Type Here to Get Search Results !

ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ আহোম ৰাজত্বৰ ৰাজনৈতিক পটভুমিত বিচাৰ

দীপজ্যোতি বৰগোহাঞি (মাদুৰি )



  পৰ্বতীয়া ৰজাৰ দিনত লাইথেপেনা বুঢ়াগোহাঁইৰ নেতৃত্বত লালুক বৰফুকনক ধৰিবলৈ গ’লেও ৰজা বা বুঢ়াগোহাঁইৰ  আদেশতহে যোৱা যেন লাগে ৷প্ৰকৃতাৰ্থত তেওঁ তেতিয়া বুঢ়াগোহাঁইৰ চৰিত্ৰত ফুটি উঠা স্বেচ্ছাচাৰী প্ৰৱণতাৰ  প্ৰতি বিতুষ্ট হৈ উঠিছিল যেন অনুমান হয় ৷কাৰণ দুই মুনিশিলাৰ যুদ্ধৰ পাছত বুঢ়া গোহাঁই বন্দী হয় ;বৰগোহাঞি ;বৰপ্ৰাত্ৰ গোহাঁই  আৰু সলাল গোহাঁইয়ে বিশ্ব নাথৰ পৰা আহি যুদ্ধ নকৰি লালুকৰ শিবিৰতহে যোগ দিয়ে ৷বৰফুকনে বৰগোহাঞি আৰু বৰপ্ৰাত্ৰ গোহাঁইক কলিয়িবৰত নজৰ বন্দী কৰি ৰাখে ৷কিন্ত লাইথেপেনা বৰ গোহাঁইৰ ওপৰত কোনো বিশেষ কাৰ্য ব্যৱস্হা লোৱা দেখা নাযায় ৷তাৰ পৰিবৰ্তে তেওঁ পৰ্বতীয়া ৰজাৰ বিৰুদ্ধে কৰা অভিযানত লাইথেপেনাক সঙ্গী কৰি আনিছিল ৷বুঢ়া গোহাঁইৰ আচৰণ আৰু কাৰ্য তেতিয়া প্ৰজাৰ কাৰণেও অসহনীয় আছিল ৷সামধৰি আৰু গড়গাঁৱৰ মাজত নিৰ্মাণ কৰি চিন্তামণি আৰু লাইমতি গড়ো এনে অসস্তুষ্টিৰ কাৰণ আছিল  ৷এক পৰাক্ৰমী শক্তিৰ বিৰুদ্ধে  কৰি এখন যুদ্ধৰ পাছত প্ৰজাৰ বাবে এই গড় নিৰ্মাণ কৰা কৰাটো বৰ কষ্টকৰ আছিল ৷গুৱাহাটীৰ বিষয়াসকলক  এই গড় নিৰ্মাণে সন্দেহৰ সৃষ্টি কৰি বিক্ষুদ্ধ কৰি তুলিছিল ৷তেওঁলোকৰ মতে গই গড় তেওঁলোকক বাধা দিবৰ বাবেই বুঢ়া গোহাঁইয়ে নিৰ্মাণ কৰোৱাইছিল ৷মোগলক বাধা দিবলৈ হ’লে গুৱাহাটী আৰু চামধৰাতহে এনে গড়ৰ প্ৰয়োজন আছিল ৷এনেবোৰ কাৰৰণতে  ছাগৈ লালুসোলা :বৰফুকনে আৰু?লাইথেপেনা সলাল গোহাঁইৰ মাজত সংযোগ ঘটিছিল ৷কাৰণ তেওঁলোক দুইজনৰে চিন্তামণি গড়ৰ কাৰ্যালয় আৰু চিন্তামণি গড়ৰ বাহিৰত পৰিছিল ৷অৱশ্যে বৰফুকনে বিনাযুদ্ধে মোগলক গুৱাহাটী এৰি দিয়া কাৰ্যত সলাল গোহাঁইৰ সমৰ্থন আছিল বুলি মানিলবলৈ টান লাগে ৷অন্ততঃতেও্ৰ পাছৰ কাৰ্যৱলীয়ে এনে কাৰ্যক সমৰ্থন নথকাৰ কথাকে প্ৰমাণ কৰে ৷তেতিয়া হয়টো ইয়াক ৰাজনৈতিক কৌশল হিচাবে গ্ৰহণ কৰিছিল। যিবোৰ কাৰণে বৰফুকনক গুৱাহাটী এৰি দিবলৈ বাধ্য কৰাইছিল ৷তেতিয়ালৈকে বৰ ফুকনৰ কাৰ্যাৱলীত একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী প্ৰৱণতাই অভিব্যক্তি লাভ কৰা নাছিল।  ৷  তেওঁৰ কাৰ্যাৱলী আত্মৰক্ষা আৰু আত্ম স’ৰক্ষণ মুলক আছিল ৷
