Type Here to Get Search Results !

লোকবিশ্বাস আৰু চিকিৎসাশাস্ত্ৰত তুলসী

দীপশিখা চলিহা,দেওমৰনৈ,দৰং


আটাইতকৈ বেছি অক্সিজেন নিৰ্গত কৰা প্ৰকৃতিৰ অনুপম সৃষ্টি তুলসীক লৈ আজি দেশৰ বিভিন্ন ৰাজ্যত বিবিধ কৃষি উদ্যোগ গঢ়ি উঠিছে। বহুকেইখন ৰাজ্যত তুলসীগছৰ বাগানো গঢ়িছে বহুজনে।  তুলসীগছডালৰ চৌদিশে সদায় স্বাস্থ্যসন্মত পৰিৱেশৰ সুচনা হয় বাবেই ই বিখ্যাত হোৱাৰ অন্যতম কাৰণ। সাম্প্ৰতিক কালৰ জনপ্ৰিয় ৰোগ উচ্চ ৰক্ত চাপ আৰু কলেষ্টৰেল কমোৱাত ই মহৌষধ।আমাৰ দেশত প্ৰাচীন কালৰে পৰা আদা চাহ,তুলসী চাহ আদি খোৱাৰ ইতিহাস আছে। আয়ুর্বেদশাস্ত্ৰত তুলসীক ভেষজৰ অত্যন্ত গুৰুত্বপূর্ণ উপাদান হিচাপে আখ্যা দিয়া হয়। আনকি ইয়াৰ উপকাৰিতাৰ বাবেই তুলসীক ‘কুইন অব হার্ব’ (ঔষধি গাছের ৰাণী) বোলে।স্তন কেন্সাৰ নিয়ন্ত্রণকাৰী, শাৰীৰিক ও মানসিক অবসাদ দূৰীকৰণৰ মহৌষধ হিচাপে জনপ্ৰিয় তুলসীয়ে মস্তিষ্কলৈ অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰে। তুলসীক বৃক্ষ পূজাৰ ভিতৰত শ্ৰেষ্ঠ বুলি মনা হয়। ব্ৰহ্মবৈৱৰ্তপুৰাণত তুলসীক 'সীতাস্বৰূপা', স্কন্ধপুৰাণত 'লক্ষীস্বৰূপা', চৰ্ক সংহিতাত 'বিষ্ণুপ্রিয়া' আনকি ঋকবেদত 'কল্যাণী' হিচাপেও তুলসী পুজিত হৈ আহিছে।
আয়ুৰ্বেদিক ঔষধ তৈয়াৰতো তুলসীৰ ব্যৱহাৰ হয়। তুলসীক ইংৰাজীত হলি বেছিল বোলে, ইয়াৰ বৈজ্ঞানিক নাম Ocimum sanctu।   মানুহৰ ঘৰৰ চাৰি বেৰৰ ভিতৰত থাকিব লাগে বুলিও জনবিশ্বাস আছে । মানুহৰ ঘৰৰ পূৱ দিশত তুলসী গছ ৰুব লাগে আৰু তাৰ গুৰিত সদায় ৰাতিপূৱা পানী দিলে পূণ্য হয় বুলি পৰম্পৰাগত জনবিশ্বাস।অসমীয়া সংস্কৃতিতো তুলসী লক্ষ্মী স্বৰূপা।সেয়ে কাতি বিহুত তুলসী গছ  সকলোৱে  চোতালত ৰুই তাৰ কাষত বন্তি জ্বলায়। তুলসী কেইবাপ্ৰকাৰৰো যেনেঃ কৃষ্ণ বা ক'লা তুলসী শ্বেত বা বগা তুলসী ,বন তুলসী আদি।তুলসীৰ লগত মৌ মিহলাই খালে কাহ ভাল হয়।তুলসী খালে তেজ শুদ্ধিকৰণ হয়।তুলসীৰ ৰসৰ লগত হালধীৰ ৰস মিহলাই খালে উচ্চ ৰক্ত চাপ ভাল হয়। তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিচ ৰোগ ভাল হয়।তুলসীৰ পাতে মুখৰ দুৰ্গন্ধ হ্ৰাস কৰে। তুলসীৰ পাত নিয়মীয়াকৈ খালে ছালৰ উজ্বলতা বাঢ়ে।তুলসীৰ ৰসৰ লগত ঘি মিহলাই খালে বাত বিষৰো উপসম হয় বুলি বিশ্বাস।
আনকি সূৰ্য গ্ৰহন,চন্দ্ৰগ্ৰহন লগাৰ আগতেই যদি কোনো খোৱা বস্তুত তুলসী দি থোৱা যায় তেনেহলে সেই খাদ্য খোৱাৰ বাবে উপযোগী হৈ থাকে বুলিও বিশ্বাস।তুলসী গছে বায়ু বিশুদ্ধ কৰে বুলিও বিজ্ঞানীসকলে প্ৰমান পাইছে।তুলসীৰ গছ থকাৰ ওচৰে পাজৰে মেলেৰীয়া জ্বৰ,প্লেগ আদি  ৰোগ সহজে নহয় বুলিও চিকিৎসাবিজ্ঞানেও বিশ্বাস কৰে।
     
            সংস্কৃতত শ্লোকৰ মতে যাৰ গুনৰ তুলনা নাই সেয়ে তুলসী।শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে সেই ঠাইত বিষ্ণুভক্ত বৈষ্ণৱ আৰু ভগবান বিৰাজ কৰে।তুলসী পাপমোচক আৰু শুভ আৰু পূণ্যদায়িনী তথা নাৰায়নৰ অতি মনোৰঞ্জনকাৰিনী।
           হিন্দু বিচাৰ ধাৰামতে, তুলসীৰ গছ ৰোৱা ঠাইখিনি সদায় পৰিস্কাৰ আৰু পবিত্ৰকৈ ৰাখিব লাগে।যিকোনো ঠাইত তুলসী গছ নহয় বা হলেও মৰি যায়।তুলসী গছ কেতিয়াও গচকিব নাপায় আৰু ঝাৰু বা বাঢ়নী লগাব নাপায় বুলিও লোকবিশ্বাস আছে।