Type Here to Get Search Results !

অ মোৰ সুৰীয়া গান

সবিতা বৰুৱা 

যোৱা ৰাতি  চাৰে  ন' বজা
ৰাজধানী  ট্ৰেইন খনতেই 
উঠি  আহিছিল এজাক 
     নীলা  চৰাই  ..

মই  ৰৈ  আছিলোঁ উৎকণ্ঠাৰে
 সিহঁতে  ওঁঠত  লৈ 
 অহা  গানটো শুনিবলৈ  !

হঠাৎ  গৰজি উঠা 
    বাৰুদৰ শব্দত, 
গানটো  চিটিকি পৰিল
 সিহঁতৰ ওঁঠৰ পৰা  !

মই  শিয়ালী -জিয়ালী  কৈ
উচুপি  উঠিলোঁ... 
অত দিন হৃদয়ত বাজি থকা 
সুৰটোক  হেৰুৱাই  ....!

এতিয়া মই  বিচাৰিম  ক'ত? 
গছত, বনত নে.... 
তোমাৰ বুকুৰ মাজত  ?