Type Here to Get Search Results !

অস্থিৰতাৰ সমাপ্তি কেতিয়া!

বিন্দু ৰাজবংশী কলিতা
6002876480

      সমগ্ৰ পৃথিৱী এতিয়া অস্থিৰ।ভয়াবহ ক'ৰোনাই গ্ৰাস কৰি থকা মুহূৰ্ততে  পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বৰ্ণ বৈষম্যৰ জুইয়ে চানি ধৰিছে।আগশাৰীৰ পশ্চিমীয়া দেশসমূহত এতিয়া ক'লা বগাক লৈ বিদ্ৰোহ।আধুনিকতাৰ চৰম পৰ্যায়তো আজি মানব সমাজত বৰ্ন বৈষম্যৰ যুজঁ।ধনী দেশৰ আধুনিক বগা মানুহে আকৌ এবাৰ প্ৰমাণ কৰিছে  যে কেবল আধুনিক পোছাক আৰু বিলাসী জীৱনে বাহ্যিক ৰূপটোহে আধুনিক কৰিছে।ভিতৰ খন কিন্তু তেনেই ক'লা হৈ আছে।
আমেৰিকাৰ দৰে সভ্য দেশ খনত জৰ্জ ফ্লয়েডৰ দৰে ব্যক্তি এজনক নিশংস ভাবে হত্যা কৰি মানৱ জাতিৰ যি কলংক আনিছে সেই কথা ভাবি মানুহ হৈ জন্ম লৈ নিজকে নিজে অভিশপ্ত যেন অনুভৱ হৈছে।এফালে ক'ৰোনা মহামাৰীয়ে কঢ়িয়াই নিয়া হাজাৰ হাজাৰ শৱদেহৰ কাৰুন্যতা আনফালে মানৱীয়তাৰ সীমাহীন অধগামী চৰিত্ৰৰ দ্বাৰা সংঘটিত হৃদয় বিদাৰক আৰু ,মানৱতাক লজ্জা নত কৰাৰ দৃশ্য। টেলিভিছনৰ পৰ্দা ,বাতৰি কাকত আদিত কেৱল অমানৱীয়,মৰ্মান্তিক,শিহৰনকাৰী ঘটনাই কপাই থকা হৈছে মনৰ ভিতৰ বোৰ।পৃথিৱী খনত এতিয়া কেৱল যুজঁ।কৰোনাৰ জুইয়ে ধ্বংস লীলা চলাই থকা সময়তে এফালে উঠিছে বৰ্ণ বৈষম্যৰ জুই।
        আজি দীৰ্ঘ দিন ধৰি নিজৰ ৰাজ্য খনত এদিনো শান্তিৰে থাকিব পোৱা নাই।বাৰে বাৰে জনতা ওলাই আহিছে ৰাজপথলৈ নিজৰ ভাষা উদ্ধাৰৰ বাবে,জাতি ৰক্ষাৰ বাবে, নিজৰ প্ৰাপ্য আদায়ৰ বাবে।তেনে পৰিস্থিতি নিয়ন্ত্ৰিত নৌহওতেই ইফালে মহামাৰি প্ৰতিৰোধ কৰিবৰ বাবে কৰা দকডাউনে মানুহৰ জীৱনেই সলনি কৰি পেলাইছে।অৰ্থনৈতিক ভাবে এতিয়া সকলো মানুহেই  কোঙা।কেওঁঁফালে হতাশা চাৰিওফালে কেৱল অস্থিৰতাৰ ছবি।এফালে ক'ৰোনাৰ আক্ৰমণৰ ভয় আনফালে জীয়াই থকাৰ বাবে সংগ্ৰাম। একো উৱাদিহ নোপোৱা এটা ভয়ানক পৰিস্থিতি।যেন এটা অনিশ্চয়তাৰ দীঘলীয়া পথ ।কৰবাত যদি ভোকৰ জুই কৰবাত নৰপিশাচে কৰোবাৰ বুকুত জ্বলোৱা বেদনাৰ জুই।