Type Here to Get Search Results !

ল'ক ডাউন আৰু আমাৰ অনুভব

ফখৰুদ্দিন আহমেদ,সানোৱা,দৰং
মোবাইল নং-৮৬৩৮৩১২৭০৭

 আমি কাম কৰি খোৱা মানুহ। নিজৰ জ্ঞান সম্বলেৰে কাৰ্য ক্ৰমনিকা মৰ্মে ব্যস্ত হ'বৰ দিনাখনৰ পৰা আমাৰ বাবে হৈ পৰিছিল ব্যস্ততাই জীৱন ।
        বিগত প্ৰায় এটা বছৰৰ পৰা কৰ্মসুত্ৰে যন্ত্ৰৱৎ হৈ পৰিছো বুলি ক'লেও বঢ়াই কোৱা নহয়।আমাৰ মাইনাজনীৰ অধ্যয়নৰ সুত্ৰ ধৰি মঙ্গলদৈত থাকো। মোৰ কৰ্মক্ষেত্ৰ হ'ল নেৰিমগ্ৰুপ অব্ ইনষ্টিটিউচন্সৰ অধীনস্থ গুৱাহাটীৰ নবীন নগৰত অবস্থিত ডঃ অনিতা বৰুৱা শৰ্মা কলেজ অব্ ইডুকেশ্বন। আমাৰ ৰাতিপুৱা দহ বাজি পোন্ধৰ মিনিটৰ পৰা শ্ৰেণীত পাঠদান।
     নিতৌ ৰাতিপুৱাই শুই উঠি প্ৰাতঃ কাৰ্য সম্পাদন কৰি উঠি প্ৰথমে ৰাতিপুৱাৰ জলপান বনাই একে জুইতে দুপৰিয়া আৰু ৰাতিৰ কাৰনে ভাত তৰকাৰী বনাই মঙ্গলদৈৰ পৰা চাৰে সাত বজাত ওলাই আহি চাৰে আঠ বজাত আমাৰ অতি মৰমৰ গাঁও সানোৱা পাওহি।তাতে কেইটামান খাদ্য মুখে নাকে গুজি মন্দিৰ নগৰী উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ নাইবা মধ্যম খন্ড নাইবা মাজ গাঁও ফেৰি ঘাটেতে গুৱাহাটী পানবজাৰ হৈ কলেজ পাওগৈ প্ৰায় দহ বজাৰ আগে আগে। তাত শ্ৰেণীত সময়মতে পাঠদান কৰি দুপৰীয়া দেৰ বা দুই বজাৰ লগে লগে পুনৰ একেই পথেৰে ওভতনি যাত্ৰাৰে সানোৱা পাওহি চাৰে তিনি বা চাৰি বজাৰ আগে আগে। উত্তৰ গুৱাহাটীৰ ফেৰিঘাটৰ পৰা সাতগাঁও শুক্তাগুৰি চ'কলৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ একা বেকা পথেৰে আহিবলৈ লোৱাৰ পিছ মুহূৰ্ততে আপোনা আপুনি দৌল গোবিন্দ মন্দিৰৰ আধ্যাত্মোকতাই পৰশত দেহ মন শাত পৰি যায়।
     গধুলি সানোৱাৰ পৰা পুনৰ মঙ্গলদৈ যাত্ৰা।ৰাতি চাৰে আঠ বা ন বজাৰ ভিতৰত ভাড়া ৰুম পোৱাৰ পিছত পুনৰ বাত পানী গৰম কৰি খোৱা বোৱা কৰি বিচনাত বাগৰ দিও। এয়া আছিল ল'ক ডাউনৰ আগৰ পুৰ্ব নিৰ্ধাৰিত দিনলিপি।
       কিন্তু কৰ'না ভাইৰাছৰ আতংকত সংক্ৰমনৰ পৰা বাচি থাকিবৰ কাৰনে চলিত বৰ্ষৰ যোৱা  ২২ মাৰ্চত জনতা কাৰ্ফিউ আৰু ২৪ মাৰ্চৰ পৰা প্ৰথম পৰ্যায় , দ্বিতীয় পৰ্যায় আৰু সদ্য ঘোষিত তৃতীয় পৰ্য়ৰ ল'ক ডাউনে সলনি কৰি পেলালে চিৰাচৰিত দিনলিপি। সমগ্ৰ বিশ্বৰ লগতে আমাৰো সলনি হৈ গ'ল দিনলিপি।পুৰনি অভ্যাস আছিল কিছুমান কামত , নকৰাৰ ফলত সেই কামবোৰত বিৰতি পৰিছিল বেয়াকৈ। ল'ক ডাউনৰ প্ৰথম দুদিন মান শুই বহি কটাই তৃতীয় দিনাৰ পৰা এখন ব্যতিক্ৰমধৰ্মী দিনলিপি তৈয়াৰ কৰি ল'লো তলত দিয়া ধৰনে-
