Type Here to Get Search Results !

সম্পাদকীয়

সমলয়' ৰ শীৰ্ষ গীতটি আগবঢ়ালো।









গীতৰ কথা মোৰ নিজা
গীতটিত সুৰ আৰু কন্ঠদান কৰিছে
নিৰুপমা দত্ত বাইদেউয়ে-

##সমলয়…সমলয়…সমলয়
সমলয় বৌদ্ধিক যাত্ৰা
প্ৰজ্ঞাৰ সাধনাৰে,
আমি আগুৱাওঁ
আলোকৰ বাটেৰে
আমি আগুৱাওঁ
অসমীৰ আশীষেৰে…।
সমলয়…সমলয়…সমলয়…

অ চেনেহী অসমী আই
তোমালৈ যাঁচো সেৱা সদায়
ভাষা-জননী বেদীত অৰ্পণ
সমলয় পুষ্পেৰে যাঁচো তৰ্পণ।
সমলয়…সমলয়…সমলয়…

আমোঘ মন্ত্ৰ আমাৰ
হওঁক সমন্বয়,
শান্তিৰ কপৌ উৰক
দিগন্ত ধিয়াই।
সমলয়…সমলয়…সমলয়…।

   উক্তগীতটি সমলয় সকলো অনুষ্ঠানতে এতিয়াৰে পৰা পৰিবেশন কৰাৰ ঠিৰাং কৰা হৈছে।

অৰুণ কোঁৱৰ
মুখ্য সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী
১৫/৫/২০২০