এটা মাহৰ ভিতৰত ৰাজ্য খনত চাৰি পাচটাকৈ হত্যা কাণ্ড সংঘটিত হ'ল তাকো জনতাৰ সন্মুখত।মাখি মৰাৰ দৰে এতিয়া মন গলেই মানুহে মানুহক হত্যা কৰিছে অথচ আমি সকলোৱে হাতত মোবাইল কেমেৰা লৈ উপভোগ কৰি আছো !এয়া কি জীৱ শ্ৰেষ্ঠ মানৱৰ আচৰন?কোন খিনিত আজি মানৱৰ শ্ৰেষ্ঠতা?ক'ত সেই মানৱীয়তা।এনে মৃত্যুবোৰ হৈছে এতিয়া কেৱল চচিয়েল মিডিয়াৰ তৰ্ক,অথবা ৰাজনীতি, অথবা এতিয়া টেলিভিছনৰ পৰ্দাৰ গৰম খবৰ।ৰাজ্য খন কপাই যোৱা এটা হত্যাকাৰীকো  আজিলৈ  আইনে শাস্তি প্ৰদান নকৰিলে।বিগত দিন কেইটাত সনাতন, দেবাশীস,ঋতুপৰ্নক সমূহীয়া স্থানত পিপৰা মৰাৰ দৰে মাৰিলে।অথচ এতিয়াও আইনী ব্যবস্থাৰ কিবা পৰিবৰ্তন হৈছে বুলি মনে নকয়।কেইটামান দিন কিছু পক্ৰিয়া আগবঢ়োৱাৰ পিছত হয়তো আকৌ মুকলি আকাশৰ তলত হেলাৰঙে ঘূৰি ফুৰিব হত্যা কাৰী।ক্ৰমান্বয়ে ন্যায় পালিকাৰ ওচৰত আস্থা হেৰুৱাই পেলাইছো।এতিয়া ঘৰৰ বাহিৰলৈ ওলাই যোৱা আপোন জন ঘৰলৈ ঘুৰি নহালৈকে মনত কেৱল অস্থিৰতা,আৰু নিৰাপত্তা হীনতা।এনেকৈয়ে যদি সময়বোৰ পাৰ কৰিব লাগে তেনেহলে আমিবোৰে কোনদিনা শান্তিৰে এসাঁজ খাব পাম কোনদিনা শান্তিৰে শুব পাম! ৰাজ্য খনত এতিয়া কেৱল জুই।বাঘ জানৰ জুই, প্ৰতিবাদৰ জুই।তাতোকৈ ডাঙৰ জুইকুৰা হৈছে এতিয়া আৰ্ত জনৰ  ভোকৰ জুই ! নাজানো ৰজাঘৰীয়াই এই জুই নুমাবলৈ সক্ষম হব নে নহয়।ক'ৰোনা মহামাৰিক যে প্ৰতিহত কৰি সফল হব পাৰিম সেয়া এতিয়া নিশ্চিত।কাৰন নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰ্ডেনে ৰাষ্ট্ৰখনক ক'ৰোনা মুক্ত বুলি ঘোষনা কৰি সেইকথাৰ স্পষ্ট প্ৰমাণ দিছে।ক'ৰোনা মুক্ত হম বুলি নিশ্চিত হব পাৰিছো যদিও মৃত্যু ভয়ে কিন্তু অস্থিৰতা কমাব পৰা নাই।কাৰন এতিয়া সমাজত হত্যাৰ বিভীষিকাই ছানি ধৰিছে।সৰু সৰু কথাতেই কাজিয়া লাগি ইজনে সিজনৰ প্ৰান লৈছে।ঠায়ে ঠায়ে এতিয়া মুক্ত হত্যা লীলা।ইফালে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে হোৱা দুৰ্দশাগ্ৰস্থ জনতাৰ হতাশাৰ বেথাভৰা ছবি।মুঠতে কেৱল অস্থিৰতা।অন্ত হব নে এই অস্থিৰতা!