   ১) পুৰ্বতে দুই এটা গল্প , কবিতা লিখিছিলো যদিও জীৱন সংগ্ৰামৰ যাত্ৰাত সময় দিব নোৱাৰাৰ বাবে এই কামটো প্ৰায় বাদ পৰি গৈছিল। ল'ক ডাউনৰ সময় পাৰ কৰিবলৈ পোনতে সেই কামটো কৰিবলৈ হাতত কলম তুলি ল'লো। ফলত কৰ'না ভাইৰাছৰ লগত সম্পৰ্কিত কৰি বিগত প্ৰায় এমাহৰ অধিক কালত লিখি উলিয়ালো প্ৰায় বাৰ/তেৰ টা মান প্ৰবন্ধ । কেইখনমান দৈনিক বাতৰি কাকত আৰু মাহিলী আলোচনীলৈ প্ৰকাশৰ বাবে প্ৰেৰন কৰাত কাকত আৰু আলোচনী কৰ্তৃপক্ষই সহৃদয়তাৰে প্ৰকাশ কৰি আমাক উৎসাহিত কৰিলে। তাৰে কেইটিমান প্ৰবন্ধৰ শিৰোনাম উল্লেখ কৰিলো- কৰ'না ভাইৰাছৰে কৰা যুদ্ধত আমি জিকিবই লাগিব, কৰ'না ভাইৰাছ-ইছলাম ধৰ্ম আৰু আমাৰ কৰনীয় , কৰ'না ভাইৰাছৰ নবতম বিকাশঃ মানব সভ্যতালৈ অশনি সংকেত , সাম্প্ৰতিক সময় আৰু তবলীগী জামাত , তবলীগী কাৰ্যৰ প্ৰকৃত উদ্দেশ্য আৰু মুছলমান সমাজত ইয়াৰ প্ৰয়োজনীয়তা ইত্যাদি।
  ২) পুৰ্বৰ দিনবোৰৰ ব্যস্ততাৰ কাৰনে ঘৰত সময় দিব পৰা নাছিলো। ল'ক ডাউনৰ সময়চোৱাত সময় পাৰ কৰিবৰ কাৰনেই হওক বা অন্য কাৰনতেই হওক ঘৰুৱা কিছু পুৰ্ব নিৰ্ধাৰিত কামৰ উপৰিও ৰন্ধা বঢ়া কাম আদিতো সহায় কৰি দিয়াৰ প্ৰয়াস কৰিছো।
    ৩) কিতাপ পঢ়াৰ চখ সৰুকালিৰ পৰাই আমাৰ অত্যন্ত বেছি আছিল। সেয়ে ল'ক ডাউনৰ সময় চোৱাত আমাৰ সংৰক্ষিত কিতাপৰ মাজৰ পৰা কেইখন মান কিতাপ বাছি বাছি উলিয়াই লৈ পঢ়িবলৈ ল'লো। তা্ৰ কেইখন মানৰ নাম দিব বিচাৰিছো-
      ক)কোৰআন বোধ ( পবিত্ৰ কোৰআনৰ অসমীয়া অনুবাদ)
     খ)হজৰত মোহাম্মদ (ছঃ); এক সফল জীৱন (জীৱনী মূলক গ্ৰন্থ)
      গ)চৈয়দ আব্দুল মালিকৰ সুৰুযমূখীৰ স্বপ্ন
      ঘ) চৈয়দ আব্দুল মালিকৰ অপ্ৰকাশিত ৰচনাৱলী আৰু ডায়েৰী
      ঙ) মঙ্গলদৈ বুৰঞ্জী
      চ)হোমেন বৰগোহাঞিৰ কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত
       ছ)চৈয়দ আব্দুল মালিকৰ সত্যৰ পথেৰে শান্তিৰ ৰথেৰে মুক্তিৰ জয়য়াত্ৰা
       জ)চৈয়দ আব্দুল মালিকৰ ধন্য নৰ তনু ভাল
        ঝ)আৰবীয় সাহিত্যৰ বুৰঞ্জী
       ঞ) ডঃ অমৰেন্দ্ৰ নাৰায়ন দেবৰ নাহৰফুটুকী আৰু অন্যান্য
         কিতাপৰ পৃষ্ঠাৰ মাজত ডুব দি থকাৰ অনন্য অনুভবে আমাক জীৱনটো নতুনকৈ উপলব্ধি কৰিবলৈ বাৰুকৈয়ে শিকালে।
