ৰীতা সভাপণ্ডিত
কেনে আছা সখি
কুশলে পাৰ কৰিছানে দিন ৰাতি
অহৰহ
বন্দীত্বৰ স'তে মাথোঁ
নিত্য নতুন সন্ধি…
কেতিয়াবা
বিশাল পৃথিৱীখন চাই
ৰচিচানে সপোন
আলফুলে অন্তৰ উজাৰি
অনাগত দিনকে ধিয়াই ।
মইয়ো আছো
টিক্ টিক্ সময়ৰ বৰষুণত
কৰফাল খাই পৰি,
ৰঙেৰূপে ৰসে
নিতাল মৰা নিশাবোৰত
বিচাৰি ফুৰিছো বুকুৰ খৰিকাজাঁই,
ফুলাবলে মোৰ হৃদয় জুৰাই ।