Type Here to Get Search Results !

পোনামাছ

-জ্যোস্না শইকীয়া,মংগলদৈ

বাৰিষাৰ আগমন।প্ৰকৃতিৰ কুমলীয়া সাজত মতলীয়া বৰষাজনীয়ে কেতিয়াবা ধাৰাসাৰে কেতিয়াবা ৰিমঝিমকৈ আকৌ কেতিয়াবা কজলা মেঘৰ কাণতাল মৰা প্ৰৱল গৰ্জনৰ সৈতে বৰষিবলৈ ধৰিছে।দ'পথাৰ,খাল,বিল,নৈ,জান-জুৰিত ন'পানীৰে একাকাৰ।খাল, বিল,জান-জুৰিত থকা বুঢ়া মাছবোৰে বুকুত কণী লৈ বিচাৰি ফুৰিছে বোৱতি পানী।বুঢ়া মাছৰ লগতে কণীবোৰ খাবলৈ যে বৰ সুৱাদযুক্ত সেইকথা প্ৰমীলাই ভালদৰেই জানে।গাঁৱৰ সিমূৰত থকা লাহেশ্বৰীক এবাৰ সুধিলেগৈ

প্ৰমীলাঃ লাহেশ্বৰী অ' তোৰ জাকৈ খালৈ আছেনে নাই ? মোৰ হ'লে খালৈহে আছে জাকৈ নাই
লাহেশ্বৰীঃ মোৰ এখন বাক্টানা দিয়া জাকৈ আছে।
প্ৰমীলাঃ যাওঁচোন যাওঁ সেই বেৰৰ মূৰৰ কটা দোৱল দুটাত বুঢ়া মাছ আৰু পোনা মাছ ধৰো গৈ।
প্ৰমীলাঃ যাওঁ ব'লা
আলিটোৰ সিমূৰৰ পৰা আহি থকা হৰেশ্বৰ মণ্ডলে মাত লগালেঃ তহঁত আমাৰ প্ৰমীলা আৰু লাহেশ্বৰী নহ'ৱনে ?এই পোনামাছ আৰু কণীথকা মাছবোৰ ধৰিবলৈ কিহে পাইছে? মীন বিভাগৰ পৰা দোষণীয় বুলি হ'বলা গম নোপোৱা।
প্ৰমীলাঃ হ'ব মণ্ডল দেউতা আজিৰপৰা আৰু পোনামাছ ধৰিবলৈ নাহো যেতিয়ালৈকে ডাঙৰ নহয়। পিছে দলনিত যে হালবোৱাই থকা ডাঙৰ
ডাঙৰ চকাৰ টেক্টৰ কেইখন, সেইকেইখনে হ'বলা মাছবোৰ মাৰি নেপেলায় !!