Type Here to Get Search Results !

পৃথিৱী খনৰ এতিয়া অসুখ


মনীষা শৰ্মা
জালুকবাৰী


পৃথিৱী খনৰ এতিয়া অসুখ
অৱসাদ
অস্থিৰ সময়ে
কান্দিছে আজি
সময়ৰ বেদনা বুজি
বহাগৰ নতুন পুৱাতে
ৰঙালীৰ
ৰঙা বেলিটোক
বুকুতে সাৱটি কৈছে
পৃথিৱী খনৰ এতিয়া অসুখ
কোন সতেনো ৰঙালীৰ
বিহু পাতো?
সময় বোৰত এতিয়া
অসময়ে ডাকিছে
অশান্ত মন....
পৃথিৱী খনৰ এতিয়া অসুখ
নদী ও গতি লোৱা নাই
বৰদলৈচিলা ও মাকৰ ঘৰলৈ
যোৱা নাই
বায়ুতো প্ৰাণ নাই
চৰাইৰো কল্লোল নাই
পৃথিৱী খনৰ এতিয়া অসুখ
মৃত্যুৰ বিভিষিকাৰে
অশান্তিৰ জীয়া জুই
চৌপাশে এতিয়া
যমৰ আট্টহাস্য
হস্পিতালৰ বিচনাত
পৃথিৱী খনৰ এতিয়া অসুখ
নিথৰ হৈ পৰিছে
প্ৰতিটো প্ৰাণৰ যন্ত্ৰনাই
ক্ষণ গণি গণি
জীৱন ঘূৰাই পোৱাৰ
ভগৱানো নিমাত আজি
পৃথিৱী খনৰ এতিয়া অসুখ
আইৰ শিতানত
ক'ৰনাৰ ৰণচালী
আৰু নুসুধিবা সময়ক
অৱসাদ
অস্থিৰ সময়ে
কান্দিছে আজি
পৃথিৱী খনৰ এতিয়া অসুখ