Type Here to Get Search Results !

সম্পাদকীয়

সমালোচনা বোৰ কেনেদৰে গ্ৰহণ কৰিম


আমি দৈনন্দিন  জীৱনত সকলোৱে কৰ্ম দিশেৰে  আগবাঢ়িব লগা হয়। এই কামবোৰ কৰিবলৈ যাওঁতেই বহু সময়ত  অজানিতে বহু ভুল হয়। এই ভুলবোৰৰ বাবে ব্যক্তিগত কামতে বা ৰাজহুৱা কামতে হওঁক কেতিয়াবা বহু জনৰ সমালোচনা সন্মূখীন হ'ব লগা হয়। এনে পৰিস্থিতিত আমি কেনে স্থিতি গ্ৰহণ কৰিম তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ কৰ্মময় জীৱনৰ উত্তৰণ।
   আজি 'সমালোচনা' সমূহ কেনেকৈ গ্ৰহণ কৰিম, এই বিষয়তে কিছু আলোকপাত কৰিব বিচাৰিছো।
 ক)প্ৰথমেই প্ৰতি সমালোচনাক সততাৰে সন্মূখীন হ'ব পৰাকৈ নিজৰ মানসিকতা গঢ়ি তুলিব  লাগিব।
খ) শীতল মগজুৰে সমালোচনা কথাবোৰ সুক্ষ্ম ভাৱে বিশ্লেষণ কৰি চাব লাগিব।
গ) কিছুমান সমালোচনা আমাৰ গ্ৰহণীয় হ'ব আৰু কিছুমান আমাৰ বাবে বৰ্জনীয় হ'ব। 
ঘ) কোনবোৰ গ্ৰহণীয় আৰু বৰ্জনীয় হ'ব ইয়াক বাচি উলিয়াবলৈ আমি সমালোচনাৰ প্ৰকাৰ সমূহ ধৈৰ্যৰে চাব লাগিব। সমালোচনা কৰাৰ উদ্দেশ্য  কি ।
  সাধাৰণতে এটা পক্ষই আন পক্ষক সমালোচনা কৰে তলৰ তিনিটা দিশক লক্ষ্য কৰি-
# এচামে যোগাত্মক ভাৱেৰে আনৰ সংশোধন আৰু উত্তৰণ হোৱাৰ লক্ষ্য কৰি ভুল দিশটোৰ ওপৰত গঠনমূলক  সমালোচনা কৰে।
# এচামে প্ৰতিপক্ষক বিশেষ নেতিবাচক ভাৱেৰে অৰ্থহীনকৈ সমালোচনা কৰি হেয় জ্ঞান কৰিব বিচাৰে।
# এচামে নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ গৈয়ো আনক সমালোচনাৰ লক্ষ্য কৰি লয়।
 ওপৰৰ তিনিটা উদ্দেশ্য ভিতৰত আমি প্ৰথমটো উদ্দেশ্যকে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰো উত্তৰণ হ'ব।
 ঙ) কাম নকৰা মূৰ্তি এটাৰ ভুল নহয় । কিন্তু তেজ-মঙহৰে গঢ়া মানুহৰ ভুল হ'বই ।  এই সময়ত নিজকে হীনমন্যতাত নাৰাখি  এই ভুলৰ মাত্ৰা যিমান পাৰো কমাবলৈ সদায় প্ৰয়াস কৰিব লাগে লগতে যি কোনা ভুল হৈছে বুলি বিবেচিত হলে তাক লগে লগে সংশোধন কৰিবলৈ যত্নপৰ হ'ব লাগে। 
   আহক,  সকলোৱে এনেদৰে সমালোচনাক ইতিবাচক দৃষ্টভংগীৰে গ্ৰহণ কৰি নিজকে উত্তৰণ কৰো আৰু আমাৰ লক্ষ্য প্ৰাপ্তিৰ দিশেৰে আগবাঢ়ো।
   সকলোৱে জীৱনত জয়ী আৰু সুখী হওঁক তাৰেই শুভকামনাৰে ।

অৰুণ কোঁৱৰ
সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী
১/৬/২০২০