Type Here to Get Search Results !

এখনি ছবি

নয়নজ্যোতি ডেকা , জম্মু












_উঠিম বুলি পুহি ৰখা_
_তোমাৰ সতে এখনি ছবি_
_আজিও নহল উঠা,_
_কেতিয়াবা যদি হেৰাই যাওঁ_
_ছবি খনিয়ে আহি_
_সুখৰ সতে পাতিলে হেঁতেন কথা_
_দুখৰ সতে টুকিলে হেঁতেন চকুৰপানী_
_উজ্বলি উঠিলে হেঁতেন_
_সংগোপনে হৃদয়ৰ মাজত_
_এখনি ৰঙীন ছবি...।_
_মনতে ভাবোঁ,_
_যাওঁ যদি কেতিয়াবা দূৰণিত_
_চাই নয়ন জুৰাম,_
_ছবি খনিৰ সতেই_
_মনৰ হেঁপাহ পলুৱাম,_
_উঠিম বুলি ভাবি থকা_
_তোমাৰ সতে এখনি ছবি_
_আজিও নহল উঠা ।_
_যান্ত্ৰিকতাৰ মাজত হেৰাই যোৱা_
_দুখবোৰেও দেখোঁন_
_আজি কালি লগেই নেৰা হৈছে_
_তাহানিৰ চিনাকি নদী খনও_
_অচিনাকি হৈ গৈছে,_
_শুকান মৰুভূমিত_ 
_ফুলিব জানোঁ কেতিয়াবা কঁহুৱা ফুল_
_উঠিম বুলি ভাবি থকা_
_তোমাৰ সতে এখনি ছবি_
_আজিও নহল উঠা ।