         ৪) সীমিত পৰিসৰৰ ভিতৰতেই বিভিন্ন সংস্থা আৰু ব্যক্তিগত মানুহে আৰ্তজনক আগবঢ়োৱা সাহায্যৰ বিতৰন কাৰ্যসুচীত ভাগ লৈ স্বৰ্গীয় সুখ লাভ কৰিলো। সুখ যে বিচাৰিলে পোৱা বস্তু নহয় ই যে সময়ত নিজে নিজেই মানহৰ হাতত ধৰা দিয়েহি তাক অন্তকৰনেৰে উপলব্ধি কৰিলো।
         ৫) পৃথিবীখন গতানুগতিক ভাবে চলি থকা সময়ত বহুতো হিতাকাংখীয়ে প্ৰায়েই ভাল বেয়াৰ খবৰ বাতৰিবোৰ লৈছিল আৰু কিছুমান হিতাকাংখীয়ে বিপদে আপদেহে খবৰ বাতৰি লৈছিল। ল'ক ডাউন এটি মহাবিপদ। এই বিপদত দিনত প্ৰথম শ্ৰেনীৰ হিতাকাংখী সকলৰ খবৰ বাতৰি ল'বলৈ সময় নাই কিন্তু বিপদ আপদৰ দিনৰ হিতাকাংখী সকলে নিজৰ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। এয়া আমাৰ ব্যক্তিগত অভিজ্ঞতা আৰু দুই এজনে উপায়বিহীন হৈ কৰা প্ৰত্যক্ষ বৰ্ননাৰ ভিত্তিত হে দাঙি ধৰা হৈছে।
         ৬) ল'ক ডাউনৰ সময়ত দহ টকীয়া বিস্কুটৰ পেকেট এটি নিজৰ কনমানি জীয়ৰী জনিক তিনিদিন ধৰি কিনি দিব নোৱাৰি আমাৰ ওচৰত এজন কাপোৰৰ ফেৰি কৰা ব্যবসায়ীয়ে আমাৰ সমূখত হুক হুকাই কান্দি দিছিল। এয়া এক অনাকাংখীত আৰু দুৰ্লভ অভিজ্ঞতা। সেই ব্যক্তিজনৰ অসম চৰকাৰৰ যোগান বিভাগৰ ৰাষ্ট্ৰীয় সুৰক্ষা খাদ্য আঁচনিৰ অধীনত ৰেচন কাৰ্ড নথকাৰ পিছতো গাঁও পঞ্চায়তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত ৰেচন কাৰ্ড নথকা লোকক দিয়া এককালিন এহেজাৰ টকাৰ তালিকাত তেওৰ নামটো সন্নিবিষ্ট হোৱা নাছিল। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অনুমোদন দিয়া এনে হেজাৰ বিজাৰ আঁচনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিৰ গলাধকৰন হৈ আছে।এনে মহামাৰীৰ দিনতো সকলোবিলাক ৰাজনীতিকৰন কৰি সমাজখনক ধ্বংশৰ পথলৈ লৈ গৈ থকাতো আমাৰ সমাজৰ ভাবে বিপদজনক হৈ পৰিছে।
         ল'ক ডাউন হয়তো দেৰিকৈ হ'লেও নোহোৱা হ'ব , কিন্তু ল'ক ডাউনৰ জৰিয়তে প্ৰকৃতিয়ে মানব জাতিক দিয়া শিক্ষা মানব জাতিৰ চিৰদিন মনত থাকিব।
        আমাৰ কাৰনেও ল'ক ডাউনৰ সময়চোৱা নেতিবাচক নহৈ ইতিবাচক হৈ পৰিছে। আমি প্ৰকৃতিক অলপো আহৰি নিদি সকলোবোৰ মানব জাতিৰ বুলিয়েই ধৰি লৈছিলো। প্ৰকৃতিয়ে কৰ'না ভাইৰাছৰ সংক্ৰমনৰ জৰিয়তে এনে এক বাতাবৰনৰ সৃষ্টি কৰিলে যাৰ মাজেৰে পৃথিবীখন যে কেৱল মানুহৰ উপভোগৰ বাবে নহয়, সকলো সৃষ্টি জীৱৰেই উপভোগৰ বাবে এই কথা শিকাই দিলে।