Type Here to Get Search Results !

ইতিহাসৰ পৰা বৰ্তমানলৈ মহামাৰীৰ আতংক

,-ৰেখাজ্যোতি বৰুৱা  নুনমাটি ,গুৱাহাটী
দূৰভাষ: 9365573653




‌      বৰ্তমান সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে কৰ'না ভাইৰাছে।এই ভাইৰাছ এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতে বিয়পি  মহামাৰী ৰূপ লৈছে।২০১৯ চনৰ শেষৰ ফালে চীনৰ হুৱেই প্ৰদেশৰ উহান চহৰত এই ৰোগ প্ৰথম  দেখা দিয়ে। ইতিহাসৰ পাত লুতিয়ালে দেখা পোৱা যায় যে ইয়াৰ আগতে প্ৰতিটো শতিকাতে সময়ে সময়ে
মানৱ জাতি একোটা মহামাৰীৰ কবলত পৰিছিল আৰু মানৱ জাতি বিপুল ক্ষতিৰ
সন্মুখীন হৈছিল। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)ৰ মতে কৰ'না ভাইৰাছ (কভিড-১৯)আন মহামাৰীতকৈ বেছি ভয়াবহ হৈ পৰিছে। এই ভাইৰাছত আক্ৰান্ত হৈ  ইতিমধ্যে চীন, ইটালী, আমেৰিকা,স্পেইন, কোৰিয়া, ব্ৰাজিল আদি উন্নত দেশ সমূহত লাখ লাখ মানুহ আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে।ভাৰততো
এই ভাইৰাছত বহুলোক আক্ৰান্ত হৈ মৃত্যু
মুখত পৰিছে।অসমো প্ৰভাৱিত হৈছে সাংঘাটিক ধৰণে, বৰ্তমান সমগ্ৰ বিশ্বত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫,৪৩৮,৭৭৮ আৰু মৃত্যুহোৱা লোকৰ সংখ্যা ৩৪৪,৫৮৫।
              এই ৰোগৰ সঠিক চিকিৎসা এতিয়ালৈকে নিৰ্ণয় হোৱা নাই,ই এতিয়াও গৱেষনাৰ পৰ্যায়তে আছে। সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন চেষ্টা চলাই থকা হৈছে। এই মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ আৰু সংক্ৰমণৰ পৰা মানুহে যাতে সকাহ পায় তাৰবাবে সকলো দেশেই উপায় হিচাপে এক কাৰ্যপন্থা হাতত লৈছে,সেইটো হৈছে 'গৃহবন্দী ব্যৱস্থা' (lockdown)। চৰকাৰৰ তৰফৰ পৰাও চাৰিটা লকডাউন ঘোষনা কৰিছে আৰু এই ব্যৱস্থা ফলপ্ৰসূ হ'ব বুলি সৰ্বত্ৰ আশা কৰা হৈছে। হয়তো অতি সোনকালে এই ৰোগৰ
চিকিৎসাৰ বাবে ঔষধ আৱিষ্কাৰ হ'ব, প্ৰতিষেধক ভেকচিন ওলাব। আশা কৰা হৈছে ডিছেম্বৰ মাহৰ আগে আগে ইয়াৰ প্ৰতিষেধক আমাৰ দেশত ব্যৱহৃত হব। সেই পৰ্যন্ত এই ক'ৰ'না ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰাৰ  উপায় হিচাপে সামাজিক দূৰত্ব ৰক্ষা কৰি চলা আৰু গৃহবন্দী ব্যৱস্থা অৱলম্বন কৰা উচিত।
             সম্প্ৰতি কৰ'না ভাইৰাছে বিশ্ব মহামাৰী লৈছে যদিও এনে নহয় যে এইয়া ই প্ৰথম মহামাৰী। ইয়াৰ পূৰ্বেও বিশ্বৰ ভিন ভিন দেশত সময়ে সময়ে ভিন ভিন মহামাৰীয়ে দেখা দিছিল। খ্ৰীষ্টপূৰ্ব ৪৩০ ত গ্ৰীচৰ এথেন্সত হোৱা মহামাৰী টাইফয়দ জ্বৰ। এই ৰোগত দেশখনৰ মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশ লোকৰ মৃত্যু হৈছিল।৫৪১খ্ৰীষ্টাব্দত মিছৰত দেখা দিছিল প্লেগৰোগে। এই ৰোগৰ সংক্ৰমন এন্দুৰৰ পৰা হৈছিল আৰু পৰৱৰ্তী শতিকাসমূহতো ই মহামাৰী ৰূপ লৈছিল। এই ৰোগত কোটি কোটি মানুহৰ মৃত্যু ঘটিছিল।১৩৫০ চনত প্ৰথমে এছিয়াত দেখা দিছিল আন এবিধ ৰোগ ব্লেক ডেথ। এই ৰোগ পৰৱৰ্তী সময়ত ইউৰোপলৈকে বিয়পি পৰি মহামাৰীৰ ৰূপ লৈছিল আৰু বৃহৎ সংখ্যক লোকৰ প্ৰাণ লৈছিল।১৬৬৫ চনত লণ্ডনত দেখা দিছিল দা গ্ৰেট প্লেগ অব লণ্ডন। এই প্লেগ ৰোগত লণ্ডনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশই মৃত্যু মুখত পৰিছিল।১৮১৭ চনত ৰাছিয়াত আৰম্ভ হয় কলেৰা মহামাৰী। পিছলৈ এই ৰোগ ভাৰতকে ধৰি এছিয়া, আমেৰিকা আৰু ইউৰোপলৈ বিয়পি পৰিছিল।