Type Here to Get Search Results !

ঋতুৰাজ বসন্ত ::

কানন শৰ্মা,পিয়লি ফুকন নগৰ,চানমাৰী,গুৱাহাটী


ঋতুৰাজ !
ৰৈ আছোঁ মই নঙলামুখত
তোমালৈ বুলি ফুলাম গামোচা,
এধাৰি কপৌফুল
বুকুত গুপুতে সাবতি আলফুলকৈ।
আহ হঠাতে
মোৰ বুকুখনত খামুচি ধৰিলে।
অচীন ৰোগৰ দংশনত আক্ৰান্ত সত্ত্বাৰ
বিষাদৰ লেলিহান অগ্নি গহ্বৰৰত আবদ্ধ তোমাৰ  প্ৰেমৰ প্ৰথম বহাগী মই।
অগ্নি শিখাই আকাশে-বতাহে
পৃথিৱীৰ আৰ্তনাদ শুনি
যৌৱনৰ উতলা ফাগুনৰ তিমিৰ নাসি
দূৰদৰ্শনৰ লুলুপ দৃষ্টি বিনিময়
নিলীম অপৰাজিতাত
জ্বলিছে বিভীষিকা।
বিশ্ব ব্ৰহ্মাণ্ডৰ উজ্বল ভৱিষ্যত
কালিকা লগা সেই পদুম পুখুৰীৰ পাৰত দাৰুন চিৎকাৰ
ফেঁচাৰ চিঞৰ শুনি
তুমি আহিবানে বসন্ত--
অস্তাকাশত ৰক্তবেলি
ওপঙি থকাৰ সংগ্ৰাম ক্ষণত। বগলীজাকৰ অশ্ৰুবণ্যাৰ অন্তৰালত অজস্ৰ ভগ্ন
হৃদয়ৰ গভীৰতাৰলৈ মোৰ লক্ষ্য
বসন্ত তুমি আহিবানে মোক উৎসাহিত কৰিবলৈ
পিচে--জুৰিটিয়ে নবয় আজি
এই বেলি কুলিটিয়েও
নবজায় বীণ ফুতগধূলিত
গধূলিগোপাল ফুলাৰ পৰত।
কৈছিলা যোৱা বেলি
পলাশ ফুলাৰ বতৰত
ৰামধেনুৰ ৰঙেৰে
সজাম তোমাক নিতে
চিফুঙৰ প্ৰাণ উতলা সুৰেৰে
অমীয়া মাধুৰী অধৰত
ভোগজৰাৰ অমৃতধাৰা
ঢালিম নিমিষতে উদয়াদিত্য
নিলোৎপলৰে ঢোলত চাপৰৰ পৃষ্ঠাৰে
আদৰিম হৃদয়ৰ বেদীত।
বসন্ত! মোৰ নয়নাভিৰাম
তুমিওটো জ্ঞাত
বাস্তৱ স্পৰ্শ নহয় অনুকুল
অদৃশ্য শত্ৰুৰ কবলত
অদৃষ্ট বিনাশ জীৱন নিৰ্বাহ
ৰৈ আছা তুমি,ৰৈআছো মই
ৰৈ আছে দিবা-ৰাত্ৰি
ৰৈ আছে মৃত্যুঞ্জয় যাত্ৰী
ৰৈ আছে কালিকা পুৰাণ
ৰৈ আছে গগনচূম্বী অট্টালিকাৰ ধ্বংসাৱশেষ ।মনৰ খিৰিকীৰে দেখিছোঁ
হঠাৎ ভয়ানক প্ৰত্যাহ্বান
যুদ্ধৰ আখৰা সমৰ ক্ষেত্ৰত।
দানবী ঘাতক কৰোনাই
মানবীয় অন্তৰাত্মাক প্ৰহাৰিলে।
ঋতুৰাজ বসন্ত!
আমন্ত্ৰণ ক্ৰমে আহা ধৰালে
নকৰি বিলম্বন প্ৰিয়তম ,
এধাৰি কপৌফুল
নেওচি জাতিকুল
মৰমৰ এনাজৰীৰে দিয়া
কলদিলিয়া খোপাত গুজি
অফুৰন্ত কাব্যিক গুঞ্জনৰ লহৰ তুলি
উৰুৱাই অমানিশাৰ ধূলি।
আহিবা চেনাইটি প্ৰথম প্ৰহৰত
যেতিয়া ফুলিব চম্পা
দূৰত্ব বজাই প্ৰশাসনৰ দায়িত্ব মানি
তেতিয়াহে বহাগী মই
এখনি হৃদয় হৈ
পবিত্ৰ জাহ্নৱীত মিলি যাম
আমাৰ দুয়োৰে নাথাকিব নাম।।