Type Here to Get Search Results !

পোন পথ

  - ফখৰুদ্দিন  অাহমেদ,সানোৱা,দৰং,
       দূৰভাষ:8638312707

নাকৰ আগৰ পথটোৱেই পোন পথ
এই পথটোৱেদিয়েই বগুৱা বাই আগুৱাও জীৱনৰ যাত্ৰা পথত
পৃথিবীক সুৰুযৰ খবৰ দিয়া পোহৰো নামি অহা দেখো আমি নাকৰ আগৰ পথটোৰে
জোনাকে জোনৰ খবৰ জোনালীক দিয়াও দেখিছো এই পথটিৰেই
জীৱনৰ যাত্ৰা পথত যেতিয়া আমি এই পথেৰে দ্ৰুত গতিত গমন কৰো আশাৰ পিছত
তেতিয়া সময়ে উপলুঙা কৰি হঁহাও দেখিছো এই নাকৰ আগৰ পথটিত থিয় হৈ
আমি এই পথটিৰে গমন কৰো দ্ৰুত গতিত
এই পথটিৰ অভিধানত  যে মন্থৰ বোলা শব্দটিৰ প্ৰতিশব্দৰ বৰ অভাব
এই অভাববোধৰ তাড়নাত আমি কিছুমানে বহু মহলীয়া অট্টালিকাত বাস কৰো আৰু কটাও বিলাসী জীৱন
কিছুমানে ফুটপাঠৰ ডাষ্টবিনত কাৰোবাৰ উচ্চিষ্ট বিচাৰি চব্বিশ ঘন্টাই কৰে হাহাকাৰ
দোষ কাৰ ?
আমাৰ নাকৰ আগৰ পথটিৰ নহয় জানো!
জীৱনত যৌবনৰ সপোনক একেকাৰ কৰি গঢ়ি তোলা হৃদয়ৰ আত্মীয়তাৰ একমাত্ৰ সম্পৰ্কও অতি নিষ্ঠুৰ ভাবে কেতিয়াবা অপৰাগ হৈ পৰে এই পথটিৰে বিচৰন কৰিবলৈ
এয়া বিফলতাৰ ইতিহাস নহয় এয়া হ'ল আমি এই নাকৰ আগৰ পথটিৰে দ্ৰুত গমনেৰে আশাৰ লগত ফেৰ মাৰি জিকিব নোৱাৰাৰ বিড়ম্বনা
কিন্তু নিৰুপায় আমাৰ যে আৰু অন্য পথ নাই
এই পথটিৰেই আমি অহোৰাত্ৰি কঢ়িয়াই লৈ ফুৰিব লাগিব দয়া, ক্ষমা, মানবতা, ভ্ৰাতৃত্ববোধ আৰু স্নান কৰিবলৈ গমন কৰিব লাগিব শান্তিৰ নিজৰাত
এই পথটিয়েই একমাত্ৰ পোন পথ
যিটো পথ আমাৰ প্ৰত্যেকৰে নাকৰ আগত থাকে
           ~~~~~~~~~~