গীতাঞ্জলি দেৱী
ৰূদ্ধশ্বাসেৰে দৌৰা বতাহ জাকে নিতে কঢ়িয়াই আনিছে শগুনৰ ঠিকনা ।
তোমাৰ ওঁঠৰ কঁপনিৰ স'তে এতিয়া মোৰ দৈনিক সহবাস ,
তোমাৰ দুচকুৰ লোটকেৰে মই গঢ়ি তুলিছোঁ মোৰ একান্ত
নিৱাস ।
মই মোক নিজে দফন দিছোঁ ,
কফিনত ভৰাইছোঁ নিজে নিজৰ শৰীৰ ।
মুক্ত উশাহক উৰিবলৈ দি মই জীয়াই ৰাখিছোঁ বন্দী আত্মাক ।
উকিটোৰ বাটত সম্পৰ্কবোৰ হেৰাই গৈ থাকিল । হেৰাই
থাকিল
চিনাকি গাওঁ অথবা চহৰখন ।
যাযাবৰী সময়বোৰ এতিয়া ৰৈ আছে অদৃষ্টৰ শাপত ।