰিষাৰ আগমনে চহা জীৱনৰ কৃষকৰ মনলৈ কঢ়িয়াই আনে আশাৰ ৰেঙণি,উৎসাহ আৰু সীমাহীন আশা। বোকা-মাটি খচি-খচি তাৰেই গোন্ধত মতলীয়া কৃষকজনে পুনৰ বছৰটোৰ বাবে যেন সপোন ৰচিবলৈ শিকে।
বাৰিষাতে  নদীবোৰৰ বুকু উফন্দি বানপানীৰো সৃষ্টি কৰে, বানে বহু কৃষকৰ পথাৰো বহু সময়ত পানীত তল কৰে,কেতিয়াবা বেছিদিন পানীৰ তলত থাকিলে কঠিয়াবোৰ মৰি যায়,তেতিয়া আকৌ পথাৰবোৰত কঠিয়া ৰুব লগা হয়,  তথাপি নতুন উৎসাহেৰে কৃষকে বানৰ পিছৰ পথাৰৰ কৰ্মখিনি কৰে। বানপানীয়ে কেতিয়াবা পথাৰত পলসো পেলায়,কেতিয়াবা বালিও পেলায়,গৰাখহনীয়াটো বহু পথাৰ কেতিয়াবা নৈয়ে নিজৰ বুকুত সামৰি লয়,তেতিয়া পথাৰহীন হৈ পৰে কৃষকসকল। পথাৰবোৰক সেইবাবেই 'গদ গিফটেড লেণ্ড' বুলি কোৱা হয়,যাক মন কৰিলেই ভগৱানে সংহাৰলীলা চলাবও পাৰে নতুবা অফুৰন্ত ফচলৰ সম্ভাৱনাও দিব পাৰে।
#পথাৰবোৰৰ কান্দোন কোনে শুনিব?#
পিছে,জনসংখ্যাৰ বৃদ্ধিৰ ফলত পথাৰবোৰত ব্যাপক হাৰত আবাসভূমি গঢ়ি উঠিছে,বহুতে পথাৰ পুতি কলকাৰখানা,ৰাস্তা বনোৱাও দেখি আহিছো,এনেদৰে চাই থাকোতেই চকুৰ আগতে পথাৰবোৰ নাইকীয়া হৈ গৈ আছে।আজিকালি বহু গ্ৰামাঞ্চলৰ ৰাইজেই  পৈতৃক পথাৰবোৰত খেতি কৰিবলৈ এৰি মূল্য চাই বেচিবলৈহে চেষ্টা কৰি থকা দেখা যায়।ইয়াৰোপৰি আজি কালি পথাৰবোৰত অধিক খাদ্য শস্য উৎপাদনৰ লোভত কৃষকে ৰাষায়নিক সাৰ আৰু ৰাষায়নিক অপতৃন নাশক ব্যৱহাৰ কৰাৰ বাবেও ই আমাৰ স্বাস্থ্যৰ ভয়াবহ চিন্তাৰ কাৰণ হৈ পৰিছে।**