Type Here to Get Search Results !

পৃথিৱীৰ অসুখ

ৰমেন চন্দ্ৰ ডেকা,চানমাৰী,গুৱাহাটী


মহামাৰী  কৰ'ণাতঙ্কত
পৃথিৱীখন আজি অসুস্হ
কলীয়া ডাৱৰে কৰিছে গোমা
বাসিন্দাসকলৰ দেহ-মনো
হঠাৎ হ'ল স্বৰ্গগামী
বহু দেশৰ বহু লোক
জীৱিত সকলো আজি
মৃতপ্ৰায় হৈ গৃহবন্দী........!
ত্ৰাসত লক্ ডাউন সমগ্ৰ বিশ্ব
চিকিৎসা বিজ্ঞানো আজি পৰাজিত
অকপটে স্বীকাৰ সকলোৰে
গৃহবন্দীত্বই হেনো মহৌষধ।
ভিন্ন ভাষাত সকলোৰে একেই প্ৰাৰ্থনা
মহামাৰী নিপাত যাওক
সুস্হ হৈ উঠক পৃথিৱী
হাহক পূৰ্বৰ দৰেই ........