Type Here to Get Search Results !

ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ আহোম ৰাজত্ব ৰ ৰাজনৈতিক পৰিস্হিতিৰ পটভুমিত

দীপজ্যোতি বৰগোহাঞি (মাদুৰি)


স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনৰে পৰা ল’ৰা ৰজাৰ দিনলৈকে স্বৰ্গদেউ সকল (সাতজন বৰ দুৰ্বল আছিল )তেওঁলোকৰ  হাতত ৰাজ্যৰ শাসনৰ  নাছিল বুলিয়েই কব পাৰি৷এই সময়ছোৱাত ডাঙৰীয়া সকলে 
ক্ষমতা আৰু প্ৰভুত্ব নিজৰ ৰাখিবলৈ নিজৰ কাৰণে নিজৰ নিজৰ মনোনীত ৰাজকোঁৱৰ সকলক  ৰজা পাতি লৈছিল ৷স্বৰ্গদেউ সকল  একোজন একোজন ক্ষমতাশালী ডাঙৰীয়াৰ হাতৰ পুতলা আছিল ৷কোনোজন ডাঙৰীয়াই নিজৰ উচ্চ অভিালাষ পুৰণৰ বাবে ৰাজক্ষমতা প্ৰয়োগ কৰিছিল ৷আৰু কোনোজন ডাঙৰীয়াই নিজে ৰজা হোৱাৰ সপোন দেখাছিল ৷ডা-ডাঙৰীয়া সকলৰ এনে অৰীয়া অৰিত লাইথেপেনা বৰ গোহাঁইৰ নিশ্চয় এটা স্হিতি আছিল ৷দেখাযায় যে সলাল গোহাঁই হৈ থাকোতে তেওঁ এজন ডাঙৰীয়া  এজনৰ উদ্দেশ্য যি পৰ্যন্ত্য লৈকে সৎ দেখা পাইছিল সেই পৰ্যন্ত্য লৈকে ডাঙৰীয়া জনৰ লগত আছিল  আৰু যেতিয়াই ডাঙৰীয়া জনে ক্ষমতা হস্তগত কৰি নিজৰ স্বাৰ্থ পুৰণ কৰা দেখা পাইছিল ৷তেতিয়াই সেই ডাঙৰীয়া জনৰপৰা তেওঁ আতৰি আহিছিল ৷ডেবেৰা বৰ বৰুৱাক ক্ষমতাচ্যুত কৰা কাৰ্যত তেওঁ আন আন শৰাইঘটীয়া বিষয়াৰ লগতে বুঢ়াগোহাঁইক সহায় কৰিছিল৷ 
পিছলৈ ছ্যুজিনফা দিহিঙ্জীয়া ৰজাৰ দিনত 
 তেওঁ বুঢ়াগোহাঁই ৰ নিয়ন্ত্ৰণৰ পৰি আঁতৰি অহা যেন অনুমান হয় ৷সেইজনা স্বৰ্গদেউ আৰু বুঢ়াগোহাঁইৰ মাজত হোৱা বিবাদখনত তেওঁ  
যে ৰজাৰ পক্ষত আছিল -সেই কথা তেওঁৰ আচৰণৰ পৰাই প্ৰতীয়মান হয় ৷বুঢ়াগোহাঁইৰ ক্ষমতা আৰু প্ৰভুত্ব দেখি আন আন বিষয়া সকলৰ দৰে তেৱোঁ  নিশ্চয় ভীতিগস্ত আৰু  সন্দিগ্ধ হৈ পৰিছিল ৷প্ৰকৃততে ছুজ্যিনফা
আৰু ছ্যুদৈফা ৰজা বুঢ়াগোহাঁইৰ হাতৰ পুতলা আছিল ৷ড°লক্ষ্মীপ্ৰিয়া দেৱীয়ে লিখিছে "উপৰা উপৰিকৈ কেইবাজনো ৰজাক মন্ত্ৰীসকলে হত্যা কৰা বাবে৷্ছ্যুজিনফাই   এই বিপদৰ পৰাই হাত সাৰিবৰ বাবে মন্ত্ৰী আৰু বিষয়া সকলক তেওঁৰ প্ৰতি অনুগত্য স্বীকাৰ কৰিবলৈ শপত গ্ৰহণ কৰাইছিল ৷আাৰু আদেশ জাৰি কৰিছিল ৷ইয়াতে আতন বুঢ়াগোহাঁই প্ৰভৃতি মন্ত্ৰী সকলে বেয়া পোৱা বাবে প্ৰথমে তেওঁৰো চকু কঢ়াই ঘুণীয়া কৰোৱাইছিল ৷তদৰ পাছত তেওঁক হত্যা কৰা হল ৷(অসম দেশৰ বুৰঞ্জী পৃষ্ঠা ২৭১)এনে আদেশ সামন্তবাদী শাসন ব্যৱস্থাত নীতি ক্ষান বৰ্হিভুত নহয় বা মৃত্যু দণ্ডৰে দণ্ডিত কৰিবলগীয়া আদেশ অপৰাধো নহয় ৷এনে এটা কথাতে ৰজাক হত্যা কৰিব পৰাৰ অৰ্থ হ’ল ৰজাতকৈ বুঢ়াগোহাঁইৰ ক্ষমতা আৰু শক্তিশালী আছিল ৷সলাল গোহাঁইয়ে ৰাজক্ষমতা বশঢ়াগোহাঁইৰ হাতলৈ বাগৰি যোৱা দেখি হয়টো বাধা দিবৰ বাবেই দিহিঙ্গীয়া ৰজালৈ সদায়ৰ হাত আগবঢ়াইছিল ৷
আনকি বুঢ়াগোহাঁইৰ নিজৰ জোঁঞায়েক বৰপাত্ৰ গোহাঁইয়েও গা এৰা দিয়া ধৰণেহে ৰজাৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল ৷বুঢ়াগোহাঁইয়ে ছ্যুদৈফা পৰ্বতীয়া ৰজাৰ দিনত ৰজাৰ অনুমোদন নোলোৱাকৈ বিষয়া ভঙা পতা কৰিছিল ৷ৰজায়ো বুঢ়াগোহাঁইৰ বিৰুদ্ধে
এনে অভিযোগ অনাৰ কথা বুৰঞ্জীত পোৱা যায় ৷আনকি "বৰফুকনৰ পৰিক্ৰমৰ কথা জানি বুঢ়াগোহাঁইয়ে তেওঁকো আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল ৷বৰফুকনে স্বৰ্গদেউলৈ এই বিষয়ে প্ৰাৰ্থনা জনাই কোনো লাভ নাই বুলি জানি বঙ্গ দেশৰ নবাবলৈ চিঠি দি জনালে যে নবাবে৷গুৱাহাটী দখল কৰিব লাগে ৷"বুঢ়াগোহাঁইয়ে একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী প্ৰবণতা প্ৰদৰ্শন নকৰা হ’লে হয়টো বৰফুকনে গুৱাহাটী বঙালক নিদিলেহেতেন ৷পৰ্বতীয়া ৰজাৰ দিনত লাইথেপেনা বৰ গোহাঁইৰ নেতৃত্বত লালুক বৰফুকনক ধৰিবলৈ গ’লেও ৰজা বা বুঢ়াগোহাঁইৰ আদেশতহে যোৱা যেন লাগে ৷প্ৰকৃতাৰ্থত তেওঁ তেতিয়া বুঢ়াগোহাঁইৰ চৰিত্ৰত ফুটি উঠা স্বেচ্ছচাৰী প্ৰবণতাৰ প্ৰতি বিতুষ্ঠ হৈ পৰিছিল যেন লাগে ৷কাৰণ দুই মুনিশিলাৰ  যুদ্ধৰ  পাছত বূঢ়া বৰফুকনৰ হাতত বন্দী হয় ;বৰ গোহাঞি ;বৰপাত্ৰগোহাঁই ;আৰু সলাল গোহাঁইয়ে বিশ্বনাথৰ পৰা আহি যুদ্ধ নকৰি লালুকৰ শিবিৰত যোগ দিছিল হি ৷বৰফুকনে তেতিয়া বৰগোহাঞি ;আৰু বৰপাত্ৰগোহাঁইক কলিয়াবৰত নজৰ বন্দী কৰি থৈছিল ৷কিন্ত  লাইথেপেনাৰ বিৰুদ্ধে বৰফুকনে বিশেষ কাৰ্য 
 ব্যৱস্থা লোৱাৰ কথা ইতিহাসত উল্লেখ নাই ৷তাৰ পৰিবৰ্তে তেওঁ পৰ্বতীয়া ৰজাৰ বিৰুদ্ধে গড়গাঁওলৈ কৰা অভিযানত লাইথেপেনাক সঙ্গী কৰিহে আনিছিল ৷এই কথাৰ পৰাও লাইথেপেনাৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ  উমান পোৱা যায় (সহায় লৈ আগলৈ