হিতেশ নাথ,গৰুখুটি(দৰং
ইংৰাজ কবি লেই হাণ্টৰ কবিতা আবু বেন এধেম (Abou Ben Adhem) শীৰ্ষক কবিতাটিয়ে যি দৰ্শন দাঙি ধৰিছে সেয়া যদি বাস্তৱ ক্ষেত্ৰত গোটেই বিশ্বত প্ৰয়োগ হয় তেন্তে মই ভাৱো মানৱতাৰ জয় হোৱাৰ সমান্তৰালকৈ নিজ নিজ স্থানত প্ৰত্যেক ধৰ্মই শ্ৰেষ্ঠ হৈ থাকিব।সাম্প্ৰতিক সময়ত যি পৰিবেশৰ সৃষ্টি হৈছে তাক হৃদয়ৰ পৰা অনুধাৱন কৰি কবিতাটিৰ মূল কথাখিনি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ-
আবুৱে এদিন ৰাতি মন জুৰ পেলোৱা সপোন এটা দেখি টোপনিৰ পৰা সাৰ পাই উঠিল।জোনাকেৰে ভৰি থকা তেওঁৰ কোঠাটিত পাহমেলা এপাহ ভেঁটফুল যেন দেৱদূত এজনে তেওঁৰ সোণৰ পুথিত কিবা এটা লিখি আছে।আবুৰ বুকুৰ মাজেৰে শান্তিৰ ঢল বৈ আহিল আৰু সাহ কৰি দেৱদূত জনক সুধিলে যে তাত কি লিখি থকা হৈছে ।দেৱদূত জনে মূৰ তুলি চালে আৰু মৌ ভৰা হাঁহি এটিৰে ক'লে যে যি সকলে ভগৱানৰ লগত সম্পৰ্ক ৰাখিছে সেইসকল সুধীগণৰ নাম লিখি আছে।তেতিয়া আবুৱে তেওঁৰ নামটি সেইসকলৰ মাজত আছেনে নাই তৎক্ষণাত সুধিলে।দেৱদূত জনে উত্তৰ দিলে নাইতো পোৱা।আবুৰ মাত হেৰাল যদিও উৎফুল্লিত মন জয় নপৰিল।আবুৱে দেৱদূত জনক অনুৰোধ কৰিলে যে যদিও তেওঁৰ নাম ভগৱানক ভালপোৱা তালিকাত নাই তথাপি সকলো মানুহকে অকৃত্ৰিম ভাৱে ভাল পায় বাবেই নামটি লিখি লওক।দেৱদূত জনে তাকেই কৰিলে আৰু থিতাতে অন্তধাৰ্ণ হ'ল।পিছদিনাখন ৰাতি সেই দেৱদূত জন পুনৰ আহিল ভগৱানৰ স্নেহানুমোদন পোৱা তালিকা খন দেখুৱাবলৈ।বেনুৱে তালিকা খন দেখি আচৰিত হৈ গ'ল কিয়নো তেওঁৰ নামটো ভগৱানক ভালপোৱা সুধীগণৰ তালিকাত প্ৰথমতে আছে।
প্ৰায় দহবছৰ মান আগতে এই কথাখিনি এখন কিতাপত পাইছিলোঁ।কিতাপ খনৰ নাম আৰু লেখকৰ নাম মনত নাই ।কিন্তু তেতিয়াৰ পৰাই হৃদয়ত এই কথাটিয়ে দকৈ
সাঁচ বহুৱাই আহিছে।সময়ে সময়ে যেতিয়া নেদেখা জনৰ বিশ্বাসৰ নামত মানুহৰ মাজত অস্থিৰতাই দেখা দিয়ে তেতিয়াই এই কথাখিনি মনত পৰে।আশা ৰাখিছোঁ এদিন হ'লেও সকলো মানুহ আবু বেন এধেমৰ দৰে হ'ব ।
****