পল্লৱ বৰুৱা
দেওমৰনৈ,দৰং
দেওমৰনৈ,দৰং
এই সুন্দৰ পৃথিৱীত মই
জীয়াই থাকিব বিচাৰোঁ
কত সংগ্ৰাম আৰু বিপৰ্যয়ৰ অন্তত
আজি মই মই হৈ থিয় দিছোঁ
জীৱনৰ হেজাৰটা কাইটীয়া পৃষ্ঠা অতিক্ৰমি
মই আজি হাঁহিব শিকিছোঁ
সেয়ে মই এই সুন্দৰ পৃথিৱী এৰি
ক'লৈকো যাব নোখোজো...!
জীয়াই থাকিব বিচাৰোঁ
কত সংগ্ৰাম আৰু বিপৰ্যয়ৰ অন্তত
আজি মই মই হৈ থিয় দিছোঁ
জীৱনৰ হেজাৰটা কাইটীয়া পৃষ্ঠা অতিক্ৰমি
মই আজি হাঁহিব শিকিছোঁ
সেয়ে মই এই সুন্দৰ পৃথিৱী এৰি
ক'লৈকো যাব নোখোজো...!
প্ৰিয় মানুহ আৰু প্ৰিয় প্ৰকৃতি
বুকুত লৈ ফুৰো মই
নদীৰ কাব্যিকতা আৰু
পাহাৰৰ গাম্ভীৰ্যতা
কোনেও নেদেখাকৈ অহৰহ
কঢ়িয়াই লৈ ফুৰো মই ....
বুকুত লৈ ফুৰো মই
নদীৰ কাব্যিকতা আৰু
পাহাৰৰ গাম্ভীৰ্যতা
কোনেও নেদেখাকৈ অহৰহ
কঢ়িয়াই লৈ ফুৰো মই ....
সংগীতময় পখীৰ কলৰৱ
আৰু ধূলিয়ৰি গধূলীৰ
গৰখীয়া বাহীৰ
আজন্ম প্ৰেমিক মই ৷
দুৰ্ভগীয়াজনৰ মুখত মই
হেপাঁহৰ এচমকা পোহৰ হৈ জিলিকো
আৰ্তজনৰ বিপদত মই
হেঙুলী হাইতাল হৈ উঠো...!
আৰু ধূলিয়ৰি গধূলীৰ
গৰখীয়া বাহীৰ
আজন্ম প্ৰেমিক মই ৷
দুৰ্ভগীয়াজনৰ মুখত মই
হেপাঁহৰ এচমকা পোহৰ হৈ জিলিকো
আৰ্তজনৰ বিপদত মই
হেঙুলী হাইতাল হৈ উঠো...!
নিজৰ ভিতৰতেই যেতিয়া
জ্বলি উঠে বাসনাৰ লেলিহান জুই
মই কৰুণাৰে জুমি জুমি চাওঁ
পদপথৰ দাতিত
উৱলিব ধৰা এখন কম্বলেৰে
বুকুত আঢ়ৈ মহীয়া দেৱশিশুটি বান্ধি
শুই থকা কোনো অভাগিনী মাতৃক...!
জ্বলি উঠে বাসনাৰ লেলিহান জুই
মই কৰুণাৰে জুমি জুমি চাওঁ
পদপথৰ দাতিত
উৱলিব ধৰা এখন কম্বলেৰে
বুকুত আঢ়ৈ মহীয়া দেৱশিশুটি বান্ধি
শুই থকা কোনো অভাগিনী মাতৃক...!
সফলতাৰ হিচাপত যদিও মই
সাজিব পৰা নাই
বস্তুবাদৰ কোনো সুউচ্চ সৌধ
কিম্বা ঐশ্বৰ্যৰ মেটমৰা সম্ভাৰ
তথাপি পৃথিৱীৰ বুকুত লালিত
মোৰ হেপাঁহৰ পজাটিত বিচাৰি পাওঁ মই
আনন্দৰ সীমাহীন দীপ্তি
প্ৰাচুৰ্য্যৰ সৰল ছবিটি ...৷
সাজিব পৰা নাই
বস্তুবাদৰ কোনো সুউচ্চ সৌধ
কিম্বা ঐশ্বৰ্যৰ মেটমৰা সম্ভাৰ
তথাপি পৃথিৱীৰ বুকুত লালিত
মোৰ হেপাঁহৰ পজাটিত বিচাৰি পাওঁ মই
আনন্দৰ সীমাহীন দীপ্তি
প্ৰাচুৰ্য্যৰ সৰল ছবিটি ...৷
সেয়ে পলে পলে আহি থকা
হাজাৰ বাধা অতিক্ৰমি হলেও
মই জীয়াই থাকিব বিচাৰোঁ
মোৰ এই ধুনীয়া পৃথিৱীখন এৰি থৈ
মই কেতিয়াও মৰিব নিবিচাৰো
কেতিয়াও মৰিব নোখোজোঁ....৷
হাজাৰ বাধা অতিক্ৰমি হলেও
মই জীয়াই থাকিব বিচাৰোঁ
মোৰ এই ধুনীয়া পৃথিৱীখন এৰি থৈ
মই কেতিয়াও মৰিব নিবিচাৰো
কেতিয়াও মৰিব নোখোজোঁ....৷