লালুসোলা  বৰফুকনে ৰাজমন্ত্ৰী হৈ মইমতালি আৰু দম্ভালি অসহনীয় ৰূপত প্ৰকট  কৰিবলৈ লৈছিল ৷তেওঁ আঁতন   বুঢ়া গোহাঁই আৰু জয়মতী কু্ঁৱৰীক হত্যা কৰোৱাইছিল ৷বুঢ়া গোহাঁইক সলাল বৰগোহাঁইৰ প্ৰধান সদৰ কাৰ্যালয কলিয়াবৰতে হত্যা কৰাইছিল ৷তেতিয়া অৱশ্যে লালুকৰ ভায়েক ভাতধৰাহে বৰফুকন পদত কলিয়াবৰত আছিল ৷এই হত্যাৰ প্ৰতিবাদত ৰাজমন্ত্ৰী লালুসোলা বা ভাতধৰা বৰফুকনৰ বিৰুদ্ধে থিয় হবলৈ  হয়টো লাইথেপেনাৰ শক্তি অকুলন আছিল সলাল বুঢ়াগোহাঁইৰ ক্ষমতাৰে তেওঁ হয়টো অক্ষম আছিল  ৷নাইবা বুঢ়াগোহাঁইৰ ক্ষমতা :আৰু
 প্ৰভুত্ব অন্ত পৰাত তেওঁ
 ভালেই পাইছিল ৷সি যিকি নহওক ;এই বিষয়ে সঠিক তথ্য আৰু প্ৰামাণ্য আলোচনা আগবঢ়াবলৈ আমাৰ হাতত সমলৰ অভাব আৰু ইতিহাস নিৰব ৷জয়মতী লাইথেপেনাৰ জীয়েক আছিল ৷প্ৰশ্ন হয় তেওঁ জীয়েকৰ হত্যাৰ প্ৰতিবাদ বা বাধা প্ৰদান নকৰিলে কিয়?জয়মতীক জেৰেঙা পথাৰত শাস্তি দি থাকোতে তেওঁ (লাইথেপেনা )মোগলক বাধা দিবলৈ সলাল ত আছিলগৈ ৷তেওঁ জয়মতীক শাস্তি দিয়াৰ কথা হয়টো নাজানিছিল বা কোনেও জম দিয়াও নাছিল ৷জানিছিল যদিও শত্ৰুৰ সম্ভাব্য আক্ৰমণ প্ৰতিৰোধ কৰিৰ চিন্তা আৰু কামত ব্যস্ত থাকোতেই সলালৰ পৰা আহি কিবা কৰাৰ উপায় নহল ছাগে ৷লালুকৰ মইমতালি আৰু দম্ভালি যেতিয়া চৰম সীমা পালেগৈ তেতিয়া তেওঁক হত্যা কৰা হ’ল ৷লালুকৰ স্বেচ্ছাচাৰিতা অন্ত পেলোৱাত নিশ্চয় লাইথেপেনাৰ হাত আছিল ৷কাৰণ ইয়াকে নোহোৱাহ’লে গুৱাহাটীৰ ফুকন বিষয়া আৰু ল’ৰাৰজা  সকলোৱে মিলি তেওঁক বৰগোহাঁই পদত অধিষ্ঠিত নকৰিলহেতেন ৷লাইথেপেনা বৰ গোহাঁইয়ে ক্ষমতাতকৈ দেশ আৰু জাতিৰ স্বাৰ্থক আগস্হান দিছিল ৷তেওঁ দেবেৰা বৰবৰুৱা আৰু লালুকৰ দৰে নানা কুমন্ত্ৰণা আৰু ষড়যন্ত্ৰ  কৰি ল’ৰা ৰজাক নিজৰ হাতৰ মুঠিত নি বৰগোহাঁই পদত ৰাজক্ষমতা উপভোগ কৰিব পাৰিলেহেতেন ৷তেওঁৰ তেনে অভিলাষ নাছিল ?আছিল মাত্ৰ দেশ জাতিৰ স্বাধীনতা ৰক্ষাৰ কাৰণে ল’ৰাৰজাক অক্ষম বুলি জানি তেওঁক আঁতৰাই গদাপাণি কো্ৱৰক সাংহাসনত বহুৱাত আগভাগ লৈছিল ৷শেষত কব বিচাৰো যে লাইথেপেনা বৰ গোহাঁঞিৰ বিষয়ে আমাৰ কথা খিনিয়ে নিৰ্ভুল আৰু শেষ মীমাংসা নহয় ৷যোগ্যজনে ইতিহাসৰ বুকুৰপৰা নতুন তথ্য উদ্ধাৰ কৰি তেওঁৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে সুসংহত আৰু পুৰ্ণাঙ্গ ৰূপত আলোচনা আগবঢ়াব বুলি আশা ৰাখিলো (ক্ৰমশ )(সহায়ক গ্ৰন্থ (১)জয়মতী কুঁৱৰী প্ৰথম খণ্ড __--শ্ৰহেম বুঢ়া গোহাঁই 
(২)Atan BuraGohain and His Time 
(৩)ৰজাঘৰীয়া বুৰঞ্জী (৪)অসম দেশৰ বুৰঞ্জী =ড:লক্ষ্মী দেৱী খ্বাম ৰাপ স্মৃতি গ্ৰন্হ(সদৌ অসম বৰ গোহাঞি বংশাৱলী ২০০৪ উদযাপন উপলক্ষে প্ৰকাশিত (মাদুৰি )