কলেৰা মহামাৰী ত গোটেই বিশ্বতে প্ৰায় ২০-২২ লাখ মানুহৰ মৃত্যু ঘটিছিল। তৃতীয় বাৰৰ বাবে প্লেগৰোগে দেখা দিছিল ১৮৫৫ চনত চীনত। পৰৱৰ্তী কালত ই ভাৰতলৈ বিয়পি পৰিছিল আৰু প্ৰায় এক কোটিৰো অধিক লোকৰ প্ৰাণনাশ হৈছিল। ফ্লুৰ জৰিয়তে হোৱা  এবিধ মহামাৰী হ'ল ৰাছিয়ান ফ্লু।চাইবেৰিয়াআৰু কাজাখাস্তানত প্ৰথমে সূত্ৰপাত হৈ এই ৰোগ ইউৰোপৰ আন আন দেশলৈয়ো বিয়পি পৰে। উত্তৰ আমেৰিকা, আফ্ৰিকা লৈয়ো বিয়পি এই ৰোগ মহামাৰী ৰূপ ধাৰণ কৰে আৰু তিনি লাখতকৈয়ো অধিক লোকৰ প্ৰাণনাশ হয়।
১৯১৮ চনত চীনত স্পেনিছ ফ্লু নামৰ এবিধ মহামাৰীয়ে দেখা দিয়ে। পৰৱৰ্তীকালত এই ৰোগ কাম কৰিবলৈ যোৱা চীনা শ্ৰমিকৰ জৰিয়তে আমেৰিকা আৰু ইউৰোপলৈ বিয়পি পৰে। স্পেইনৰ মাদ্ৰিদ চহৰত ৰোগটোৱে ভয়াবহ ৰূপ ধাৰণ কৰিছিল বাবে ইয়াক স্পেনিছ ফ্লু বুলি কোৱা হৈছিল। বিশ্বজুৰি কোটি কোটি মানুহ এই ৰোগত আক্ৰান্ত হৈছিল আৰু কেৱল স্পেইনতে ৮০লাখ মানুহ আক্ৰান্ত হৈছিল। গোটেই বিশ্বতে মৃত্যু হৈছিল প্ৰায় ৫কোটি লোকৰ।
        ১৯৫৭-৫৮ চনত হংকং, চীন, আমেৰিকা আৰু ইংলেণ্ডলৈ বিয়পি পৰা আন এবিধ মহামাৰী হ'ল এছিয়ান ফ্লু। ইয়াৰ প্ৰভাৱত বিশ্বত প্ৰায় এঘাৰ লাখ মানুহৰ মৃত্যু হয়।অকল আমেৰিকাতেই মৃত্যু হয় এক লাখৰো অধিক লোকৰ। 
            প্ৰায় ১০০০০ বছৰৰ পূৰ্বে বৰআই(Small pox) মহামাৰীয়ে দেখা দিছিল ।ইজিপ্তৰ ফাৰাও ৰামছেছ পঞ্চমৰ (Ramses v) মামীৰ দেহত পোৱা ৰঙচুৱা ডাগৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়।বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে ১৯৬৭ চনত প্ৰায় ১৫নিযুত লোক বৰআইত আক্ৰান্ত হয় আৰু দুই নিযুত লোকৰ প্ৰাণহানি হয়।
      ১৯৭৪ চনত হোৱা ভাৰতৰ বৰআই মহামাৰী বিংশ শতিকাৰ এক ভয়ংকৰ মহামাৰী আছিল।১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱা লোকৰ ভিতৰত  বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগৰ লোক সৰ্বাধিক আছিল। সেই সময়ত বিশ্বৰ মুঠ আক্ৰান্ত লোকৰ ভিতৰত বেছি সংখ্যক লোকেই আছিল ভাৰতৰ।১৯৮০ চনৰ মে'মাহত ৩৩ তম বিশ্ব স্বাস্থ্য সন্মিলনীয়ে দাখিল কৰা প্ৰতিবেদন মতে সমগ্ৰ বিশ্বক বৰআই(Small pox) মুক্ত বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও ক'লা জ্বৰ, ইবোলা,চাৰ্চ আদি ভয়াবহ মহামাৰীয়ে যুগে যুগে মানৱ জাতিৰ ক্ষতি সাধন কৰি গৈছে।
          এনেদৰে বিশ্ববাসীয়ে অতীজৰ পৰা মহামাৰীসমূহৰ লগত যুঁজ দি আহিছে। সম্প্ৰতি ২০১৯-২০ চনত মহামাৰী কৰ'না ভাইৰাছ(Covid-19)ৰ পৰা ৰক্ষা পাবলৈ মানৱ জাতিয়ে অহৰহ চেষ্টা চলাই আছে।চৰকাৰ, চিকিৎসক,স্বাস্হ্যকৰ্মীসকলে ৰোগীৰ আৰোগ্যৰ বাবে দেহেকেহে খাটি আছে। সেয়েহে আহক, আমি সকলোৱে অভিজ্ঞ চিকিৎসক, বিশেষজ্ঞ সকলে আগবঢ়োৱা কৰ'না ভাইৰাছ সংক্ৰমনৰ পৰামৰ্শ সমূহ পালন কৰোঁ,সামাজিক দূৰত্ব মানি চলো,নগলে নোহোৱা ঠাইবোৰলৈ গলেও যাতে মুখত মাস্ক পিন্ধিহে বাহিৰ ওলাও। তেতিয়াহে আমি নিজকে বচোৱাৰ লগতে সমাজখনক ,দেশখনক এই ভয়ংকৰ মহামাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰিম। ইয়াৰ বাবে আমাৰ সচেতনতাৰ অধিক প্ৰয়োজন হ'ব।   মুঠতে ই দেশবাসীক বিভিন্ন ধৰণে প্ৰভাৱন্বিত কৰা সময়ত আমি নিজেও সজাগ সচেতন হোৱাটো জৰুৰী হৈ পৰিছে।