অৰুণ দুৱৰা
খেদি ফুৰিছিল শয়নে সপোনে
খাওঁতে বহোতে ওৰেটো জীৱন,
কাৰণ অকাৰণত স্ফীত হৈ থাকোঁ
সাইলাখ বেলুনৰ দৰে ।
জানিও অৱধাৰিত বিলৈ
তাপ-চাপ অনাকাংক্ষিত দু:সময়ত।
জীৱন যে কি,তাৰ সংজ্ঞাই নুবুজিলো
ধৈৰ্যচ্যুতি সকলোতে
মাথো আকাশত চাং পাতো।
অকল জীয়াই থকাই নে জীৱন
খাবলৈ, শুবলৈ আৰু .......।
পক্ষীয়ে নাচে, পশুৱে নাচে
গছে বনে নাচে,নাচে প্ৰজাপতি
জীৱনে হাঁহে,জীৱনে কান্দে
নাচে মথুৰা পাগ মাৰি
জীৱন উজলে ,জীৱন ভাগে আৰু
তাতেই আছে জীৱন আনন্দ!
তথাপি কিয় খেদি ফুৰে
ক'লা এটি ভৃত অহমিকা বোধে?
ভোগ আনন্দৰ বাবে নে জীৱন,
জীৱন দেশৰ বাবে, জীৱন সমাজৰ বাবে
আদৰ্শ আৰু আৰ্তজনৰ উশাহৰ বাবে ।
জানিও উতলি থাকো
ময়ে গুণী, জ্ঞানী ,ত্ৰিকালদৰ্শী, শ্ৰেষ্ঠ ...,
ভাপ হৈ উৰে পানী
তাপত টেকেলি খালি
মৰো কিয় অহমিকাৰ তাপে?
হে সুহৃদ অজানিতে কেতিয়াবা
আপোনাকো অহমিকাৰ তাপে দহি
মোৰ দৰে কৰিছে নেকি জীৱন বিফল?