Type Here to Get Search Results !

আধাডজন একশৰীয়া গল্প

অজয় বৰুৱা, দৰং* ফোন: 9707730427


১) মিল

      পত্নী প্রমীলাৰ উদাসীনতাত ক্রমাৎ বিৰক্তবোধ কৰা প্রদীপে এদিন পত্নীক কৈয়েই দিলে "তোমাক লৈ মই অলপো সুখী নহয়" ,আৰু প্রত্যুতৰ প্রমীলাই কলে "দেখিছা আমাৰ দুয়োৰে কিমান মিল"।
(২)আদর্শ
         চহৰখনৰ দীঘলীয়া দেৱাল খনত ধূমপান বিৰোধী শ্লোগান "ধূমপান নকৰিব","মদ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক", "No smoking", Cigarette Smoking injurious to health", আদি বেনাৰ লগাই লগাই ভাগৰি পৰা জল্টু আৰু পল্টুই লগত লৈ যোৱা মদৰ টোপোলা দুটা দেৱালখনৰ পিছফালে গৈ খায় আহিল।
(৩)নিৰামিষ ভোজন
        নিৰামিষ ভোজী নির্মলে বিয়া এখনত গৈ মাছ-মাংস, কণী আৰু বিবিধ ব্যঞ্জনেৰে আপ্যায়ন কৰা দেখি ,গৃহস্থই বেয়া পাব বুলি সকলো বিধৰে জুতি লৈ উদৰ পূৰাই খায় আহিল।
(৪)পৰিয়াল পৰিকল্পনা
       "পৰিয়াল পৰিকল্পনা" বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কর্মচাৰী সম্ভুৰাম "এক কন্যা ,দুই ল'ৰাতকৈ বেছি" নীতি পালন আৰু প্ৰমান কৰিবলৈ গৈ দহ বছৰৰ মূৰত দেখিলে তাৰ ল'ৰাৰ সংখ্যা সর্বমুঠ ছয় টা।
(৫)আত্মসংযম
       সুদেষ্ণাৰ আত্ম-সচেতনা আৰু আত্মসংযমৰ ব্যক্তিত্বটো  সমীৰণৰ আগৰ পৰাই প্রিয় আছিল, যিটো তাক লগ পালেই ঘি গলা দি সততে গলি গৈছা।
(৬)ঘোচ
    "নৈতিক চৰিত্ৰ " আৰু  "সৎ  পথত চলা উপায" থকা কিতাপখনৰ পাতটো একে টানে ফালি নিবাৰনে তাত ৫০০ টকীয়া নোট এটা আৰু দুখন তামোল বান্ধি বিচাৰক নৰেশ্বৰক টিপতে দি কানে কানে কৈ আহিল বিহু কুঁৱৰী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা দ্বিতীয় ছোৱালীজনীয়েই মোৰ।